Logo
image

যান-বাহন নিয়ন্ত্ৰণৰ নতুন ব্যৱস্থা

গুৱাহাটী মহানগৰীৰ নাগৰিকে যান-বাহন আইন নমনাৰ ফলতেই যান-জঁটৰ সৃষ্টি হোৱাৰ উপৰি দুৰ্ঘটনাও সংঘটিত হৈ আহিছে৷ হেলমেট নিপিন্ধাকৈ মটৰ বাইক চলোৱা আৰু ছীটবেল্ট নমৰাকৈ গাড়ী-মটৰ চলোৱা লোকক জৰিমনা বিহাৰ নিয়ম কৰাৰে পৰা এতিয়া অন্তত মটৰ বাইক চলোৱাসকলে হেলমেট পিন্ধা কৰিছে আৰু গাড়ী-মটৰৰ চালকে ছীটবেল্ট মৰাৰ অভ্যাস কৰিছে৷ কিন্তু এতিয়াও গুৱাহাটী মহানগৰীত নাগৰিকে পথৰ নীতি-নিয়ম মানি যান-বাহন নচলায়৷ ফলত বিভিন্ন সময়ত অনাকাংক্ষিত দুৰ্ঘটনাত বহুজনে অকাল মৃত্যুক আঁকোৱালি লয়, নতুবা জীৱনলৈ ঘুণীয়া হয়৷ গুৱাহাটী মহানগৰীত ওলোটা দিশৰ পৰা নিয়ম ভংগ কৰি বাহন চলাই অহা লোকৰ সংখ্যাও কম নহয়৷ আনকি পদপথেৰেও বাহন চলাই পথচাৰীক নগুৰ-নাকটি কৰে৷ ইফালে বাইক ষ্টাণ্ট কৰা এচামৰ সন্ত্ৰাস আছেই৷ তদুপৰি মহানগৰীত চলাচল কৰা চিটীবাছ আৰু মেজিক চালকসমূহে পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম উলংঘা কৰি যান-বাহন চলোৱাৰ অভিযোগ পুৰণি৷ মহানগৰীত টেম্প’ চলোৱাৰ অনুমতি নাই যদিও আজিও বহু পথত চলি আছে টেম্প’৷ ই সম্ভৱ হৈছে আৰক্ষী আৰু পৰিবহণ বিভাগৰ এচাম দুৰ্নীতিপৰায়ণ লোকৰ বাবে নহয়নে? চিটীবাছ আৰু মেজিকৰ বাবেও অযথা যান-জঁটৰ সৃষ্টি হয়৷ মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ পৰিবহণ বিভাগ আৰু যান-বাহন নিয়ন্ত্ৰণ কৰা আৰক্ষীয়ে চেষ্টা কৰি আহিছে যদিও সফল হ’ব পৰা নাই৷ গুৱাহাটীৰ প্ৰতিটো পথত যান-জঁটৰ সমস্যাই গুৱাহাটী মহানগৰীৰ নাগৰিকক অতিষ্ঠ কৰি তুলিছে৷ যান-বাহন নিয়ন্ত্ৰণৰ পদক্ষেপ হিচাপে মঙলবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন ট্ৰেফিক মেনেজমেণ্ট ব্যৱস্থাৰ শুভাৰম্ভ কৰে৷ গুৱাহাটী স্মাৰ্টচিটী প্ৰকল্পই ৭৮.৪৪ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ ৯৪টা স্থানত চিচিটিভি কেমেৰাৰে যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ  প্ৰথম পৰ্যায়ত মঙলবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নেপালী মন্দিৰৰ পৰা খানাপাৰালৈ জিএছ ৰোডত সংস্থাপিত ২০টা স্থানৰ পৰা নতুন ট্ৰেফিক মেনেজমেণ্ট ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে৷ যান-বাহন নিয়ন্ত্ৰণৰ নতুন ব্যৱস্থাই মহানগৰীত যান-জঁট হ্ৰাস কৰাৰ উপৰি দুৰ্ঘটনাৰ পৰিমাণো হ্ৰাস কৰিব বুলি আশা কৰা হৈছে৷ এবছৰৰ ভিতৰত গুৱাহাটীৰ প্ৰায়বোৰ ঠাইতে এনে চিচিটিভি কেমেৰা স্থাপন কৰি যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে যান-বাহন আৰক্ষীৰ চাপো কিছু হ্ৰাস পাব৷ পূৰ্বতে পথৰ নীতি-নিয়ম উলংঘা কৰি যান-বাহন চলোৱা বহু লোকে ৰাজনৈতিক ক্ষমতা বা উচ্ছ পদমৰ্যাদাৰ ক্ষমতা অপব্যৱহাৰ কৰি ওলোটাই যান-বাহন আৰক্ষীকে ধমকি দিছিল৷ এনে লোকে নিয়ম ভংগ কৰিও জৰিমনা দিয়া নাছিল৷ এতিয়া যিহেতু পথৰ নিয়ম ভংগকাৰীৰ ম’বাইল ফোনলৈ নিয়ম ভংগ কৰাৰ কিছু সময় পাছতে জৰিমনা আদায়ৰ মেছেজ আহিব, সেয়ে নতুন ব্যৱস্থাই নীতি উলংঘাকাৰী সকলোকে জৰিমনা ভৰিবলৈ বাধ্য কৰাব৷ প্ৰথম অৱস্থাত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰোপ কৰা নীতি উলংঘাকাৰীক জৰিমনা বিহাৰ ব্যৱস্থা কৰা নাই যদিও পৰৱৰ্তী পৰ্যায়ত এইসমূহো নিয়ন্ত্ৰণৰ আউটিলৈ আহিব৷ যান-বাহন নিয়ন্ত্ৰণৰ নতুন ব্যৱস্থাই চৰকাৰৰ ৰাজহ আদায়ৰ পৰিমাণ নিশ্চয় বৃদ্ধি কৰিব৷ অৱশ্যে, গুৱাহাটী মহানগৰীত ৰাজহ আদায়ৰ উদ্দেশ্যে যদিও যান-বাহন নিয়ন্ত্ৰণৰ নতুন ব্যৱস্থা কৰিছে, তথাপি যান-জঁট হ্ৰাস পোৱাৰ আশা নাই; কিয়নো মহানগৰীত যান-বাহন পাৰ্কিঙৰ পৰ্যাপ্ত ব্যৱস্থা নাই৷ পথৰ দুয়োকাষে যান-বাহন ৰখোৱাৰ ফলত গাড়ী-মটৰৰ চলাচলত অসুবিধাৰ সৃষ্টি হয়৷ সেয়ে চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমে পথৰ দুয়োকাষে যান-বাহন ৰখোৱাটো বন্ধ কৰি ঠায়ে ঠায়ে পাৰ্কিঙৰ ব্যৱস্থা কৰিলেহে নাগৰিকে কিছু সকাহ পাব আৰু যান-জঁট কমিব৷ তদুপৰি গুৱাহাটী মহানগৰীৰ নাগৰিকসকলো যান-বাহন চলোৱাৰ সময়ত ৰাস্তাৰ নীতি-নিয়ম সম্পৰ্কে সচেতন হোৱাৰ উপৰি য’তে-ত’তে গাড়ী ৰখাই বজাৰ-সমাৰ কৰাৰ অভ্যাস এৰিব লাগিব৷ নাগৰিক সচেতন হ’লেহে মহানগৰীৰ যাত্ৰা নিৰাপদ হ’ব আৰু যান-জঁট হ্ৰাস পাব৷