
প্ৰমোদ বড়োৰ সন্মুখত অলেখ প্ৰত্যাহ্বান
এক সু-পৰিকল্পিত, জনমুখী আঁচনি হাতত লৈ ৰাইজৰ কাম কৰিব লাগিব বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে৷ অৱশ্যে ৰাইজৰ কাম কৰিবলৈ যাওঁতে তেওঁ কেবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ প্ৰমোদ বড়ো এজন সংগ্ৰামী নেতা৷ বড়ো জাতিৰ সমস্যাকলৈ তেওঁ দীৰ্ঘদিন ধৰি মাত মাতি আহিছে৷ তেওঁ প্ৰত্যক্ষভাৱে ৰাজনীতিলৈ অহা নাই, আহিছে তৃণমূল পৰ্যায়ৰ পৰা সংগ্ৰাম কৰি৷ তেওঁ বড়োৰ লগতে অবড়োৰ কথাও চিন্তা কৰি কাম কৰিলে মই ভাবো ভাল হ’ব৷ কাৰণ তেওঁ পৰিৱৰ্তনৰ কথাকৈ আহিছে৷ তেওঁৰ পৰিৱৰ্তনমুখী যাত্ৰাক লৈ আমি আশাবাদী৷ কিয়নো তেওঁৰ এটা সুকীয়া স্থিতি আছে৷ ইমান বছৰে বি টি চিত চৰকাৰী কাম-কাজৰ পদ্ধতি নীতি-নিয়মৰ মাজত চলা নাই৷ বিষয়াৰ পৰা কৰ্মচাৰীলৈকে সকলোকে শুদ্ধ পথত নিয়াটো প্ৰমোদ বড়োৰ বাবে বৃহৎ প্ৰত্যাহ্বান হ’ব৷ পূৰ্বৰ বিষয়াসকল নীতি-নিয়ম নোহোৱাকৈ কাম-কাজ কৰাত অভ্যস্ত হৈ গৈছে৷ আগতে কাম-কাজৰ কোনো নীতি-নিয়ম নাছিল, প্ৰত্যক্ষভাৱে কাম কৰিছিল৷ ফলত বহু আঁচনিয়ে ৰাইজক ঢুকি পোৱা নাই৷ ঠিকাদাৰৰ ওপৰত ভিত্তি কৰি আঁচনি গ্ৰহণ কৰিছিল৷ মই ভাবো নতুন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰত্যেক বিভাগত সৰ্বদিশতে শুদ্ধতা, নীতি-নিয়মৰ মাজেৰে কাম-কাজ কৰা, জিলা বা মহকুমা পৰ্যায়ত আঁচনি ঠিৰাং কৰা আদি কাৰ্যব্যৱস্থা ল’বলৈ যাওতে নিশ্চয় অলেখ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব৷ আওপুৰণি কেন্দ্ৰীভূত আঁচনিৰ ক্ষেত্ৰত অভ্যস্ত বিষয়াৰে তেওঁ মুখামুখি হৈ শুদ্ধতাৰে কাম কৰিলে মই ভাবো ভালেই হ’ব৷ বিত্তীয় বিশৃংখলতা প্ৰমোদ বড়োৰ বাবে আন এক সমস্যা হৈ দেখা দিব৷ বিটিচিত এতিয়া বাৰ্ষিক অঁচনিৰ [এচ অ’ পি ডি] ৩ হাজাৰ কোটিতকৈও বেছি টকাৰ খেলি-মেলি হৈছে৷ প্ৰত্যেক বছৰে পাৰিষদে কেন্দ্ৰৰ পৰা লাভ কৰে ৬৫০ কোটি টকাকৈ৷ কিন্তু ২০১৬ চনৰ পৰা বিগত ৪ বছৰত ৪২১ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিব পৰা নাই কেন্দ্ৰক৷ এইবোৰ ঠিক কৰিবলৈ গ’লে নতুন আঁচনি গ্ৰহণত বাধাৰ সৃষ্টি হ’ব৷ কিয়নো অহা ৫ বছৰৰ বাৰ্ষিক পৰিকল্পনাৰ ধন খৰচ কৰি থৈছে কতৃৰ্পক্ষই৷ এইবোৰ ঠিক কৰি ব্যৱহাৰিক প্ৰমাণ পত্ৰ দাখিল নকৰিলে ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব৷ বেছিভাগ বিটিচিৰ ধনেই খেলি-মেলি আৰু অপব্যৱহাৰ হৈছে৷ ৰাইজক আঁচনি, সামগ্ৰী দিয়াৰ নামত খাম-খেয়ালি আছেই৷ গতিকে এক সুস্থ আৰু ভৱিষ্যতমুখী পৰিকল্পনা প্ৰস্তুত কৰি প্ৰমোদ বড়োই আগবাঢ়িব লাগিব৷ অৱশ্যে বিটিচিৰ বাবে কেন্দ্ৰৰ পৰা ধন লাভ কৰা বা নকৰাটো প্ৰমোদ বড়োৰ নিজস্ব ৰণনীতিৰ ওপৰত নিৰ্ভৰ কৰিব৷ কেন্দ্ৰ আৰু ৰাজ্যত যিহেতু বিজেপিৰ চৰকাৰ আছে, সেয়ে পুঁজি-আঁচনি লাভৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ নিশ্চয় অসুবিধা নহ’ব৷ মই বি পি এফ এৰি বিজেপিত যোগদান কৰাৰ পিছত বহুতেই চৰ্চা কৰিছিল যে মোৰ লক্ষ্য বি টি চি ‘চীফ’ হোৱাটো৷ কিন্তু আজি স্পষ্ট কৰি দিওঁ যে মোৰ তেনে কোনো পৰিকল্পনা বা লক্ষ্য নাছিল৷ কোনো বিনিময় বিচাৰি মই বিজেপিত যোগদান কৰা নাই৷ মই এতিয়া সুখী৷ কিয়নো বিজেপিৰ মজিয়াত মই বহু কথা শিকিছো৷ এতিয়া মই দেশৰ, ৰাজ্যৰ কথা, সমস্যাৰ কথা কোৱাৰ বাবে এখন মুকলি মঞ্চ পাইছো৷ মই ভাবো অসমত চৰকাৰ সলনি হ’লেও প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচিত কোনো প্ৰভাৱ নপৰে৷ ইউ পি পি এল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপি সুন্দৰ ঐকমত্যত উপনীত হৈছে৷ ইয়াত কোনো সমস্যাৰ কথা অহা নাই৷ বিজেপি আৰু ইউ পি পি এলৰ বৃহৎ ‘শ্বেয়াৰ’ থকাৰ পিছত কোনোৱে অসন্তুষ্টি প্ৰকাশ কৰাৰ প্ৰশ্ন নুঠে৷ ভৱিষ্যতে অসুবিধা নোহোৱাকৈ আমি বুজাবুজিত উপনীত হৈছো৷