Logo
image

শিক্ষক দিৱসৰ চিন্তন

স্বাধীন ভাৰতৰ প্ৰথমজন উপ-ৰাষ্ট্ৰপতি, দেশৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণক ১৯৬২ চনত তেওঁৰ অনুগত শিক্ষাৰ্থী তথা শুভাকাংক্ষীসকলে যেতিয়া বিশিষ্ট পণ্ডিত, দাৰ্শনিকজনৰ জন্মদিনটো উদ্‌যাপনৰ বাবে আহ্বান জনাইছিল তেতিয়া ড॰ ৰাধাকৃষ্ণণে উক্ত দিনটোক শিক্ষক দিৱস ৰূপে উদ্‌যাপনৰ বাবে পৰামৰ্শ দিছিল৷ সেই মৰ্মে ৫ ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ দেশজুৰি শিক্ষক দিৱস ৰূপে পালন কৰি অহা হৈছে৷ এজন শিক্ষাগুৰুৰ মহত্ব, গুৰুত্বক উপলব্ধি কৰিয়েই দেশৰ সৰ্বোচ্ছ পদত অধিষ্ঠিত ব্যক্তিজনে নিজৰ জন্ম দিনটোক শিক্ষক দিৱস ৰূপে পালনৰ বাবে আহ্বান জনোৱাটো অতি তাৎপৰ্যপূৰ্ণ৷ ‘গুৰু সাক্ষাতঃ পৰম ব্ৰহ্ম’– এক ঐতিহ্যময় পৰম্পৰাৰ ধবজাবাহক ৰূপে ভাৰতত গুৰুক পৰম ব্ৰহ্মৰ লগত তুলনা কৰি সৰ্বোত্তম সন্মান যচা হয়৷ গুৰু যুগে যুগে ভাৰতীয় সমাজ ব্যৱস্থাত সন্মানৰ পাত্ৰ হৈ আহিছে আৰু আজিৰ দিনতো শিক্ষাগুৰুসকলক পূৰ্বৰ দৰে নহ’লেও অন্যান্য বৃত্তিত নিয়োজিত লোকতকৈ সাধাৰণতে সমাজে অধিক সমীহ, শ্ৰদ্ধা প্ৰদৰ্শন কৰে৷ ড॰ ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে উদ্‌যাপন কৰাটো বহু যুগ পাৰ হৈ গ’ল আৰু প্ৰতিটো শিক্ষক দিৱসৰ দিনা চৰকাৰীভাৱে শৈক্ষিক দিশত বিশেষ অৰিহণা আগবঢ়োৱা শিক্ষাগুৰুসকলক বিশেষকৈ বিদ্যালয় পৰ্যায়ত নিয়োজিত শিক্ষকসকলক জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা-বাহনেৰে সন্মানিত কৰা হয়৷ স্কুল-কলেজ, বিশ্ববিদ্যালয়তো শিক্ষক দিৱসৰ জিনা শিক্ষাৰ্থীসকলে শিক্ষাগুৰুসকলক লৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰি সন্মান প্ৰদৰ্শন কৰে৷ এয়া শিক্ষক দিৱসৰ এক স্বাভাৱিক কাৰ্যসূচীত পৰিণত হৈছে৷ কিন্তু যিটো উদ্দেশ্যেৰে বিশিষ্ট দাৰ্শনিক পণ্ডিত, শিক্ষক ড॰ ৰাধাকৃষ্ণণে নিজৰ জন্মদিনটো কেৱল এটা বিশেষ দিন হিচাপে উদ্‌যাপন কৰাৰ পৰিৱৰ্তে শিক্ষক দিৱস ৰূপে উদ্‌যাপনৰ বাবে আহ্বান জনাইছিল সেই উদ্দেশ্য বাস্তৱায়িত হৈছেনে সেয়াহে আজিৰ দিনটোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন৷  চৰকাৰী, বেচৰকাৰী বিভিন্ন বৃত্তি, দায়িত্বত নিয়োজিত সকলোকে শিক্ষাদান কৰি মানৱ সম্পদ সৃষ্টি কৰাটো শিক্ষকৰ প্ৰধান কৰ্তব্য৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে বিজ্ঞান, সাহিত্য, কলা-সংস্কৃতি, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত উজ্বলি উঠা সকলৰ গৰিষ্ঠসংখ্যকেই তেওঁলোকৰ সফলতাৰ অন্তৰালত গুৰুৰ ভূমিকা যে প্ৰৱল তাক আন্তৰিকতাৰে স্বীকাৰ কৰে৷ বহু মণিষী, বিভিন্ন ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা আগবঢ়োৱা বিজ্ঞানী আদি ব্যক্তিসকলৰ আত্মজীৱনী বা জীৱনীগ্ৰন্থ অধ্যয়ন কৰিলে দেখা যায় যে তেওঁলোকৰ সফলতাৰ আঁৰত তেওঁলোকে অধ্যয়ন কৰা শিক্ষানুষ্ঠান আৰু শিক্ষকসকলৰ বিশেষ ভূমিকা আছে৷ শিক্ষক সমাজে যুগে যুগে