Logo
image

সুদিনৰ প্ৰতীক্ষাত ভাৰতীয় ফুটবল

বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাৰ নীতি-নিৰ্দেশনা অমান্য কৰা দেশবোৰে তাৰ পৰিণাম ভোগ কৰিবলগীয়া হয়৷ ইয়াৰ শেহতীয়া উদাহৰণ হৈছে ভাৰত৷ ফিফাৰ নিৰ্দেশাৱলীমতে নিৰ্বাচন অনুষ্ঠিত নকৰা আৰু তৃতীয় পক্ষৰ অনাহক হস্তক্ষেপৰ বাবে নিলম্বিত কৰা হৈছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনক৷ এই শাস্তিমূলক ব্যৱস্থাৰ পাছত ভাৰতীয় ফুটবল সন্মুখীন হ’বলগীয়া হৈছিল অনিশ্চিত ভৱিষ্যতৰ৷ ফিফাৰ পৰা স্পষ্টভাৱে কোৱা হৈছিল যে ফুটবল ফেডাৰেশ্বনৰ কাম-কাজ চোৱাচিটাৰ দায়িত্ব দিয়া তিনিজনীয়া প্ৰশাসক কমিটীখন ভংগ কৰি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কমিটী এখনক সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ দায়িত্ব অৰ্পণ নকৰালৈকে নিলম্বন উঠাই লোৱা নহয়৷ ফিফাৰ এই সিদ্ধান্তৰ পাছত দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ পৰা যথেষ্টখিনি তৎপৰতা দেখুওৱা হৈছিল৷ ফিফাই বিচৰা ধৰণেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ সেই অনুসৰি উচ্ছতম ন্যায়ালয়ে প্ৰশাসক কমিটীখন ভংগ কৰাৰ লগতে নিৰ্বাচনৰ নতুন দিন ঘোষণা কৰে৷ শেহতীয়া এই ঘটনা প্ৰৱাহৰ পাছত ফিফাই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা নিলম্বন উঠাই লোৱাৰ সম্ভাৱনাও বৃদ্ধি পালে৷ উল্লেখ্য, অক্টোবৰত ভাৰতত  ১৭ বছৰৰ অনূধবৰ্ ছোৱালীৰ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা  আৰু নিলম্বন উঠাই লোৱা নহ’লে ভাৰতে টুৰ্নামেণ্টখন আয়োজনৰ স্বত্ব হেৰুৱাবলগীয়া হ’ব৷ কেৱল সেয়াই নহয়, ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দল আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কোনো ক্লাবে কোনো  প্ৰতিযোগিতাত ভাগ ল’ব নোৱাৰিব৷ স্বাভাৱিকতে ভাৰতীয় ফুটবল আৰু খেলুৱৈৰ বাবে এয়া দুৰ্ভাগ্যৰ বিষয়৷ পূৰ্বে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ নিৰ্বাচনৰ দিন স্থিৰ কৰা হৈছিল ২৮ আগষ্ট৷ সেইমতে, নিৰ্বাচনৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰা হৈছিল আৰু মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰা হৈছিল৷ কিন্তু উচ্ছতম ন্যায়ালয়ে ফুটবল ফেডাৰেশ্বনৰ নিৰ্বাচনৰ দিন কিছুদিন পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে৷ নতুন সূচী অনুসৰি নিৰ্বাচন অনুষ্ঠিত হ’ব ২ ছেপ্টেম্বৰত আৰু সেইপৰ্যন্ত ফুটবল ফেডাৰেশ্বনৰ কাম-কাজ চোৱাচিটাৰ দায়িত্ব দিয়া হৈছে ভাৰপ্ৰাপ্ত সচিবপ্ৰধান সুনন্দ ধৰক৷

