Logo
image

ধানৰ উৎপাদন

ভাৰত এখন কৃষিপ্ৰধান দেশ৷ ভাৰতৰ এতিয়াও দুই-তৃতীয়াংশ লোক কৃষিকৰ্মৰ লগত জড়িত৷ কিন্তু কৃষিকৰ্মৰে পৰিয়াল পোহপাল দিব নোৱাৰি কৃষকসকল চৰম দুৰ্যোগৰ সমুখীন হৈছে৷ ভাৰতত এতিয়াও কৃষিকাৰ্য প্ৰকৃতিনিৰ্ভৰ৷ কৃষিকৰ্মৰ সময়ত যদিহে প্ৰয়োজন অনুপাতে বৰষুণ হয়, তেন্তে শস্যৰ উৎপাদন আশানুৰূপ হয়৷ কিন্তু যদিহে কৃষিকৰ্মৰ সময়ত বৰষুণ কম-বেছি হয়, তেন্তে শস্যৰ উৎপাদন কম হয় আৰু কৃষকসকল লোকচানৰ সমুখীন হয়৷ ভাৰতৰ প্ৰধান খাদ্য ভাত৷ ভাৰতত যিমান ধান উৎপাদন হয়, তাৰ অধিকাংশ বাৰিষা কৰা ধান খেতিৰ পৰাই হয়৷ কিন্তু   এইবাৰ খাৰিফ শস্যৰ সময়ত ভাৰতত ধান উৎপাদন ১০-১২ নিযুত টন কম হোৱাৰ আশংকা কৰা হৈছে৷ ২০২১-২২ বৰ্ষত ভাৰতৰ মুঠ ধান উৎপাদন আশা কৰা হৈছিল অভিলেখসংখ্যক ১৩০.২৯ নিযুত টন৷ যিটো ইয়াৰ পূৰ্বৰ বৰ্ষত আছিল ১২৪.৩৭ নিযুত হ’ল৷ অৰ্থাৎ এইবাৰ যিমান ধান উৎপাদনৰ আশা কৰা হৈছিল, ইয়াৰে ১১১.৭৬ নিযুত টন খাৰিফ ঋতুকালীন উৎপাদনৰ পৰা হ’ব বুলি আশা কৰা হৈছিল৷ অৰ্থাৎ ৮০ শতাংশৰো অধিক ধানৰ উৎপাদন খাৰিফ শস্যৰ উৎপাদনৰ সময়ত হ’ব বুলি আশা কৰা হৈছিল৷ কিন্তু এইবাৰ দেশত বৰষুণৰ মাত্ৰা কম হোৱা বাবে দেশৰ কেইবাখনো ৰাজ্যত ধানৰ বীজ সিঁচিব নোৱৰাত বা কঠীয়া ৰুব নোৱৰাত, এই সময়ত হ’ব লগা ধানৰ উৎপাদন হ্ৰাস পাব৷ কৃষি মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২ ছেপ্টেম্বৰপৰ্যন্ত খাৰিফ ঋতুকালীন ধানৰ খেতি প্ৰায় ৫.৬২ শতাংশ কম হ’ব৷ কৃষি মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত বৰ্ষত এই সময়ছোৱাত ধানৰ খেতি কৰিছিল ৪০৬.৮৯ লাখ হেক্টৰ ভূমিত৷ কিন্তু এই বছৰ এই সময়ছোৱাত বৰষুণৰ অভাৱত বহু কৃষিভূমি ছন পৰি থাকিল৷ কৃষি মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এই বছৰ খাৰিফ শস্যৰ সময়ত উৎপাদন কৰা ধানৰ বীজ বা কঠীয়া বহু ৰাজ্যই সঠিকভাৱে সিঁচিব পৰা নাই৷ তথ্য অনুসৰি, ঝাৰখণ্ডত এই বছৰ বাৰিষা ৯.৮০ লাখ হেক্টৰ ভূমিত, মধ্য প্ৰদেশত ৬.৩২ লাখ হেক্টৰ ভূমিত, পশ্চিমবংগত ৪.৪৫ লাখ হেক্টৰ ভূমিত, চত্তিশগড়ত ৩.৯১ লাখ হেক্টৰ ভূমিত, উত্তৰ প্ৰদেশত ২.৬১ লাখ হেক্টৰ ভূমিত, উত্তৰ প্ৰদেশত ২.৬১ লাখ হেক্টৰ ভূমিত আৰু বিহাৰত ২.১৮ লাখ হেক্টৰ ভূমিত ধানৰ বীজ বা কঠীয়া  সিঁচিব পৰা নাই৷ সাধাৰণতে জুনত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বৰষুণৰ সময়ত ধান খেতি কৰা হয় আৰু অক্টোবৰৰ পৰা এনে খেতি চপোৱা হয়৷ কিন্তু এই বছৰ বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে কৃষকে খেতি কৰিব নোৱাৰিলে৷ 

