Logo
image

বিভিন্ন কামত উপাদেয় কপূৰ্ৰ, জানি থওক

সুগন্ধি বিয়পোৱাৰ ক্ষেত্ৰত কপূৰ্ৰৰ সমান আন একো হ’ব নোৱাৰে৷ সেয়ে পূজা-পাতলত প্ৰাচীন কালৰে পৰা কপূৰ্ৰৰ ব্যৱহাৰ হৈ আহিছে৷ জানি আচৰিত হ’ব যে কপূৰ্ৰ অকল সুগন্ধিয়েই নহয়, বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো কপূৰ্ৰৰ ব্যৱহাৰ হয়৷ তদুপৰি ঘৰ আৰু শৰীৰৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আঁতৰাই ৰখাত কপূৰ্ৰ ব্যৱহাৰ কৰিব পৰা যায়৷ সেয়ে কপূৰ্ৰক এবিধ প্ৰয়োজনীয় দৰৱ বুলিও কোৱা হয়৷ কপূৰ্ৰ পূজা-পাতলৰ উপৰি স্বাস্থ্যৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰিব পৰা যায় সেই বিষয়ে উল্লেখ কৰা হ’ল–

[১] গাঁঠিৰ বিষত কপূৰ্ৰ সাংঘাতিক উপকাৰী৷ 

[২] কপূৰ্ৰৰ গোন্ধে মন আৰু মস্তিষ্ক দুয়োটাকে সতেজ কৰি ৰাখে৷ 

[৩] কপূৰ্ৰৰ তেল মূৰত ঘঁহিলে মূৰ ঠাণ্ডা হৈ থাকে৷ লগতে কপূৰ্ৰৰ গোন্ধই টোপনি অহাত সহায় কৰে৷ 

[৪] কাপোৰৰ ভাঁজ বা আলমাৰীত কপূৰ্ৰ ৰাখিলে পোক নহয়৷ ফলত দীৰ্ঘদিন আলমাৰীত কাপোৰ ভালে থাকে৷

[৫] চুলি ক’লা আৰু মজবুত কৰাৰ ক্ষেত্ৰত কপূৰ্ৰ অতি কাৰ্যকৰী৷ মূৰত ঘঁহা তেলত কপূৰ্ৰ মিহলালে  ৰক্তপ্ৰবাহ বাঢ়ে আৰু চুলি মজবুত হয়৷ 

[৬] খজুৱতিৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰতো কপূৰ্ৰ ব্যৱহাৰ কৰিব পাৰি৷ কপূৰ্ৰ ছালত লগালে খজুৱতি আৰু বিভিন্ন চৰ্মজনিত ৰোগৰ আশংকা কমে৷

[৭] পানী লগাৰ ফলত নাক বন্ধ হ’লে বা শ্বাসকষ্ট হ’লে অথবা সঘনাই হাঁচিয়াই থাকিলে কপূৰ্ৰৰ সহায়ত এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ ইয়াৰ বাবে পানী উতলাই তাত কপূৰ্ৰ পেলাই ভাপ গ্ৰহণ কৰিব লাগে৷