Logo
image

পাইলটে চলাব কংগ্ৰেছ, দলত বিদ্ৰোহ

এইবাৰ দল এৰিলে গোলাম নবীয়ে

আমাৰ অসম, ২৭ আগষ্টঃ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ হৈ থাকোতেই দলৰ ভিতৰত বিজেপিৰ এজেণ্ট বুলি পৰিচিত হৈ পৰা গোলাম নবী আজাদে অৱশেষত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে৷ জি-২৩ৰ অন্যতম বিক্ষুব্ধ নেতা হিচাপে আখ্যা পোৱা দলটোৰ অন্যতম বিদ্ৰোহী কংগ্ৰেছী গোলাম নবী আজাদে দীৰ্ঘদিন কংগ্ৰেছ কৰিও অৱশেষত বিজেপিৰ নিৰ্দেশত, ঘাইকৈ নৰেন্দ্ৰ মোদীৰ পৰামৰ্শত কংগ্ৰেছ দলৰ পৰা গৰিষ্ঠসংখ্যক শীৰ্ষ সদস্যক দল ভাঙি আঁতৰাই নিবলৈ চেষ্টা কৰিও ব্যৰ্থ হোৱা বুলি কংগ্ৰেছ দলে অভিযোগ কৰিছে৷ সেই প্ৰচেষ্টাত ব্যৰ্থ হৈয়েই অৱশেষত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছে৷ অৱশ্যে পদত্যাগ কৰোতে শীৰ্ষস্থানীয় কংগ্ৰেছী নেতাজনে দলৰ অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীলৈ পাঁচ পৃষ্ঠাৰ এখন পদত্যাগ পত্ৰ দিছে, য’ত তেওঁ ৰাহুল গান্ধীক অকৰ্মণ্য বুলি অভিহিত কৰিছে আৰু জ্যেষ্ঠ নেতাৰ গুৰুত্ব নথকা তথা ৰাহুল গান্ধীৰ অকৰ্মণ্যতাৰ বাবেই দল এৰি যোৱা বুলিও মন্তব্য কৰিছে৷ পিছে দিল্লীৰ ৰাজনীতিৰ অলিন্দ্যত প্ৰচাৰ হৈছে আন এক তথ্য৷ সম্প্ৰতি বিদেশত থকা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে বিদেশযাত্ৰাৰ পূৰ্বেই ৰাজস্থানৰ নেতা শচীন পাইলট কংগ্ৰেছ দলৰ পৰৱৰ্তী কাৰ্যকৰী সভাপতি হ’ব বুলি একপ্ৰকাৰ সিদ্ধান্ত দি গৈছিল৷ গোলাম নবী আজাদকে ধৰি দলটোৰ বৰ্ষীয়ান সদস্যসকলে সেই সিদ্ধান্তত তীব্ৰ বিৰোধিতা কৰিছে৷ মুঠতে ২৩ জন বৰ্ষীয়ান কংগ্ৰেছী নেতাই  দলৰ আভ্যন্তৰীণ নিৰ্বাচন আৰু সভাপতি নিৰ্বাচন গণতান্ত্ৰিকভাৱে হ’ব লাগে বুলি প্ৰায় দুবছৰ পূৰ্বে শীৰ্ষ নেতৃত্বলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল৷ তাৰ অন্যতম স্বাক্ষৰকাৰী আছিল গোলাম নবী আজাদ৷ এতিয়া কংগ্ৰেছে দলৰ শীৰ্ষ পদবীত যুৱ নেতাক অধিষ্ঠিত কৰিবলৈ ওলোৱাৰ লগে লগে এই বৰ্ষীয়ান কংগ্ৰেছীসকল অসন্তুষ্ট হৈ পৰিছে৷ ইয়াৰ পূৰ্বে জি-২৩ ৰ অন্তৰ্গত আন দুজন আগশাৰীৰ নেতা কপিল ছিবাল আৰু অশ্বিনী কুমাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল৷ বৃহস্পতিবাৰে দলৰ পৰ্যৱেক্ষক কমিটীৰ মুৰব্বীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে হিমাচল প্ৰদেশৰ নেতা আনন্দ শৰ্মাই৷ অচিৰেই তেওঁ দল এৰি বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ হৈছে৷ নিৰ্বাচনীমুখী হিমাচল প্ৰদেশত আনন্দ শৰ্মাৰ  এই কাৰ্যত কংগ্ৰেছ বিপদত পৰিছে৷ কংগ্ৰেছে দলটোৰ সাংগঠনিক দিশটো সম্পূৰ্ণ নতুনভাৱে গঠন কৰি যুৱ নেতাক দায়িত্ব দিবলৈ ওলোৱাৰ লগে লগে নিজৰ সান্দহ খোৱা বালি তল যোৱা যেন দেখি ছিবাল আৰু অশ্বিনী কুমাৰৰ দৰে এতিয়া দেশৰ ৰাজনীতিত শলঠেকত পৰি থকা কংগ্ৰেছ এৰিছে সমগ্ৰ ৰাজনৈতিক জীৱনত কংগ্ৰেছৰ পৰাই সকলো সা-সুবিধা পাই থকা গোলাম নবী আজাদে৷ অৱশ্যে কংগ্ৰেছৰ হাইকামাণ্ডে শচীন পাইলটক ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ দায়িত্বও অৰ্পণ কৰিব পাৰে৷ ৰাজ্যত সেই অনুসৰি খবৰ প্ৰচাৰ হৈছে৷ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী বিদেশৰ পৰা উভতি অহাৰ পাছতহে সেই বিষয়ে নিশ্চিত সিদ্ধান্ত হ’ব৷ 