অসমতো খাৰিফ শস্যৰ সময়ত ধানৰ উৎপাদন ৰাজ্যখনৰ মুঠ  ধানৰ উৎপাদনৰ ৭০-৮০ শতাংশ হয়৷ অসমত জুন-জুলাইত শালি খেতি, মাৰ্চ-এপ্ৰিলত আহু ধানৰ খেতি আৰু নৱেম্বৰ-ডিচেম্বৰত বৰো ধানৰ খেতি কৰা হয়৷ কিন্তু জুন-জুলাই মাহত বৰষুণৰ পৰিমাণ কম হোৱা বাবে বা কোনো কোনো ঠাইত বানে ধুই নিয়া বাবে ৰাজ্যখনত বাৰিষা উৎপাদন হোৱা ধানৰ পৰিমাণ ক্ৰমে কমি গৈছে৷ সেয়ে এই বছৰ অসমতো ধানৰ উৎপাদন দহ শতাংশ হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে৷ মূলতঃ জুলাই আৰু আগষ্টত ৰাজ্যখনত যি পৰিমাণৰ বৰষুণ হ’ব লাগিছিল, সেই পৰিমাণৰ বৰষুণ নোহোৱাৰ বাবেই পানীৰ অভাৱত ধানৰ উৎপাদন হ্ৰাস পাব৷ বতৰ বিজ্ঞানৰ তথ্য অনুসৰি, অসমত জুনত স্বাভাৱিক অৱস্থাতকৈ ৬২ শতাংশ অধিক বৰষুণ হয় যদিও জুলাই আৰু আগষ্টত স্বাভাৱিক অৱস্থাতকৈ ক্ৰমে ৩৮ শতাংশ আৰু ৪২ শতাংশ কম বৰষুণ হয়৷ সেয়ে বহু কৃষকে এতিয়া বছৰটোৰ ভাতমুঠি যোগাৰ কৰাৰ উদ্দেশ্যে বৰো ধানৰ খেতিত মনোনিৱেশ কৰিছে৷ যদিহে ৰাজ্য তথা দেশত ধানৰ উৎপাদন আশানুৰূপ নহয়, তেন্তে আগত সময়ত ধানৰ দাম বৃদ্ধি হোৱাৰ লগতে দেশৰ জনসাধাৰণক খাদ্যৰ যোগান ধৰিবলৈ অধিক পৰিমাণৰ ধান-চাউল আমদানি কৰিব লাগিব৷ চৰকাৰ তথা কৃষি বিভাগে অধিক পৰিমাণৰ ধান উৎপাদনৰ উদ্দেশ্যে আধুনিক ব্যৱস্থাৰে কৃষিকাৰ্য কৰাৰ বাবে কৃষকক সঠিক দিহা-পৰামৰ্শ দিয়াৰ উপৰি কৃষি-প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিব লাগিব৷ যিসকল কৃষকে শস্যৰ উৎপাদন কৰিব নোৱাৰিলে, বা যিসকলৰ শস্য বানত নষ্ট হ’ল নাইবা অনাবৃষ্টিৰ ফলত নষ্ট হ’ল, সেইসকলক ৰেহাই মূল্যত কিদৰে চাউল যোগান ধৰিব পাৰে তাৰো দিহা চৰকাৰে কৰিব লাগিব৷ সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দিনত যদি কৃষকৰ ভাতমুঠিৰো অভাৱ হয়, তেন্তে সেইসকলৰ জীৱন দুৰ্বিষহ হৈ পৰিব৷