ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ৰ পৰিপন্থী কাৰ্যই কি সূচায়?
সাম্প্ৰতিক অসমত শিক্ষা বিষয়ক বিভিন্ন ইছ্যুক লৈ বৰ্তমান পৰিৱেশ-পৰিস্থিতি উত্তাল হৈ পৰিছে৷ প্ৰাথমিক, মাধ্যমিক শিক্ষাৰ পৰা উচ্ছ শিক্ষালৈকে সকলোতে থকা কেতবোৰ বিসংগতি, ফীজ নিৰ্ধাৰণ, বিনামূলীয়া ফীজ, বিদ্যালয় একত্ৰীকৰণ, ক্লাছ-৩ৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান-অংক ইংৰাজী মাধ্যমত পাঠদান, খালী পদত নিযুক্তি প্ৰদান, টে’ট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি আদি বিষয়ক লৈ দল-সংগঠন, নাগৰিক সমাজ, শিক্ষিত নিবনুৱা আদিয়ে গ্ৰহণ কৰা কাৰ্যসূচীসমূহে ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশত প্ৰভাৱ পেলাইছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ প্ৰয়োগৰ দ্বাৰা যুগৰ লগত সংগতি ৰাখি তথা ‘ভাৰতকেন্দ্ৰিক চিন্তা’ক অগ্ৰাধিকাৰ প্ৰদানেৰে ভাৰতক পুনৰ স্ব-নিৰ্ভৰশীল, বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীকে মুখ্য কৰি শাসনাধিষ্ঠ কেন্দ্ৰীয় চৰকাৰৰ নেতাসকলে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ সেই মৰ্মে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ [এন ই পি-২০]ত সন্নিৱিষ্ট পাঠ্যক্ৰম, শিক্ষক নিযুক্তি, প্ৰশিক্ষণ, ভাষাৰ প্ৰয়োগ, কেৱল পৰীক্ষাকেন্দ্ৰিক শিকনৰ পৰিৱৰ্তে বিষয়বস্তুৰ আয়ত্তকৰণেৰে শিক্ষা গ্ৰহণ, শিক্ষা নিয়ন্ত্ৰণকাৰী সংস্থা গঠন, দক্ষতাকেন্দ্ৰিক শিক্ষাৰ বিস্তাৰ আদি বিষয়ক লৈ নতুন চিন্তাৰে শিক্ষাক পুনৰ্গঠন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ প্ৰায় দুটা বছৰ অতিক্ৰম কৰিলে৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যই এইক্ষেত্ৰত আশাপ্ৰদভাৱে অগ্ৰসৰ হৈছে যদিও অধিকাংশ ৰাজ্যই এন ই পি-২০ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা নাই৷ অসমত এন ই পি-২০ৰ নিৰ্দেশনামৰ্মে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত নতুনকৈ প্ৰযোজ্য ৫+৩+৩+৪ৰ শেহতীয়া ৪টা বছৰ যাক ছিনিয়ৰ ছেকেণ্ডাৰী ৰূপে আখ্যা দিয়া হয়, তাক ইতিমধ্যে বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সেই অনুসৰি ৰাজ্যৰ শতাধিক হাইস্কুলক ছিনিয়ৰ ছেকেণ্ডাৰীলৈ উত্তৰণ ঘটাই নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এটা পৰ্যায়লৈ অনা হৈছে৷ উল্লেখ্য, ইতিমধ্যে এই ব্যৱস্থা কাৰ্যকৰী হৈছে যদিও এন ই পি-২০২০ৰ মতে উক্ত বিদ্যালয়সমূহত সা-সুবিধা, আন্তঃগাঁথনি, শিক্ষক প্ৰশিক্ষণ, নতুন বিষয়ৰ সংযোজন আদি দিশত সামান্যতমো অগ্ৰসৰ হোৱা নাই৷ ইফালে স্কুলীয়া শিক্ষাত স্থানীয় ভাষা, মাতৃভাষাক অগ্ৰাধিকাৰ দিয়াৰ বিষয়ে এন ই পি-২০ত স্পষ্টৰূপে উল্লেখ থকাৰ পাছতো তৃতীয় শ্ৰেণীৰ পৰা অংক-বিজ্ঞান চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজীত