মাতৃভাষাঃ অসম চৰকাৰৰ প্ৰতাৰণা
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ইংৰাজী ভাষাৰ পৃষ্ঠপোষকতাৰ বিষয়টো সমগ্ৰ ৰাজ্যখন নহয়, এতিয়া দেশতেই চৰ্চাৰ বিষয় হৈ পৰিছে৷ আচলতে শিক্ষা এক ৰাজ্যিক বিষয় হিচাপে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ স্থানীয়-আঞ্চলিক তথা মাতৃভাষা মাধ্যমেৰে শিক্ষা দিয়াৰ বাবে দায়বদ্ধ হৈ থাকে৷ স্বৰাজোত্তৰ ভাৰতৰ ভিতৰত অসমীয়া মাতৃভাষাই যিমান লাঞ্চনা-গঞ্জনা ভোগ কৰিবলগীয়া হৈছে, ভাৰতৰ কোনো মাতৃভাষাৰ ক্ষেত্ৰত এনে হোৱাৰ নজিৰ নাই৷ আমাৰ কাষৰ পশ্চিম বংগলৈয়ে যদি চোৱা যায়, তেতিয়া হ’লে দেখা যায় যে বাংলা ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে চৰকাৰে নিজা উদ্যোগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে, যাৰ বাবে আজি বাংলা ভাষা সমগ্ৰ বিশ্বতে প্ৰসাৰিত হৈছে৷ আনহাতে, আজি অসম চৰকাৰে অসমীয়া ভাষাক ধবংস কৰিবলৈ উঠিপৰি লাগিছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ইতিহাসতেই নিশ্চয় দীৰ্ঘতম শিক্ষামন্ত্ৰী হিচাপে অভিলেখ গঢ়িব৷ তৰুণ গগৈ মন্ত্ৰীসভাৰ দিনৰ পৰা সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভালৈ সুদীৰ্ঘ কাল শিক্ষামন্ত্ৰী থকা অৱস্থাতো ইংৰাজী ভাষাৰ পোষকতা কৰাটো সৰ্বজনবিদিত৷ অসমক নেতৃত্ব দিয়া ব্যক্তিসকলেই যদি নিজৰ সন্তানক আন ভাষাত শিক্ষা দিয়ে, অসমৰ বাহিৰত শিক্ষা দিয়ে, তেন্তে সেইসকলে ৰাজ্যখনৰ কথা, ভাষা-সংস্কৃতিৰ কথা কেনেকৈ ভাবিব পাৰিব৷ শেহতীয়াকৈ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত অসমত যে চৰকাৰী শিক্ষাব্যৱস্থা সম্পূৰ্ণৰূপে ধবংস হৈ যাব, সেইটো নিশ্চিত হৈ পৰিছে চৰকাৰৰ শেহতীয়া কাম-কাজতে৷ প্ৰথমেই চৰকাৰে এফালৰ পৰা মাতৃভাষা বিদ্যালয়বোৰ বন্ধ কৰাৰ পদক্ষেপ লৈছে, দ্বিতীয়তে, সমষ্টিয়ে সমষ্টিয়ে চি বি এছ ইৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ নিজৰ মাতৃভাষাটোক নিন্দা কৰি বিদেশী ভাষা এটাক বৰঘৰত সোমাবলৈ দিয়া কাৰ্যই অসমৰ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ জাতীয় দল-সংগঠনৰ পৰা আৰম্ভ কৰি জাতি-জনগোষ্ঠীয় সাহিত্য সভাসমূহলৈকে সকলোৱে চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷ কেৱল ইমানেই নহয়, এতিয়া হঠকাৰী সিদ্ধান্তৰ বাবেই চৰকাৰৰ নিজৰ ভিতৰতে মত পাৰ্থক্য স্পষ্ট হৈ পৰা দেখা গৈছে৷ এ বি ভি পি নামৰ বিজেপিৰ ছাত্ৰ সংগঠনে চৰকাৰৰ সিদ্ধান্ত বিৰোধিতা কৰা আৰু এই কাৰ্যত এজন মন্ত্ৰীয়ে অনাহূত বিতৰ্ক কৰাৰ বাবে চৰকাৰৰ সহযোগী সংগঠনটো জাঙুৰ খাই উঠিছে৷ চৰকাৰে লোৱা এই সিদ্ধান্ত যে এক হঠকাৰী সিদ্ধান্ত, অসমবিৰোধী সিদ্ধান্ত সেই কথা প্ৰতিজন বিবেকৱান লোকেই কোৱা আৰম্ভ কৰিছে৷ চৰকাৰে আন দলৰ লগতে এই বিষয়ে অসম জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিৰ লগতো আলোচনা কৰিবলৈ বাধ্য হৈছে৷ আজি অসমত জাতীয় বিদ্যালয়ে নিজ মাতৃভাষাত শিক্ষা দি এক নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে অসমত জাতীয় বিদ্যালয়ৰ শিক্ষাই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে৷ এই সময়ছোৱাৰ ভিতৰত সমগ্ৰ অসমত জাতীয় বিদ্যালয়ে এক আন্দোলনৰ ৰূপ লৈছে৷ যি সময়ত চৰকাৰে মাতৃভাষা বেয়া বুলি এখনৰ পাছত আন এখন বিদ্যালয় পাইকাৰি হাৰত বন্ধ কৰাৰ ব্যৱস্থা কৰিছে, সেই সময়ত গাঁৱে-ভূঞে জাতীয় বিদ্যালয়ৰ শিক্ষাই জোৱাৰ আনিবলৈ সক্ষম হৈছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ মন্ত্ৰীসভাৰ সেইবোৰ উদাহৰণ চাবলৈ সময় নাই৷ অসমীয়া জাতীয়তাবাদৰ মূল ভেটিটো ধবংস কৰাৰ চক্ৰান্তত থকা চৰকাৰে পাহৰি গ’ল নিজ চৰকাৰেই লোৱা নতুন ৰাষ্ট˜ীয় শিক্ষানীতিৰ কথা৷ নতুন শিক্ষানীতিত শিশুক মাতৃভাষাত শিক্ষা দিয়াৰ বিষয়েই নীতি নিৰ্ধাৰণ কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে স্পষ্ট ভাষাত কৈছে যে ‘ইংৰাজী প্ৰীতিয়ে নষ্ট কৰিছে ভাৰতৰ ৯৫ শতাংশ মেধা’৷ তেওঁ সেয়ে স্পষ্ট ভাষাত মাতৃভাষা মাধ্যমত শিক্ষা দিয়াৰ বাবে পৃষ্ঠপোষকতা কৰিছে৷ একেখন চৰকাৰৰে দুজন মন্ত্ৰীৰ মাজত এই বৈপৰীত্যই আচলতে কি সূচায়? ড॰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ শিক্ষামন্ত্ৰীজন এজন সংগ্ৰামী আৰু জাতীয় সংগ্ৰামৰ নেতৃত্বদায়ী ব্যক্তি হোৱাৰ পাছতো ড॰ শৰ্মাৰ শ্ৰুতলিপি মতে কাম কৰিবলৈ যোৱাৰ বাবেই আজি অসমৰ বাবে অতি বিড়ম্বনাৰ বিষয় হৈছে৷ সেয়ে এতিয়াও সময় আছে চৰকাৰে নিজৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অসমৰ ক্ষেত্ৰত চৰকাৰী দায়বদ্ধতা প্ৰকাশ কৰাৰ৷ অন্যথা স্কুটী-মটৰচাইকেলৰ ৰাজনীতিয়ে ড॰ শৰ্মাক যুগমীয়া কৰাৰ সুযোগ নিদিয়ে৷






