পাণৰ বিস্ময়কৰ উপকাৰ জানিলে আপুনি অবাক হ’ব
দক্ষিণ এছিয়াত খুবেই জনপ্ৰিয় এটি মুখৰোচক খাদ্য হ’ল পাণ৷ পাণ লতাজাতীয় উদ্ভিদ৷ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বাণিজ্যিকভাৱে পাণৰ চাহিদা অতি বেছি৷ তামোলৰ উপৰিও মছলা, চুপাৰি, জৰ্দা ব্যৱহাৰ কৰি পাণ খোৱা হয়৷ আমাৰ ৰাজ্যত থলুৱা পাণৰ লগতে বাংলাপট্টি, মিঠাপট্টি আদি বিভিন্ন ধৰণৰ পাণ পোৱা যায়৷ এই পাণৰ আছে বহুতো বিস্ময়কৰ উপকাৰিতা৷ পাণৰ উপকাৰৰ কথা জানিলে আপুনি নিজেও আচৰিত হ’ব৷ আহকচোন পাণৰ উপকাৰিতা সম্পৰ্কে বুজ লওঁ৷
[১] ওজন হ্ৰাস কৰে পাণৰ ৰসে হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰৰ পৰা অতিৰিক্ত পানী, বিষাক্ত পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে৷ মাত্ৰ এয়াই নহয় মেটাবলিজম্ বৃদ্ধি কৰে৷ পাণত থকা ফাইবাৰে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে৷ লগতে ওজন হ্ৰাস কৰাতো পাণে বিশেষ ভূমিকা গ্ৰহণ কৰে৷
[২] হজম সমস্যা আঁতৰ কৰে পাণত সাধাৰণতে গেষ্ট্ৰ’পটেকটিভ, এণ্টিফ্লটুলেণ্ট আৰু কাৰ্মিনেটিভ বিদ্যমান, যাৰ কাৰণে পাণ খোৱাৰ সময়ত মুখৰ ভিতৰত ছালাইভা তৈয়াৰ কৰে৷ যি খাদ্য সামগ্ৰী হজম কৰাত সহায় কৰে৷
[৩] শৰীৰৰ গাঁঠিৰ বিষ দূৰ কৰে পাণত পলিফেনাম নামে একধৰণৰ এণ্টি-ইনফ্লামমেটৰী উপাদান থাকে৷ যি যন্ত্ৰণা কমোৱাত বিশেষভাৱে কাম কৰে৷ সেই কাৰণে অনেকে গাঁঠিৰ বিষ দূৰ কৰিবাৰ কাৰণে পাণৰ ৰস ব্যৱহাৰ কৰে৷
[৪] ডিঙিৰ বিষ দূৰ কৰে পাণে এণ্টিবেক্টেৰিয়েল আৰু এণ্টিইনফ্লামমেটৰী উপাদান থাকে৷ যি ঠাণ্ডাজনিত সমস্যা দূৰ কৰাত বিশেষভাৱে সহায় কৰে৷ পাণ আৰু মধুমিচিৰি খোৱাৰ অভ্যাস কৰিলে ডিঙিৰ ইনফেকশ্বন ৰোধ হয়৷
[৫] মুখৰ দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰি মুখৰ ভিতৰত বেক্টেৰিয়া নিৰাময় কৰি মুখৰ দুৰ্গন্ধ দূৰ কৰাত পাণৰ সমান বিকল্প নাই৷ পাণ খোৱাৰ সময়ত মুখৰ ভিতৰত যি ছালাইভা নিঃসৰণ হয় সিয়ে বেক্টেৰিয়া ৰোধ কৰে৷
[৬] ক্ষতস্থান সোনকালে শুকুয়ায় আমি খোৱা পাণত সাধাৰণতে প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ এই উপাদানে শীঘ্ৰে সাধাৰণ কটা-ছিঙা স্থানসমূহ শুকুওৱাত সহায় কৰে৷ সেয়ে বহুতে ক্ষতস্থানত পাণৰ ৰস লগাই দিয়ে৷ তাৰ পাছত বেণ্ডেজ কৰি ৰাখে৷ এইদৰে দুই-তিনি দিন থকাৰ পাছত ক্ষতস্থানসমূহ শুকাই যায়৷