পাঠ্যদান কৰাৰ বাবে চৰকাৰীভাৱে গ্ৰহণ কৰা সিদ্ধান্তই এন ই পি-২০ক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱক প্ৰতীয়মান কৰিছে৷ তাৎপৰ্যৰ বিষয় ‘এসাৰ’ৰ প্ৰতিবেদন, গুণোৎসৱৰ সময়ত অংক-বিজ্ঞান সম্পৰ্কে বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা আদিৰ পৰা প্ৰতীয়মান হয় যে অসমৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক নিজৰ ভাষাতে শিক্ষাদানৰ পাছতো অংক-বিজ্ঞান ভালকৈ বুজি নাপায়৷ উচ্ছতৰ মাধ্যমিক বা স্নাতক শ্ৰেণী, অভিযান্ত্ৰিক শিক্ষা, মেডিকেল আদিত নামভৰ্তিৰ সময়ত প্ৰমাণিত হয় বিজ্ঞান শিক্ষা আহৰণৰ ক্ষেত্ৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক ব্যৰ্থতা! এনে পৰিস্থিতি অনুধাৱন কৰি অংক-বিজ্ঞান শিক্ষাক নিজা ভাষাতে বিজ্ঞানসন্মতভাৱে, আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাৰ বাবে চিন্তা-চৰ্চা, শিক্ষকৰ প্ৰশিক্ষণ আদিত গুৰুত্ব দিয়াটো প্ৰয়োজন আছিল৷ কিন্তু ইয়াৰ পৰিৱৰ্তে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী ভাষাত বিজ্ঞান-অংকৰ পাঠদান হ’ব পাৰে এক মাৰঘাতস্বৰূপ৷ তদুপৰি এই ব্যৱস্থাই এন ই পি-২০কো প্ৰত্যাখ্যান কৰিছে৷ লক্ষণীয়ভাৱে বিনামূলীয়া শিক্ষাই ৰাজ্যত শৈক্ষিক পৰিস্থিতিৰ বিকাশ সাধন ঘটাব বুলি ভবা হৈছিল, সেয়াও এক বুমেৰাঙত পৰিণত হৈছে৷ এই ব্যৱস্থা প্ৰয়োগৰ বাবে এচাম প্ৰকৃত দুখীয়া ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে যদিও প্ৰতি বছৰে ড্ৰপআউটৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ ২০২২-২৩ শৈক্ষিক বৰ্ষত কলেজ, বিদ্যালয়ত অন্তৰ্ভুক্তিৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিৱৰ্তে বহু পৰিমাণে হ্ৰাসহে পাইছে৷ আনহাতে, কলেজ, বিশ্ববিদ্যালয়ত বিনামূলীয়া শিক্ষাৰ বাবে প্ৰয়োজনীয় ধন চৰকাৰে সময়মতে ঘূৰাই দিয়াৰ পৰিৱৰ্তে ওলোটাই ’২১-’২২ বৰ্ষৰ ধনৰ হিচাপ দাখিলৰ বাবেহে শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিছে৷ প্ৰণিধানযোগ্য, কোন শিক্ষানুষ্ঠানলৈ বিনামূলীয়া শিক্ষাৰ নামত কিমান ধন চৰকাৰে ঘূৰাই দিব সেই সম্পৰ্কে পূৰ্বতে কোনো নিৰ্দেশনা নিদিয়াকৈ হঠাৎ ব্যয়ৰ হিচাপ বিচাৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, এইবাৰো ৯০-৯৯ শতাংশ পৰ্যন্ত বহু গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি হোৱাৰ বাবে বিদ্যুৎ বিল, আন্তঃগাঁথনি, ডেক্স-বেঞ্চ নিৰ্মাণ আদিকে ধৰি বহু ব্যয় কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহ অসুবিধাৰ সন্মুখীন হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগৰ যোগেদি শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিবলৈ কল্পনা-জল্পনা কৰাৰ সময়ত শিক্ষানীতিৰ পৰিপন্থী কাৰ্যসমূহে কি সূচায়?






