Logo
image

ভাৰতীয় ফুটবলত সংস্কাৰ

বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাই ভাৰতীয় ফুটবলৰ ওপৰত আৰোপ কৰা নিৰ্বাসন উঠাই লোৱাৰ পাছত এতিয়া সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনত চলিছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা৷ ২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ফেডাৰেশ্বনৰ নিৰ্বাচন৷ এই মুহূৰ্তত ভাৰতৰ ফুটবলৰ সৰ্বাধিক চৰ্চিত বিষয়টো হৈছে ফুটবল ফেডাৰেশ্বনৰ নতুন সভাপতিৰ নিৰ্বাচন৷ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত আছে দুজন প্ৰাক্তন ফুটবলাৰ৷ এজন হৈছে ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া আৰু আনজন হৈছে প্ৰাক্তন গ’লৰক্ষক কল্যাণ চৌবে৷ যিজনেই জয়ী নহওক কিয়, প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ সৰ্বোচ্ছ পদত দেখা যাব এজন প্ৰাক্তন ফুটবলাৰক৷ বাইচুং আৰু চৌবেৰ যিকোনো এজন সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সভাপতি পদত অধিষ্ঠিত হ’লে দেশৰ ফুটবলৰ উপকাৰ হ’ব বুলি ধাৰণা কৰা হৈছে৷ দুয়োজনৰ যিহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ অভিজ্ঞতা আছে, সেয়েহে ভাৰতীয় ফুটবলৰ দুৰ্বল দিশবোৰ সন্দৰ্ভত তেওঁলোক ভালদৰে জ্ঞাত হ’ব৷ সভাপতি পদৰ পাবে মনোনয়ন-পত্ৰ দাখিল কৰাৰ পাছত দুয়োজনে ইতিমধ্যে ভাৰতীয় ফুটবলক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰিবলগীয়া কামবোৰৰ বিষয়ে সংবাদ মাধ্যমক জনাইছে৷ দীৰ্ঘ সময়ৰ পৰা ভাৰতীয় ফুটবলৰ মান উন্নত কৰাৰ হকে মাত মাতি অহা বাইচুং ভূটীয়াই অন্ধ্ৰ প্ৰদেশ ফুটবল সন্থাৰ প্ৰতিনিধি হিচাপে সভাপতি পদৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিছে৷ ভূটীয়াৰ প্ৰতিশ্ৰুতি অনুসৰি সভাপতিৰ দায়িত্ব পালে তেওঁৰ সন্মুখত থাকিব দুটা লক্ষ্য৷ প্ৰথমটো হৈছে তৃণমূল পৰ্যায়ত ফুটবলৰ উন্নতি৷ আনটো হৈছে ৰাজ্যিক ফুটবল সন্থাবোৰলৈ অধিক ধনৰ আবণ্টন দিয়া৷ লগতে তেওঁ কয় যে ভাৰতীয় ফুটবলত তৃণমূল পৰ্যায়ৰ উন্নতিৰ কোনো বিকল্প নাই৷ এই বিষয়টোত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে৷ আনহাতে, ফুটবলাৰক অধিক ক্ষমতা দিয়াৰ পক্ষপাতী বুলিও কয় ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়কজনে৷ তেওঁ কয় যে দেশত ফুটবলকেন্দ্ৰিক ব্যৱস্থা এটা গঢ় দিয়াৰ প্ৰয়োজন৷ প্ৰতিটো ৰাজ্যিক সন্থাক ৩০-৫০ লাখকৈ টকাৰ অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ভূটীয়াই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবেও বিশেষ ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰি এই প্ৰসংগতে তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে সুকীয়া ফুটবল লীগ আয়োজনৰ চেষ্টা চলোৱাৰ লগতে ৰাজ্যকেইখনলৈ কাৰিকৰী দিশত সহায়ৰ হাত আগবঢ়োৱা হ’ব৷ ভূটীয়াই অৱশ্যে আক্ষেপেৰে কয় যে আন বিভিন্ন খেলৰ দৰে ভাৰতৰ ফুটবলতো ৰাজনীতিয়ে ক্ৰিয়া কৰে৷ এইবাবেই তেওঁ সভাপতিৰ নিৰ্বাচনত গৃহ ৰাজ্য ছিকিমৰ সমৰ্থন নাপালে৷

