ধুন্দুলিৰ গুণাগুণ জানিলে আচৰিত হ’ব
গ্ৰীষ্ম কালত থলুৱাভাৱে উৎপাদন হোৱা এবিধ ঔষধি গুণযুক্ত পাচলি হৈছে ধুন্দুলি৷ এইবিধ পাচলি বিশেষকৈ চবজি তৈয়াৰ কৰি খোৱা হয়৷ ধুন্দলিত বহু পৰিমাণে স্বাস্থ্য উপযোগী উপাদান পোৱা যায়৷ গৱেষকসকলৰ মতে ধুন্দুলিত প্ৰচুৰ পৰিমাণ পানী, প্ৰটিন, আইৰণ, কেলছিয়াম মেগনেছিয়াম, ফচফৰাছ, ভিটামিন-বি, চি, বিটা কেৰ’টিন আদি উপাদান পোৱা যায়৷ আহকচোন খাদ্য হিচাপে ধুন্দলিয়ে মানৱ শৰীৰত কি কি সমস্যা দূৰ কৰে তাৰে উমান লওঁ৷
◾খাদ্য হজম কৰাত সহায় কৰে, পাচনতন্ত্ৰ সঠিকভাৱে ৰাখে৷ কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে৷
◾কিডনি, লিভাৰ, হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখে এইবিধ পাচলিয়ে৷
◾ধুন্দুলিত থকা বিটা কেৰ’টিন আৰু ভিটামিন-চিয়ে কৰ্কট ৰোগৰ বীজাণুৰ পৰা শৰীৰক সুৰক্ষিত কৰাত সহায় কৰে৷
◾খাদ্যৰসিক সকলৰ মতে ধুন্দুলিয়ে আমাৰ শৰীৰক সতেজতা প্ৰদান কৰে৷
◾এইবিধ পাচলিয়ে ছালৰ বিভিন্ন সমস্যা দূৰ কৰে৷
◾জ্বৰ বেছি হ’লে ধুন্দুলি খালে জ্বৰ কমে৷
◾চকুৰ দৃষ্টি শক্তি সঠিক ভাৱে ৰাখে৷ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে৷
◾বিশেষজ্ঞ সকলৰ মতে ধুন্দুলিয়ে মানসিক স্বাস্থ্যৰ উন্নতি ঘটায়৷






