শিক্ষাঃ দিল্লী বনাম অসম
ভাৰত স্বাধীন হৈছিল ১৯৪৭ চনত৷ স্বাধীন ভাৰতক ন-ৰূপত গঢ়ি তুলিবলৈ ইয়াৰ নাগৰিকসকলক প্ৰথমেই শিক্ষিত কৰি গঢ়ি তোলাটো জৰুৰী হৈ পৰিছিল৷ কিন্তু নতুন চৰকাৰৰ বাবে এইটো প্ৰত্যাহ্বান আছিল যে এই বৃহৎ দেশখনৰ বাবে প্ৰয়োজন হোৱা শিক্ষাৰ আন্তঃগাঁথনি একেবাৰতে গঢ়ি তোলা৷ সেয়ে দেশৰ স্বাধীনতা সংগ্ৰামীসকলে ইয়াক এক কৰ্মযজ্ঞ হিচাপে লৈছিল আৰু গাঁৱে-ভূঞে প্ৰয়োজনীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল৷ প্ৰথমেই ৰাইজৰ সহযোগত দান-বৰঙণিৰে কাঠ-বাঁহ সংগ্ৰহ কৰি নিৰ্মাণ কৰা এই বিদ্যালয়সমূহ পাছৰ পৰ্যায়ত চৰকাৰে স্বীকৃতি দিছিল৷ এই প্ৰক্ৰিয়া কুৰি শতিকাৰ শেষৰটো দশকলৈ চলি আছিল আৰু এইক্ষেত্ৰত চৰকাৰৰ কোনো সঠিক দিক্ নিৰ্দেশনা নথকাৰ বাবেও বৰ্ধিত জনসংখ্যা অনুপাতে শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ অনুপাতো বৃদ্ধি পাইছিল৷ কিন্তু পৰম্পৰা একেই আছিল৷ চৰকাৰৰ শিক্ষা বিভাগে সেই ৰাজহুৱা শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰি আৱশ্যকতা অনুসৰি ব্যৱস্থা লৈছিল৷ আচল সত্যতো হ’ল স্বাধীনতাৰ বয়স বাঢ়িল যদিও চৰকাৰে এক মজবুত শিক্ষানীতি বা বিদ্যালয় প্ৰতিষ্ঠাৰ নীতি গ্ৰহণ নকৰিলে৷ কালক্ৰমত চৰকাৰী শিক্ষা বেয়া হোৱা বুলি সমগ্ৰ দেশতে ব্যক্তিগত শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰো ধুম উঠিল৷
এইদৰেই যদি চোৱা যায় বিদ্যালয় শিক্ষাত এক বিশৃংখলতা বিৰাজ কৰা বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ কিন্তু এতিয়া স্বাধীনতাৰ ৭৫ বছৰৰ পাছত চৰকাৰে ঘোষণা কৰিছে যে চৰকাৰে কোনো নতুন বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰে আৰু যদি ক’ৰবাত বিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰয়োজন হয়, তেন্তে চৰকাৰে নিজৰ উদ্যোগত বিদ্যালয় প্ৰতিষ্ঠা কৰিব৷ চৰকাৰে ঘোষণা কৰিলে যে চাহ বাগিচা অঞ্চলত নতুন বিদ্যালয় প্ৰতিষ্ঠা হ’ব৷ এইটো আদৰণীয়, কিন্তু তাৰ সমান্তৰালকৈ চৰকাৰে বিদ্যালয় বন্ধৰ বাবে যি সিদ্ধান্ত লৈছে সেয়া স্বাভাৱিকতে এক বিতৰ্কিত সিদ্ধান্তৰূপে পৰিগণিত গৈছে৷ যি চৰকাৰে বিদ্যালয় এখন প্ৰতিষ্ঠা কৰি পোৱা নাই, জনতাই গাঁঠিৰ ধনেৰে শিক্ষানুষ্ঠান খুলি চৰকাৰৰ হাতত পৰিচালনাৰ ভাৰ অৰ্পণ কৰিছে, সেই চৰকাৰে বিদ্যালয় পৰিচালনা কৰিব নোৱাৰি বন্ধ কৰিবলৈ লোৱা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷
চৰকাৰে সংবিধানত লিপিবদ্ধ শিক্ষাৰ মৌলিক অধিকাৰৰ বিষয়টো বাস্তৱায়িত কৰাৰ বাবে বিদ্যালয় শিক্ষাক সাৰ্বজনীন কৰা আৰু সকলো শিশুক বাধ্যতামূলক বিনামূলীয়া শিক্ষা দিবৰ বাবে ২০০২ চনতে সৰ্বশিক্ষা অভিযান আৰম্ভ কৰিছিল৷ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক শিক্ষিত কৰি তোলাই এই অভিযানৰ মূল উদ্দেশ্য আছিল৷ কিন্তু ২০১০ চনতে সেই সময়সীমা উকলি গৈছে৷ আজিও চৰকাৰখন