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যস্ততা বৃদ্ধি পোৱাৰ সময়তে ফেডাৰেশ্বনৰ পৰৱৰ্তী সভাপতি কোন হ’ব সেই বিষয়টোক লৈ যথেষ্ট চৰ্চা চলিছে৷ একাংশ প্ৰাক্তন ফুটবলাৰে ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াক সভাপতি হিচাপে বিচাৰিছে৷ ফুটবল ফেডাৰেশ্বনৰ পৰৱৰ্তী সভাপতিজন ফুটবলৰ সৈতে জড়িত ব্যক্তি হ’ব লাগে বুলি ভূটীয়াই পূৰ্বৰ পৰাই মত প্ৰকাশ কৰি আহিছে৷ পূৰ্বৰ ঘোষণা অনুসৰি হ’বলগীয়া নিৰ্বাচনৰ বাবে ভূটীয়াই ইতিমধ্যে মনোনয়ন পত্ৰও দাখিল কৰিছিল৷ এজন প্ৰাক্তন ফুটবলাৰ হিচাপে ভূটীয়াৰ ফুটবলৰ যিমান জ্ঞান আছে, তালৈ চাই তেওঁ যে ফেডাৰেশ্বনৰ সভাপতি পদৰ বাবে যোগ্য তাত সন্দেহ নাই৷ কিন্তু ভূটীয়াৰ উপৰি ফুটবল ফেডাৰেশ্বনৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাত আগ্ৰহ প্ৰকাশ কৰিছে আন কেইবাজনো ব্যক্তিয়ে৷ তেওঁলোকৰ মাজত অন্যতম হৈছে প্ৰাক্তন গ’লৰক্ষৰ কল্যাণ চৌবে৷ গুজৰাট ফুটবল সন্থাৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৪৫ বছৰীয়া চৌবেৰ ফুটবল প্ৰশাসনৰ অভিজ্ঞতাও আছে৷ ফুটবলৰ পৰা অৱসৰ লোৱাৰ পাছত দুবছৰ তেওঁ মোহন বাগান একাডেমীৰ লগতে আন যুৱ কল্যাণ আঁচনিত জড়িত আছিল৷ ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়া চৌবেই কলকাতাৰ মাণিকতালা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাও কৰিছিল৷ বাইচুং ভূটীয়া আৰু কল্যাণ চৌবে যদি ফুটবল ফেডাৰেশ্বনৰ সভাপতি পদৰ বাবে পৰস্পৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয়, তেন্তে সেই প্ৰতিদ্বন্দ্বিতা আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে৷ দুয়োজনেই যিহেতু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ, ৰাষ্ট্ৰীয় ফুটবল প্ৰশাসক হিচাপে তেওঁলোক সফল হ’ব বুলিয়ে আশা কৰিব পাৰিব৷ ভূটীয়া আৰু চৌবেৰ লগতে সভাপতিৰ নিৰ্বাচনৰ বাবে আৰু কেইজনমানে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে যদিও মূল যুঁজখন ভূটীয়া আৰু চৌবেৰ মাজতে হোৱাৰ সম্ভাৱনা আছে৷ ফুটবল বিশেষজ্ঞসকলৰ মতে, সম্ভাব্য এই যুঁজখনত চৌবেৰ সম্ভাৱনা কিছু বেছি বুলি ক’ব পাৰি৷ এইক্ষেত্ৰত চৌবে বিজেপিৰ সমৰ্থক হোৱাটো প্লাছ পইণ্টো হ’ব পাৰে৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ পৰৱৰ্তী সভাপতি যিয়েই নহওক কিয়, দেশৰ ফুটবলৰ মান উন্নত কৰা আৰু খেলুৱৈৰ অভাৱ-অভিযোগবোৰত গুৰুত্ব দিব বুলি আশা কৰিছে ফুটবলপ্ৰেমীয়ে৷ বিগত সময়ত ভাৰতীয় ফুটবলৰ মান কিছু হ’লেও উন্নত হৈছে৷ ফেডাৰেশ্বনৰ দায়িত্ব ল’বলগীয়া নতুন কমিটীখনে এই ধাৰা অব্যাহত ৰখাটোৱে হৈছে সকলোৰে কাম্য৷