প্লাষ্টিক নিষিদ্ধ কৰাটো সম্ভৱনে
চলিত বছৰৰ পহিলা জুলাইৰ পৰা সমগ্ৰ ভাৰতত, বিশেষকৈ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল৷ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছিল৷ কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে দেশৰ কেইখনমান ঠাইৰ বাহিৰে এতিয়াও অবাধে এই সামগ্ৰীবোৰৰ ব্যৱহাৰ চলি আছে৷ ইয়াৰ পূৰ্বেও চৰকাৰে কেইবাবাৰো এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ কিছুদিন পাছত সকলো পূৰ্বৰ দৰেই চলিবলৈ ধৰিছিল৷ এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ২০১৯ চনৰ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সুৰক্ষা সন্মিলনত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰা বাবে ভাৰতেই আগভাগ লৈছিল৷ এনেধৰণৰ প্লাষ্টিকসমূহে বিভিন্ন পৰ্যায়ৰ মাজেৰে গৈ পৰিৱেশত মাৰাত্মক প্ৰদূষণৰ সৃষ্টি কৰে৷ প্লাষ্টিকসৃষ্ট প্ৰদূষণ কেৱল ভাৰতৰে সমস্যা নহয়৷ বিশ্বৰ বিভিন্ন দেশে এই সমস্যাৰ গুৰুত্ব উপলব্ধি কৰি তাৰ সমাধানৰ বাবে বিভিন্ন ব্যৱস্থা লৈছে৷ এটা তথ্যত প্ৰকাশ পাইছে যে প্ৰতিবছৰে বিশ্বত পাঁচ ট্ৰিলিয়ন প্লাষ্টিক বেগ ব্যৱহাৰ হয়৷ আনহাতে, ভাৰতত প্ৰতিদিনে ২৫,০০০ টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়৷ নিত্য-ব্যৱহাৰ্য এই প্লাষ্টিকৰ সামগ্ৰীবোৰে প্ৰদূষক হিচাপে কাম কৰাৰ লগতে এইবোৰ জীৱকুলৰ স্বাস্থ্যৰ বাবে হানিকাৰক বুলি জনা সত্ত্বেও পৃথিৱীৰ বহু দেশত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিব নোৱৰাটো দুৰ্ভাগ্যৰ বিষয়৷ দৈনন্দিন যিবোৰ প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হয়, সেইবোৰ বিভিন্ন নদ-নদীৰ মাধ্যমেৰে প্ৰৱাহিত হৈ সমুদ্ৰত পৰেগৈ আৰু এনেদৰে সমুদ্ৰপৃষ্ঠত প্লাষ্টিকৰ আৱৰ্জনা জমা হৈ সামুদ্ৰিক জীৱৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এনেবোৰ আৱৰ্জনাৰ বাবে প্ৰতিবছৰে বহুসংখ্যক সামুদ্ৰিক প্ৰাণীৰ মৃত্যু হয়৷ অলপতে এটা প্ৰতিবেদনত প্ৰকাশ পাইছিল যে সমুদ্ৰত যি হাৰত প্লাষ্টিকৰ আৱৰ্জনা বৃদ্ধি পাবলৈ ধৰিছে, সেয়া বিশ্বৰ পৰিৱেশৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷
অষ্টে˜লিয়াৰ এটা সংস্থাই যোৱা বছৰ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, বিশ্বত যিমান পৰিমাণৰ প্লাষ্টিক উৎপাদন কৰা হয়, তাৰ এক তৃতীয়াংশ হৈছে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক, যাৰ ৯৮ শতাংশ প্ৰস্তুত কৰা হয় জীৱাশ্মৰ ইন্ধনেৰে৷ বৰ্তমান যি হাৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক উৎপাদন কৰা হয়, সেই হাৰ অব্যাহত থাকিলে পাঁচৰ পৰা দহ শতাংশ গ্ৰীন হাউছ গেছ নিৰ্গমনৰ মূল কাৰক হ’ব এই সামগ্ৰী৷ প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি কৰা বিশ্বৰ এশখন দেশৰ ভিতৰত ভাৰত আছে ৯৪সংখ্যক স্থানত৷ নিঃসন্দেহে ভাৰতৰ বাবে এয়া এক উদ্বেগজনক কথা৷ ইতিমধ্যে বিশ্বৰ সৰ্বাধিক বায়ু প্ৰদূষিত দেশৰ তালিকাত আগস্থান পাইছে ভাৰতে৷ এতিয়া প্লাষ্টিকসৃষ্ট আৱৰ্জনাৰ ক্ষেত্ৰতো আগস্থান পাইছে দেশখনে৷ জানিব পৰা মতে, ভাৰতত বছৰি ২.চ্ছ্ৰ লাখ টন এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ হয়৷ প্লাষ্টিক আৱৰ্জনাই সৃষ্টি কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এনে সামগ্ৰীৰ ব্যৱহাৰ পাৰ্যমানে হ্ৰাস কৰাৰ গত্যন্তৰ নাই৷ প্লাষ্টিক আৱৰ্জনা হ্ৰাসৰ ক্ষেত্ৰত ছুইডেনে লোৱা পদক্ষেপো বিশেষভাৱে উল্লেখযোগ্য৷ ছুইডেনত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ নহয়৷ দেশখনত যিমানবোৰ প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি হয়, সেইবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হয়৷ ভাৰততো এনে ব্যৱস্থাৰ বিষয়ে চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে৷
চৰকাৰে কোনো নিৰ্দেশনা জাৰি কৰাৰ পাছত তাৰ কাৰ্যকৰীকৰণৰ প্ৰতিও নজৰ ৰাখিব লাগিব৷ প্লাষ্টিকে সৃষ্টি কৰা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ এবাৰ ব্যৱহাৰযোগ্য পলিথিন বেগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো চৰকাৰৰ এটা ইতিবাচক পদক্ষেপ আছিল৷ কেইদিনমান সংশি¡ষ্ট বিভাগৰ ফালৰ পৰা হাত-বজাৰত এই নিৰ্দেশনা পালন কৰা হৈছে নে নাই তাক পৰীক্ষাও কৰা হৈছিল৷ কিন্তু বৰ্তমান সকলো আগৰ দৰেই চলিবলৈ আৰম্ভ কৰিছে৷ এইক্ষেত্ৰত চৰকাৰ আৰু সংশি¡ষ্ট বিভাগবোৰ কঠোৰ হ’লেহে নিৰ্দেশনাবোৰ ফলপ্ৰসূ হ’ব৷ অন্যথা ভাৰতত প্লাষ্টিক নিষিদ্ধ কৰাটো কেতিয়াও সম্ভৱ নহ’ব৷






