Logo
image

ৰক্তহীনতা! ঔষধ খোৱাৰ আগতে জানি লওক ঘৰুৱা সমাধান

আপাতঃদৃষ্টিত ৰক্তহীনতাক সাধাৰণ ৰোগ বুলি ধৰা হয় যদিও  ৰক্তহীনতাৰ বাবেই অন্য জটিল ৰোগ আৰম্ভ হ’ব পাৰে৷ কাৰণ ৰক্তহীনতাই মাৰাত্মক পৰ্যায়ত উপনীত নোহোৱা পৰ্যন্ত তেনে বিশেষ ক্ষতিকাৰক কোনো সমস্যাই দেখা নিদিয়ে৷ কিন্তু বাস্তৱত ইয়াৰ অৱহেলাৰ ফল হয় বিষম৷ সেয়ে আৰম্ভণিতেই ৰক্তহীনতাৰ বিষয়ত অধিক গুৰুত্ব দি চিকিৎসা কৰা উচিত৷

এগৰাকী পূৰ্ণবয়স্ক মহিলাৰ তেজত হিম’গ্লবিন থাকে ১২.১ গ্ৰামৰ পৰা ১৫.১ গ্ৰাম৷ পুৰুষৰ তেজত থাকে ১৩.৮ৰ পৰা ১৭.২ গ্ৰাম আৰু শিশুৰ তেজত ১১ৰ পৰা ১৬ গ্ৰাম হিম’গ্লবিন থকাটো স্বাভাৱিক৷ কাৰোবাৰ তেজত হিম’গ্লবিনৰ পৰিমাণ কমি  গ’লেই তেওঁ ৰক্তহীনতাত আক্ৰান্ত হোৱা বুলি সাধাৰণতে মানি লোৱা হয়৷ 

   মূলতঃ শৰীৰত আইৰণৰ অভাৱ হ’লে এই সমস্যা বৃদ্ধি পায়৷ সেয়েহে ৰক্তহীনতাৰ সমস্যা দূৰ কৰিবলৈ হ’লে শৰীৰত নিয়মীয়াকৈ আইৰণৰ পৰিমাণ বা ভাৰসাম্য সঠিককৈ ৰখাটো প্ৰয়োজন৷ ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণে আইৰণসমৃদ্ধ খাদ্য খোৱা দৰকাৰ৷ কিছু সহজলভ্য খাদ্য সম্ভাৰে ৰক্তহীনতাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে৷ ঔষধ খোৱাৰ আগতে জানি লওক এইবোৰ সহজ উপায়–

চীনা বাদামঃ ৰক্তহীনতাৰ পৰা মুক্তি পাবলৈ হ’লে প্ৰতিদিনে চীনা বাদাম খোৱাটো জৰুৰী৷ চীনা বাদামত থকা আইৰণে ৰক্তহীনতাৰ সমস্যা সহজে দূৰ কৰে৷   

কণীঃ প্ৰতিদিনে এটাকৈ কণী খোৱাৰ অভ্যাস কৰিলে শৰীৰত আইৰণৰ ঘাটি দূৰ হয় বা ৰক্তহীনতাৰ সমস্যাৰ পৰা দূৰৈত থাকিব পাৰি৷ কণীৰ দৰে সহজলভ্য, পুষ্টিকৰ খাদ্য প্ৰতিদিনে খাদ্য তালিকাত ৰখাটো জৰুৰী৷

খেজুৰঃ খেজুৰত প্ৰচুৰ পৰিমাণে থাকে আইৰণ, সেয়েহে  নিয়মিত খাদ্য তালিকাত খেজুৰ ৰাখিলে ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত সহজ হয়৷ 

বিলাহীঃ বিলাহীৰ দৰে খুব সহজলভ্য পাচলিবিধে ৰক্তহীনতা দূৰ কৰাত অত্যন্ত কাৰ্যকৰী৷ বিলাহীত থকা আইৰণ, ভিটামিন ‘চি’ আৰু লাইক’পেনে ৰক্তহীনতাসহ অন্যান্য ৰোগৰ পৰা সুৰক্ষিত কৰে৷

মৌঃ মৌ এবিধ উচ্ছ ঔষধিসম্পন্ন ভেষজ৷ মৌ ৰক্তহীনতা দূৰ কৰাত অত্যন্ত কাৰ্যকৰী৷ চেনিৰ পৰিৱৰ্তে নানা খাদ্যৰ লগত মৌ খোৱা অভ্যাস কৰিলে চেনিৰ ক্ষতিকৰ প্ৰভাৱৰ পৰাও বাচিব পাৰি, সমান্তৰালকৈ ৰক্তহীনতাৰ সমস্যাও দূৰ কৰে৷