মূল লক্ষ্যত উপনীত হ’ব নোৱাৰিলে৷ বিফল চৰকাৰে আৰম্ভ কৰিলে গুজৰাট আৰ্হিৰ ‘গুণোৎসৱ’৷ যি কাম সৰ্বশিক্ষাই কৰিব নোৱাৰিলে, সেই কাম যেন গুণোৎসৱে তৎক্ষণাৎ কৰি পেলালে৷ চৰকাৰে বিদ্যালয়বোৰ গুণগত নহয় বুলি হয় বন্ধ কৰি দিছে, নহয় আন কাষৰ বিদ্যালয়ৰ লগত চামিল কৰি দিছে৷ এই দুয়োটা কাৰ্যই কেতিয়াও সমৰ্থনযোগ্য নহয়৷ চৰকাৰে বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে সেইবোৰৰ গুণগত মান কিয় কমিছে তাক বিচাৰি উলিয়াই শিক্ষাক অধিক সবল কৰাৰ দায়িত্ব ল’ব লাগিছিল৷
এইখন দেশৰে দিল্লী চৰকাৰে ইতিমধ্যে চৰকাৰী শিক্ষাৰ মান উন্নত কৰি দেশৰে নহয় বিদেশৰ দৃষ্টিও কাঢ়িবলৈ সক্ষম হৈছে৷ দিল্লীৰ দৰে মহানগৰীত চৰকাৰী শিক্ষানুষ্ঠানৰ আজিৰ অৱস্থাই দেশৰ বাবে আশাৰ বতৰা কঢ়িয়াবলৈ সক্ষম হোৱাৰ মুহূৰ্ততে অসম চৰকাৰে চৰকাৰী বিদ্যালয় বেয়া বুলি বন্ধ কৰি দিবলৈ লোৱাত স্বাভাৱিকতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসম চৰকাৰৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি টুইট কৰে– ‘স্কুল বন্ধ কৰাটো সমস্যাৰ সমাধান হ’ব নোৱাৰে৷ এতিয়া দেশত বহু স্কুল নতুনকৈ খোলাটোহে জৰুৰী হৈ পৰিছে৷ স্কুল বন্ধ কৰাৰ পৰিৱৰ্তে স্কুলসমূহৰ সংস্কাৰ সাধন কৰি ইয়াৰ শিক্ষাৰ মান ঠিক কৰিব লাগে৷’ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীয়ে কেজৰিৱালক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল বক্তব্য হ’ল দিল্লী সৰু ৰাজ্য, সেয়ে তাত সম্ভৱ হোৱা কাম অসমত সম্ভৱ নহ’বও পাৰে৷ তেওঁ শিক্ষামন্ত্ৰী হৈ থকা কালত অসমত ৮,৬১০খন নতুন বিদ্যালয় স্থাপন কৰিছে৷ এই দুয়োটা কথাই আচলতে তথ্যগত যে ভুল, সেয়া অসমৰ মানুহে দেখি আছে৷ অসমত চাহ বাগিচাত শেহতীয়াভাৱে স্থাপন কৰা বিদ্যালয়কেইখনৰ বাদে চৰকাৰে নিজৰ উদ্যোগত বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ নজিৰ নাই৷ আনহাতে, দিল্লী সৰু ৰাজ্য যদিও তাত চৰকাৰী বিদ্যালয় পৰিচালনা কৰাটো অধিক প্ৰত্যাহ্বানৰহে কথা৷ কাৰণ মহানগৰৰ নাগৰিক নিজৰ সন্তানৰ শিক্ষাক লৈ অধিক সজাগ আৰু সচেতনহে৷ আচলতে অসম বুলি নহয় দিল্লীৰ ব্যতিৰেকে আন ৰাজ্যৰ চৰকাৰী শিক্ষাৰ যি পুতৌ লগা অৱস্থা তেনে অৱস্থাত শিশুৱে কেতিয়াও গুণগত শিক্ষা পাব নোৱাৰে৷ এখন ভাল শিক্ষানুষ্ঠান বুলি ক’বলৈ যিবোৰ উপাদানৰ প্ৰয়োজন, যেনে ভাল ঘৰ, প্ৰশিক্ষিত শিক্ষক, পুথিভঁৰাল, বিজ্ঞানাগাৰ, আধুনিক শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ, বিদ্যুতৰ সুবিধা, আচবাব আদি অসমৰ বিদ্যালয়ত আজিও অভাৱ বা একেবাৰে জৰাজীৰ্ণ; দুই-এখন হাইস্কুলৰ বাদে পুথিভঁৰাল, বিজ্ঞানাগাৰ এক বিলাসিতা মাত্ৰ৷ তেনে অৱস্থাত অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ লগত বিতৰ্ক কৰাৰ পৰিৱৰ্তে প্ৰকৃত বাস্তৱতা অনুধাৱন কৰি অসমৰ শিক্ষানুষ্ঠান ভাল কৰাত গুৰুত্ব দিয়াটো সকলোৱে বিচাৰে৷






