Logo
image

মদে কিদৰে লিভাৰৰ ক্ষতি কৰে জানিলে শিহৰিত হ’ব

যকৃত বা লিভাৰ বেয়া হোৱাৰ এটা অন্যতম কাৰণ হৈছে অত্যধিক মদ্যপান৷ মদৰ বাবে যেতিয়া লিভাৰৰ ক্ষতি হয় তেতিয়া তাক এলক’হল লিভাৰ ডিজিজ বুলি কোৱা হয়৷ উল্লেখ কৰা হ’ল এলক’হল বা মদৰ বাবে  লিভাৰ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰাথমিক লক্ষণ আৰু কেনেদৰে এলক’হলে লিভাৰৰ ক্ষতি কৰে–

◾যকৃত বা লিভাৰে শৰীৰৰ বিষাক্ত পদাৰ্থসমূহ নষ্ট কৰে৷ এলক’হল বা মদ পান কৰাৰ ফলত লিভাৰত থকা বিভিন্ন এনজাইমক এলক’হলে নষ্ট কৰে৷ লিভাৰৰ ক্ষমতাতকৈ বেছি মদ পান কৰিলে লিভাৰ ক্ষতিগ্ৰস্ত হ’বলৈ ধৰে৷ ইয়াৰ ফলত লিভাৰত চৰ্বি বৃদ্ধি হোৱা আৰম্ভ হয়৷ পৰিণতিত টিছুসমূহৰ ক্ষতিসাধন হ’বলৈ ধৰে৷ এলক’হলৰ ফলত লিভাৰ বা যকৃতৰ সমস্যা আৰম্ভ হ’লে প্ৰাথমিক অৱস্থাত কোনো উপসৰ্গই দেখা নিদিয়ে৷ যাৰ বাবে ধাৰণাই কৰিব পৰা নাযায় যে এলক’হলে লিভাৰৰ কিমান ক্ষতি কৰিছে৷ এলক’হলৰ বাবে লিভাৰ বা যকৃত বেয়াকৈ ক্ষতিসাধন হ’বলৈ ধৰিলে লিভাৰ ফুলিবলৈ আৰম্ভ কৰে৷ যাক লিভাৰ এনলাৰ্জ হোৱা বুলি কোৱা হয়৷ ইয়াৰ ফলত পেটৰ ওপৰত সোঁফালে অস্বস্তি, ক্লান্তি, ক্ষুধা হ্ৰাস, বমি ভাৱ বা বমি হ’ব পাৰে৷ 

◾এলক’হল ফেটি লিভাৰ ডিজিজ কিঃ 

এলক’হলিক ফেটি লিভাৰ ডিজিজক হেপাটিক ষ্টেট’চিছ বুলিও কোৱা হয়৷ যকৃত বা লিভাৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰিলে এই ৰোগ হয়৷ অত্যধিক মদ্যপান কৰাৰ ফলত লিভাৰত সৃষ্টি হোৱা চৰ্বি গলাত ব্যাঘাট জন্মে৷ ফলত চৰ্বি যকৃতত জমা হ’বলৈ ধৰে৷ যিসকলে অত্যধিক মদ্যপান কৰে তেওঁলোকৰ এলক’হলিক ফেটি লিভাৰ ডিজিজ হোৱাটো  অস্বাভাৱিক নহয়৷ জানি থোৱা ভাল যে এলক’হলিক ফেটি লিভাৰ ডিজিজ হ’লে কোনো উপসৰ্গই দেখা নিদিয়ে৷ 

   যিসকলে অত্যধিক মদ্যপান কৰে তেওঁলোকে যদি বেছি ক্লান্তি অনুভৱ কৰে তেন্তে চিকিৎসকৰ কাষ চপাটো ভাল৷ এলক’হলিক ফেটি লিভাৰ ডিজিজ হ’লে কোনো কাৰণ অবিহনে দেহৰ ওজন হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ অৱশ্যে কিছুদিন যদি মদ খোৱাৰ পৰা আঁতৰি থাকিব পৰা যায় তেন্তে এই সমস্যা নিৰাময় হয়৷