জম্মু-কাশ্মীৰৰ সংখ্যালঘু নেতা গোলাম নবী আজাদে পদত্যাগ কৰাৰ লগে লগে শুকুৰবাৰে জম্মু-কাশ্মীৰৰ আৰু ছজন কংগ্ৰেছী নেতাই পদত্যাগ কৰিছে৷ আজাদৰ সমৰ্থনত পদত্যাগ কৰা নেতাসকল হ’ল– গোলাম মহম্মদ ছাৰুৰী, হাজী আব্দুল ৰচিদ, মহম্মদ আমিন ভাট, গুলজাৰ আহমেদ ৱানি, চৌধুৰী আক্ৰম মহম্মদ আৰু ছালমান নিজামী৷ কোৱা হৈছে গোলাম নবী আজাদে জম্মু-কাশ্মীৰত এটা পৃথক ৰাজনৈতিক দল গঠন কৰিব৷ তেওঁৰ সেই সিদ্ধান্তও বিজেপিৰ নিৰ্দেশতে হোৱা বুলি প্ৰকাশ হৈছে৷ ২০২০ চনত ৰাজ্যসভাৰ সদস্য পদৰ কাৰ্যকাল শেষ হোৱাৰ পাছত কংগ্ৰেছে তেওঁক পুনৰ ৰাজ্যসভালৈ প্ৰেৰণ নকৰিলে৷ তাৰ বহুদিন আগৰে পৰা গোলাম নবী আজাদে বিজেপিৰ সৈতে গোপন সম্পৰ্ক ৰাখি থকাৰ অভিযোগ উঠিছিল৷ কংগ্ৰেছে তেওঁৰ প্ৰতি গুৰুত্ব কমাই দিয়াৰ লগে লগে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সাক্ষাৎ কৰি গোলাম নবী আজাদে বিজেপিত যোগদানৰ চেষ্টা চলাইছিল৷ পিছে ৰাজধানীৰ খবৰ মতে মোদী আৰু অমিত শ্বাহে তেওঁক বিজেপিত যোগদান কৰাৰ পৰিৱৰ্তে জম্মু-কাশ্মীৰত পৃথক ৰাজনৈতিক দল গঠন কৰিবলৈ পৰামৰ্শ দিয়ে৷ ইয়াৰ উদ্দেশ্য হ’ল জম্মু-কাশ্মীৰত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত গোলাম নবী আজাদৰ দলৰ জৰিয়তে নেশ্যনেল কনফাৰেন্স আৰু পিডিপি দলৰ আসন হ্ৰাস কৰা৷ চৰ্চা অনুসৰি মোদী আৰু শ্বাহে দিয়া সেই নিৰ্দেশ পালন কৰিয়েই গোলাম নবী আজাদে কংগ্ৰেছ এৰিছে আৰু নতুন দল গঠন কৰিব বুলি ঘোষণা কৰিছে৷ 

