Logo
image

৯৬ বছৰ ধৰি সদায় একে খাদ্য খায় ৰাণী এলিজাবেথে

বয়স ৯৬৷ কিন্তু বয়স মাথোঁ এটা সংখ্যাহে, বয়সে কাবু কৰিব পৰা নাই তেওঁক৷ আজিও দক্ষতাৰে চম্ভালিছে ইংলেণ্ডৰ ৰাজ সিংহাসন৷ ক’ভিডতো আক্ৰান্ত হৈছিল তেওঁ৷ কিন্তু ক’ভিড অতিমাৰীকো জিনি তেওঁ লাভ কৰিলে স্বাভাৱিক জীৱন৷ ৯৬ বছৰতো বয়সক কাবু কৰি কিদৰে ইংলেণ্ডৰ ৰাণী এলিজাবেথে বৰ্তাই ৰাখিছে নিজৰ ফিটনেছ৷ ৰাণীৰ ফিটনেছৰ গোপন ৰহস্য ফাদিল কৰিছে বৃটিছ ৰাজ পৰিয়ালৰ প্ৰাক্তন ৰান্ধনি ডেৰেণ মেকগ্লেভিয়ে৷ বৃটিছ ৰাজ পৰিয়ালৰ ৰান্ধনিজনে জানিছিল ৯০ৰ দেওনা পাৰ হৈও ৰাণী সুস্থ সবল হৈ থকাৰ ৰহস্যৰ আঁৰত লুকাই আছে এলিজাবেথৰ দৈনিক খাদ্যাভাষ৷ তেওঁ আৱিষ্কাৰ কৰিছিল যে ৰাণীয়ে সুৰুৰে পৰা যি ধৰণৰ খাদ্য গ্ৰহণ কৰিছিল জীৱনৰ ভাটিবেলাতো তাৰ পৰিৱৰ্তন হোৱা নাই৷ কি সেই খাদ্য তালিকা? যি ৯৬ বছৰ বয়সতো ৰাণীক সুস্থ-সবল কৰি ৰাখিছে৷ 

মেকগ্লেভিয়ে জানিছিল প্ৰত্যেক দিনাই পুৱাই ৰাণীয়ে প্ৰথমে চেনিবিহীন একাপ আৰ্লগ্ৰে চাহ খায়৷ লগত থাকে ভিন্নস্বাদৰ কুকিজ৷ পুৱাৰ চাহ কাপৰ [গ্ৰীণ টিৰ] পাছতে ৰাণীয়ে বিশেষ ধৰণৰ কনফ্লেক্স আৰু টোষ্ট দি পুৱাৰ জলপান গ্ৰহণ কৰে৷ ৰাণী এলিজাবেথে ফলমূল খাই বৰ ভাল পায়৷ বিশেষকৈ বেৰীজাতীয় ফল ৰাণীৰ বৰ পছন্দ৷ পুৱাৰ খাদ্যৰ লগত কেতিয়াবা কেতিয়াবা ফলো থাকে ৰাণীৰ খাদ্য তালিকাত৷ মধ্যাহ্ন ভোজনত ৰাণীয়ে প্ৰ’টিনযুক্ত আহাৰ গ্ৰহণ কৰে৷ কাৰ্বহাইড্ৰেড থকা খাদ্য ৰাণীক সাধাৰণতে দিয়া নহয়৷ পালেং শাকৰ লগত ছামন মাছৰ এটি ৰন্ধন ৰাণীৰ বিশেষ প্ৰিয়৷ তদুপৰি  গ্ৰিলড ছিকেন [খৰিকাত দিয়া মুৰ্গীৰ মাংস] আৰু ছালাডো থাকে ৰাণীৰ খাদ্য তালিকাত৷ বিয়লি ভাগত একাপ চাহ খাই ৰাণীয়ে৷ কেতিয়াবা লগত থাকে  ছেণ্ডুইছ, ষ্টবেৰী জাম৷ নৈশ আহাৰত ৰাণীয়ে শৰ্কৰাযুক্ত খাদ্য গ্ৰহণ কৰে৷ নিশাৰ সাজত সাধাৰণতে থাকে গ্ৰিলড ফিছ [খৰিকাত দিয়া মাছ] আৰু ছালাড৷