Logo
image

যোগাসনেৰেও নিয়ন্ত্ৰণ কৰিব পাৰি উচ্ছ ৰক্তচাপৰ সমস্যা

অনিয়মীয়া জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভাস, অত্যধিক কামৰ হেঁচা অথবা মানসিক উদ্বেগৰ ফলত বহুতেই উচ্ছ ৰক্তচাপৰ সমস্যাত ভোগে৷ ফলত এনে লোকসকল চিকিৎসকৰ কাষ চাপিবলগীয়া হয়৷ কিন্তু, দৰৱ খালেই যে চিৰদিনৰ বাবে ৰক্তচাপৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় সেই ধাৰণাও সঠিক নহয়৷ এনে ক্ষেত্ৰত যোগাসনৰ সহায় ল’ব পাৰে৷ যোগাসনৰ জৰিয়তেও উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল কোনবোৰ যোগাসনে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে–

[১] পশ্চিমোত্তাসনঃ এই আসন কৰিবলৈ হ’লে প্ৰথমে চিৎ হৈ শুই দুয়োখন হাত মূৰৰ দুপিনে ওপৰলৈ ৰাখক৷ ভৰি দুখন একলগ কৰি ৰাখিব৷ এইবাৰ লাহে লাহে উঠি বহি লৈ সন্মুখৰ পিনে হাউলি দুহাতেৰে ভৰিৰ বুঢ়া আঙুলি দুটা স্পৰ্শ কৰক৷ দুয়ো ভৰিত কপাল স্পৰ্শ কৰাৰ চেষ্টা কৰক৷ কিছুসময় এই ভংগীত থকাৰ পাছত লাহে লাহে স্বাভাৱিক অৱস্থালৈ উভতি আহক৷ 

[২] শবাসনঃ এইবিধ আসন কৰিবলৈ সহজ যেন লাগিলেও এই আসনৰ বাবে মানসিক স্থিৰতাৰ  প্ৰয়োজন৷ শবাসনৰ বাবে চিৎ হৈ শুই দুয়ো ভৰি দীঘলকৈ মেলি দিয়ক৷ হাত দুখন শৰীৰৰ দুয়োফালে সংলগ্ন কৰি ৰাখক৷ হাতৰ তলুৱা শিথিল কৰি ৰাখিব৷ এইবাৰ দুয়োটা চকু বন্ধ কৰক৷ কিছুসময় এনেদৰে থকাৰ পাছত লাহে লাহে উঠি বহক৷ এই আসনে মন আৰু মগজু শান্ত ৰখাত সহায় কৰে৷

[৩] বলাসনঃ যোগাসন সমূহৰ ভিতৰত বলাসনক আটাইতকৈ আৰামদায়ক আসন বুলি কোৱা হয়৷ ইংৰাজীত এইবিধ আসনক ‘চাইল্ডছ প’জ’ বুলি কোৱা হয়৷ এই আসন কৰিবলৈ হ’লে প্ৰথমে বজ্ৰাসন কৰাৰ দৰে বহি লওক৷ হাত দুখনেৰে প্ৰণাম কৰাৰ ভংগিৰে সন্মুখৰ পিনে হাউলি বহাৰ চেষ্টা কৰক৷ এইবাৰ লাহে লাহে উশাহ লৈ এৰক৷ এনেদৰে কিছুসময় কৰাৰ পাছত স্বাভাৱিক অৱস্থালৈ উভতি আহক৷

    এইকেইটা আসন নিয়মীয়াকৈ কৰি থাকিলে কেইদিনমানৰ ভিতৰতে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ হ’বলৈ আৰম্ভ কৰিব৷ মন ৰাখিব যোগাসন ভুল পদ্ধতিৰে নকৰিব৷