দায়িত্ব পালন কৰি অহাৰ বাবেই তেওঁলোকে শিক্ষাদান কৰা শিক্ষাৰে শিক্ষিত হৈ বিভিন্নজনে বিভিন্ন কৰ্মত নিয়োজিত হৈ কাৰ্যনিৰ্বাহ কৰি আছে৷ সেই স্বৰূপত সকলো বৃত্তি বা কৰ্মৰ ভিতৰত শিক্ষকৰ দায়িত্বই আটাইতকৈ বেছি কিয়নো তেওঁলোকৰ ওপৰতে ন্যস্ত আছে সমাজ গঢ়াৰ দায়িত্ব৷ বাৰ্ণাডশ্ব’ই সেই বাবেই হয়তো কৈছিল মানৱ জীৱনৰ মোক্ষ প্ৰাপ্তিৰ বাবে শিক্ষকতাই হ’ল শ্ৰেষ্ঠতম বৃত্তি৷ ভাৰতত প্ৰায় ৮০ দশকমানলৈকে উচ্ছ শিক্ষাৰে শিক্ষিত হৈও বহু লোকে অন্য বৃত্তিৰ পৰিৱৰ্তে শিক্ষকতাকেই জীৱনৰ ব্ৰত ৰূপে নিৰ্বাচন কৰি এই দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল৷ কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে, আৰ্থ-সামাজিক দৃশ্যপটৰ সলনিৰ লগে লগে শিক্ষকতাৰ ‘ব্ৰত’ৰ ধাৰণাতকৈ ‘বৃত্তি’ৰ ধাৰণাই অগ্ৰাধিকাৰ লাভ কৰিবলৈ ল’লে৷ চৰকাৰী বিভিন্ন নীতি-নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে শিক্ষকতাত নিয়োজিত সকলেও সেই নীতি-নিয়ম পূৰণ কৰি শিক্ষকতা বৃত্তিৰ যোগেদি জীৱন-নিৰ্বাহ কৰাৰ দিশটোৱে অধিক প্ৰাধান্য লাভ কৰাৰ ফলত শিক্ষকতাৰ যিটো মহান উদ্দেশ্য আছিল সেয়া স্তিমিত হৈ পৰিল৷ চৰকাৰ সমূহেও শিক্ষকসকলক তেওঁলোকৰ মূল কামটোৰ লগতে আন বহু কাম জাপি দিবলৈ আৰম্ভ কৰিলে যাৰ ফলত শিক্ষাৰ মূল উদ্দেশ্যও ব্যাহত হ’ল৷ আজিৰ দিনত অসমতে হওক বা দেশৰ আন বহু ৰাজ্যতে হওক শিক্ষাৰ মূল দিশ– অৰ্থাৎ মানুহ গঢ়াৰ দায়িত্বতকৈ শিক্ষাৰ লগত জড়িত বিভিন্ন সমস্যা, শিক্ষকৰ সমস্যাবোৰেহে অধিক আলোচ্য বিষয় ৰূপে পৰিলক্ষিত হৈছে৷ চৰকাৰী আসোঁৱাহপূৰ্ণ নীতি, পৰিচালনাত ব্যৰ্থতা, চৰকাৰী বিদ্যালয়ৰ প্ৰতি মানুহৰ অনীহা, শিক্ষকতাক কেৱল এচামে চাকৰি হিচাপে গ্ৰহণৰ মানসিকতা আদি বিভিন্ন কাৰক, কাৰণৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ অধিকাংশই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ অনিয়মীয়া শিক্ষকৰ চাকৰি স্থায়ী কৰা, টেট উত্তীৰ্ণ শিক্ষকৰ দাবী পূৰণ কৰা, ঠিকা ভিত্তিত নিয়োজিত শিক্ষকৰ দাবী পূৰণ কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো আজিৰ দিনত এক সুলভ দৃশ্য৷ ইতিমধ্যে ছাত্ৰৰ অভাৱত অসমত বন্ধ হৈছে হাজাৰোধিক চৰকাৰী বিদ্যালয়৷ বহু শিক্ষানুষ্ঠানত ছাত্ৰ অনুপাতে শিক্ষক নাই৷ ৰাইজে পতা বহু বিদ্যালয় বন্ধ হোৱাৰ বাবে ৰাইজ ক্ষোভিত হৈছে যদিও এই বিদ্যালয়সমূহ বন্ধ হোৱাৰ কাৰণ কি ৰাইজে বিশ্লেষণ কৰেনে? এফালে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগৰ যোগেদি দেশলৈ এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লক্ষ্য স্থিৰ কৰা হৈছে, আনহাতে বহু মৌলিক সমস্যাৰ সৈতে সকলো যুঁজি আছোঁ৷ শিক্ষক দিৱসক এক পবিত্ৰ দিনৰূপে উল্লেখ কৰি কেইজনমান শিক্ষকক সন্মানিত কৰিলেই পৰিৱেশ সলনি নহয়৷ মানুহ গঢ়াৰ দায়িত্বত নিয়োজিত শিক্ষকসকলেও আজিৰ দিনত উপলব্ধি কৰা উচিত যে শিক্ষকতা তেওঁলোকৰ বাবে এক সূৱৰ্ণ সুযোগ৷