ইপিনে, গুজৰাটৰ প্ৰতিনিধি হিচাপে সভাপতি পদৰ বাবেপ্ৰাৰ্থিত্ব আগবঢ়োৱা কল্যাণ চৌবেৰ ফুটবল প্ৰশাসনৰ অভিজ্ঞতা আছে৷ ফুটবলৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ দুবছৰ মোহন বাগান একাডেমীৰ দায়িত্বত আছিল৷ ক্লাবটোৰ যুৱ কল্যাণ আঁচনিৰ সৈতেও তেওঁ জড়িত আছিল৷ গ’লজ প্ৰজেক্টৰ সমন্বয়ক হিচাপেও তেওঁ কাম কৰিছে৷ চৌবেই তেওঁৰ প্ৰতিশ্ৰুতিত কৈছে যে প্ৰতিখন ৰাজ্যিক ফুটবল সন্থাৰ কাম-কাজৰ  ওপৰত নজৰ ৰখা হ’ব৷ পেছাদাৰী মানসিকতাৰে দেশৰ ফুটবলপৰিচালনাত গুৰুত্ব দিয়া হ’ব৷ তাৰ লগতে পুৰুষ আৰু মহিলাৰ ফুটবলক সমমৰ্যাদা দিয়া হ’ব৷ চৌবেৰ মতে, এজন প্ৰাক্তন ফুটবলাৰ হিচাপে ফুটবলাৰৰ স্বাৰ্থৰ হকে তেওঁ কাম কৰিব৷ ফুটবল কেৰিয়াৰত তেওঁ ভাল আৰু বেয়া দুয়োটা অভিজ্ঞতাৰে সন্মুখীন হ’বলগীয়া হৈছিল৷ 

বাইচুং ভূটীয়া আৰু কল্যাণ চৌবেৰ মাজৰ সম্ভাব্য যুঁজখনত অৱশ্যে এই মুহূৰ্তলৈ চৌবেৰ সম্ভাৱনা বেছি বুলি ধাৰণা কৰা হৈছে৷ তেওঁৰ পক্ষত আছে কেইবাখনে ৰাজ্যৰ ফুটবল সন্থা৷ তাৰ উপৰি তেওঁ হৈছে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় কৰ্মী৷ আনহাতে, তেওঁ যিখন ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰিছে, সেইখন ৰাজ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য৷ স্বাভাৱিকতে চৌবেৰ পক্ষত অধিক ভোট পৰাৰ সম্ভাৱনা আছে৷ ২ ছেপ্টেম্বৰৰ নিৰ্বাচনত শেষ হাঁহি যিজনেই নামাৰক কিয়, তেওঁলোকৰ পৰা ভাৰতীয় ফুটবলপ্ৰেমীয়ে বহুখিনি আশা কৰিছে৷ খেলক ৰাজনীতিৰ পৰা মুক্ত ৰাখি খেল আৰু খেলুৱৈৰ স্বাৰ্থৰ হকে কাম কৰিব লাগিব৷ শেহতীয়াভাৱে কিছু হ’লেও ভাৰতীয় ফুটবলৰ মান উন্নত হৈছে৷ এই ধাৰা অব্যাহত ৰাখি দেশখনৰ  ফুটবলত সংস্কাৰ আনিব লাগিব৷ ভাৰতীয় ফুটবলৰ উত্তৰণৰ ক্ষেত্ৰত যিবোৰ দিশ অন্তৰায় হিচাপে বিবেচিত হৈ আহিছে, সেইবোৰ আঁতৰাই তৃণমূল পৰ্যায়ৰ পৰাই নতুন কৰ্মপন্থা হাতত ল’ব লাগিব৷ তাৰ লগতে  ক্ৰিকেটৰ দৰে ভাৰতীয় ফুটবলৰ আৰ্থিক দিশটো সবল কৰিবলৈ হ’লে ফুটবল বাণিজ্যত গুৰুত্ব দিব লাগিব৷ কেৱল প্ৰতিশ্ৰুতি নহয়, অনাগত দিনত নতুন সভাপতিজনে ফুটবল ফেডাৰেশ্বনৰ কাম-কাজত নতুনত্ব আনি দেশৰ ফুটবলক কেনেদৰে আগবঢ়াই নিয়ে, তাৰ ওপৰত সকলোৰে নজৰ থাকিব৷