টুথপেষ্টেৰে ফেচওৱাছো কৰিব পাৰি
ছালৰ পৰিচৰ্যাৰ ক্ষেত্ৰত টুথপেষ্ট ব্যৱহাৰ কৰাৰ সম্পৰ্কে বহুতৰে ধাৰণা নাই৷ মুখৰ সৌন্দৰ্য তথা উজ্জ্বলতা বৃদ্ধিৰ বাবে বজাৰত উপলব্ধ দামী প্ৰসাধন বহুতেই ব্যৱহাৰ কৰে যদিও তুলনামূলকভাৱে কম দামতে ক্ৰয় কৰিব পৰা টুথপেষ্ট ব্যৱহাৰ কৰিলেই ভাল ফল আশা কৰিব পাৰি৷
[১] ব্ৰুণৰ সমস্যা দূৰ কৰিবলৈঃ ব্ৰুণৰ সমস্যা দূৰ কৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰে৷ ৰাতি শোৱাৰ আগে আগে ব্ৰুণৰ ওপৰত টুথপেষ্টৰ প্ৰলেপ লগাব পাৰে৷ ৰাতি এইদৰেই লগাই থোৱাৰ ফলত পুৱা শুই উঠাৰ পাছত দেখিব ব্ৰুণ অনেকগুণে কমি গৈছে৷
[২] মুখৰ দাগ গুচাবলৈঃ ধূলি ময়লা অত্যধিক মেকআপৰ বাবে কেতিয়াবা ছালৰ কোষবিলাক বন্ধ হৈ যায়৷ যাৰ ফলত ব্লেকহেডছে দেখা যায়৷ ব্লেকহেডছ ওলোৱাৰ পাছতে হুৱাইট হেডছৰ সমস্যাৰ সৃষ্টি হয়৷ যাৰ ফলত ছালৰ কোষবিলাকৰ ছিদ্ৰ বন্ধ হৈ যায়৷ এইদৰে কোষবিলাকৰ ছিদ্ৰ বন্ধ হৈ যোৱাৰ ফলত তেজৰ স্বাভাৱিক সঞ্চালনতো ব্যাঘাট জন্মিব পাৰে৷
মুখমণ্ডলৰ যি ঠাইত এনেধৰণৰ সমস্যাৰ সৃষ্টি হয় তাত টুথপেষ্টৰ প্ৰলেপ লগাব লাগে৷ লগোৱাৰ পাছত টুথপেষ্ট যেতিয়া শুকাই যায় তেতিয়া ভালদৰে মুখখন ধুই পেলাব লাগে৷
[৩] বলিৰেখাঃ টুথপেষ্ট ব্যৱহাৰ কৰিলে মুখত দেখা দিয়া বলিৰেখাৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি৷ কেৱল বয়স বৃদ্ধিৰ বাবেই মুখত বলিৰেখা নপৰে৷ কেতিয়াবা দুঃশ্চিন্তা পৰ্যাপ্ত বিশ্ৰামৰ অভাৱ, অনিদ্ৰা আদিৰ কাৰণতো কম বয়সতে মুখত বলিৰেখা পৰিব পাৰে৷ টুথপেষ্ট অলপ পানীত মিলাই লৈ মুখ ধুলে কেইদিনমান পাছতে বলিৰেখা নোহোৱা হৈ যায়৷
[৪] অনুজ্বল ছালক মসৃণ কৰিবলৈঃ টুথপেষ্টেৰে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷ সাধাৰণ ফেচৱাছৰ দৰেই টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰি৷ টুথপেষ্ট মুখত লগোৱাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ভালদৰে ধুই কোমল কাপোৰেৰে মুখখন মালিচ কৰাৰ দৰে মচিব লাগে৷ এইদৰে নিতৌ ব্যৱহাৰ কৰা টুথপেষ্টৰ জৰিয়তে ছালৰ যত্ন ল’ব পাৰে৷






