Logo
image

সম্পত্তি কৰ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিব বুলি অসমৰ জনসাধাৰণে আশা কৰিছিল যদিও চৰকাৰখনে ৰাইজক কেঁকোৰা চেপাহে দিছে৷ কোনো এবিধ সামগ্ৰীৰে মূল্য নিয়ন্ত্ৰণ কৰিব নোৱৰা চৰকাৰখনে সকলোতে কেৱল কৰ বৃদ্ধি কৰি জনসাধাৰণক জুৰুলাহে কৰিছে৷ ৰাজ্যখনৰ বিত্তীয় অৱস্থা শোচনীয় হৈ পৰাৰ পাছতো চৰকাৰখনে ব্যয় সংকোচনৰ নীতি গ্ৰহণৰ পৰিৱৰ্তে চমক সৃষ্টিৰ নামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, উৎসৱ-পাৰ্বণ পাতি জনসাধাৰণৰ কৰ-কাটলৰ পৰা লাভ কৰা ধন ব্যয় কৰি আহিছে৷ বিভিন্ন উৎসৰ পৰা ঋণ লৈ ঋণৰ ধনেৰে ৰাজ্য পৰিচালনা কৰা চৰকাৰখনে ধনৰ জোৰা-টাপলি মাৰিব নোৱাৰি বৃদ্ধি কৰি গৈছে ইটোৰ পাছত সিটো কৰ৷ ইফালে, জনসাধাৰণৰ আয়ৰ উৎস ক্ৰমে কমি আহিছে৷ উপাৰ্জনৰ ধনেৰে পৰিয়াল পোহপাল দিব নোৱাৰি বিভিন্ন ঠাইত বিভিন্নজনে আত্মহনন কৰাৰ বাতৰি প্ৰায়েই পোহৰলৈ আহিছে৷ চৰম সংকটত কোনোমতে জীৱন-যাপন কৰা ৰাজ্যখনৰ পৌৰ এলেকাৰ নাগৰিকৰ ওপৰত পুনৰ কৰৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ শেহতীয়াকৈ ৰাজ্যখনৰ পৌৰ এলেকাত বাস কৰা লোকৰ সম্পত্তি কৰ ২৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে৷ চৰকাৰে প্ৰকাশ কৰা নতুন অধিসূচনা অনুসৰি পৌৰ এলেকাৰ বাসিন্দাই মাটিৰ মূল্য, ঘৰৰ মূল্য, গেৰেজৰ ২৫ শতাংশ, বেৰা থকা বাৰান্দা, পাকঘৰৰ মূল্যৰ ওপৰতো ২৫ শতাংশ কৰ ভৰিব লাগিব৷ অধিসূচনাত প্ৰকাশ কৰা অনুসৰি, পৌৰ এলেকাত বাস কৰা নাগৰিকে ১০ ছেপ্টেম্বৰৰ ভিতৰত পৌৰ নিগম বা পৌৰসভাৰ কাৰ্যালয়ত নিজৰ সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব৷ পৌৰ নিগম বা পৌৰসভাই জনসাধাৰণে দিবলগীয়া কৰৰ সম্পূৰ্ণ তালিকা ৩১ ডিচেম্বৰত প্ৰকাশ কৰিব৷ সেই তালিকাৰ ভিত্তিত জনসাধাৰণে হয়তো পহিলা এপ্ৰিল, ২০২৩১ পৰা বৰ্ধিত হাৰত কৰ আদায় দিব লাগিব৷ উল্লেখ্য, ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিতেই পৌৰ নিগম আৰু পৌৰসভাৰ অধীনত বাস কৰা নাগৰিকে সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব৷ উল্লেখ্য, ১৯৭১ চনত ৰাজ্য চৰকাৰে পৌৰ এলেকাৰ বাসিন্দাৰ সম্পত্তিৰ হিচাপ লৈছিল যদিও বিগত ৫০ বছৰে একেদৰেই চলি আছিল৷ ৫০ বছৰ পাছত চৰকাৰে লোৱা পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্তই বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকক আৰ্থিকভাৱে জুৰুলা কৰিব৷ পাকঘৰ, বাৰান্দা, গেৰেজ আদিৰো কৰ ভৰিবলগীয়া হ’লে বহু লোকৰ বাবে পৌৰ এলেকাত বাস কৰাই কঠিন হ’ব৷ ইফালে আন সামগ্ৰীৰ কথা আছেই৷ চৰকাৰে এফালে একাংশক বিনামূলীয়া সামগ্ৰী, বেংকৰ ঋণ মাফ কৰি ভোট বেংক সৃষ্টি কৰিছে আৰু আনফালে জনসাধাৰণৰ ওপৰত এটাৰ পাছত আনটো কৰৰ বোজা জাপি দিছে৷ ৰাইজৰ কৰ-কাটলৰ ধনেৰে বিনামূলীয়া আঁচনি ৰূপায়ণ কৰি ৰাজনৈতিক উদ্দেশ্য সাধন কৰা চৰকাৰে যিমান সোনকালে সম্ভৱ সিমান সোনকালে সকলো বিনামূলীয়া আঁচনি প্ৰত্যাহাৰ কৰিব লাগে৷ বিনামূলীয়া আঁচনি ৰূপায়ণ কৰি শ্ৰীলংকাৰ কি অৱস্থা হৈছে সেইটো দেখিও ৰাজনৈতিক দল তথা চৰকাৰৰ বোধ যদি নহয়, তেন্তে জনসাধাৰণৰ অৱস্থা পানীত হাঁহ নচৰা হ’ব৷ বিনামূলীয়া আঁচনি প্ৰৱৰ্তনৰ পৰিৱৰ্তে জনসাধাৰণক কৰ্মমুখী কৰি উপাৰ্জন বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগে৷ জনসাধাৰণৰ উপাৰ্জন বৃদ্ধিৰ ব্যৱস্থা নকৰি কৰ-কাটলৰ বোজা জাপি দি থাকিলে জনসাধাৰণৰ জীৱন-ধাৰণ কৰাই সমস্যা হ’ব৷