কংগ্ৰেছৰ আন এজন আগশাৰীৰ নেতা জয়ৰাম ৰমেশে  পোনপটীয়াকৈ বিজেপিৰ নিৰ্দেশতে গোলাম নবী আজাদে এনে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে৷ তেওঁ কৈছে যে ইতিপূৰ্বে আজাদে বিজেপিৰ সৈতে থকা আবেগিক গোপন সম্পৰ্ক বিভিন্ন কাৰ্যৰে প্ৰকাশ কৰিছিল৷ তেওঁৰ যেতিয়া ৰাজ্যসভাৰ কাৰ্যকাল শেষ হৈছিল, সেইদিনা তেনেই অস্বাভাৱিক আচৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত উচুপি উঠিছিল৷ লগে লগে প্ৰতীয়মান হৈছিল আজাদ আৰু বিজেপিৰ গোপন সম্পৰ্কৰ কথা৷ ইয়াৰ উপৰি একাধিক সময়ত আজাদৰ কাৰ্যকলাপে বিজেপিৰ সৈতে থকা তেওঁৰ গোপন সম্পৰ্ক উন্মোচিত কৰিছিল৷ পিছে শুকুৰবাৰে তেওঁ পদত্যাগ কৰাৰ সময়ত সমস্ত দোষ ৰাহুল গান্ধীৰ ওপৰত জাপি দিয়ে৷ ৰাহুল গান্ধীয়ে ইউপিএ চৰকাৰৰ দিনত ডঃ মনমোহন সিঙৰ নেতৃত্বত গ্ৰহণ কৰা এটা সিদ্ধান্তৰ চৰকাৰী অধ্যাদেশখন মুকলিভাৱে সংবাদ মেলত ফালি পেলোৱাৰ পৰাই কংগ্ৰেছৰ অধঃপতন আৰম্ভ হৈছিল বুলি তেওঁ পদত্যাগপত্ৰত উল্লেখ কৰিছে৷ তেওঁ লিখিছে– ‘কংগ্ৰেছ দলৰ সম্পূৰ্ণ দলীয় নিৰ্বাচনী প্ৰক্ৰিয়াটোৱেই এটা প্ৰহসন৷ দেশৰ ক’তো সংগঠনৰ কোনো পৰ্যায়ত নিৰ্বাচন নহয়৷ সকলোকে গান্ধী পৰিয়ালে মনোনীত কৰে৷ এটা দল সদায় গান্ধী পৰিয়ালৰ অধীনত চলিব নোৱাৰে৷ যোৱা আঠ বছৰ যি দলক নেতৃত্ব দিছে তেওঁ এজন অপৰিণত ব্যক্তিত্ব৷ তেওঁ হৈছে ৰাহুল গান্ধী৷ দলৰ চিন্তা কৰিবলৈ তেওঁৰ সময় নাই৷ কৰিলেও তেওঁৰ চিন্তা অপৰিণত৷ ৰাহুল গান্ধীয়ে দলৰ সিদ্ধান্ত নলয়৷ কংগ্ৰেছৰ সিদ্ধান্ত লয় ৰাহুল গান্ধীৰ ছিকিউৰিটি গাৰ্ড বা পি এই৷’