Logo
image

পৰ্যটন ক্ষেত্ৰলৈ সুদিন

ক’ভিড পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হোৱাৰ ফলত ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনলৈ আহিছে ভাল খবৰ৷ ক’ভিড অতিমাৰীৰ বাবে বিগত দুটা বছৰত পৰ্যটন ক্ষেত্ৰখনৰ ব্যাপক ক্ষতি হৈছিল৷ পৰ্যটন বিভাগৰ শেহতীয়া তথ্য অনুসৰি চলিত বৰ্ষৰ প্ৰথম আঠটা মাহত প্ৰায় দুই নিযুত পৰ্যটকে জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিছে, যিটো এটা অভিলেখ৷ এই দুই নিযুত পৰ্যটকৰ প্ৰায় চাৰে তিনি লাখ হৈছে অমৰনাথ যাত্ৰী৷ জম্মু আৰু কাশ্মীৰৰ পৰ্যটন বিভাগৰ সঞ্চালকে প্ৰকাশ কৰা মতে, চলিত বৰ্ষৰ আগষ্টৰ সমাপ্তিলৈকে ১৬.৮৪ লাখ পৰ্যটকে কাশ্মীৰ ভ্ৰমণ কৰিছে আৰু তেওঁলোকৰ ১০,৫০০ হৈছে বিদেশী পৰ্যটক৷ অমৰনাথ ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যা মিলাই এই সময়ছোৱাত কাশ্মীৰ ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা হয়গৈ ২০.৪৯ লাখ৷ পৰ্যটন বিভাগৰ তথ্য অনুসৰি কাশ্মীৰ ভ্ৰমণ কৰা পৰ্যটকৰ ক্ষেত্ৰত এয়া হৈছে এক অভিলেখ আৰু বছৰটোৰ বাকী থকা সময়ছোৱাত এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ পৰ্যটকৰ এই আধিক্যই হোটেল ব্যৱসায়ীসকলকো উৎসাহিত কৰিছে৷ বছৰটোৰ আৰম্ভণিৰ পৰাই ৰাজধানী শ্ৰীনগৰৰ লগতে পেহেলগাম, গুলমাৰ্গ আৰু সোণামাৰ্গৰ দৰে আন পৰ্যটন ক্ষেত্ৰত থকা হোটেল আৰু গেষ্ট হাউছবোৰ দেশ-বিদেশী পৰ্যটকেৰে ভৰি পৰিছিল৷ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত তিনিটা বছৰ পৰ্যটকৰ ভূ-স্বৰ্গ হিচাপে খ্যাত কাশ্মীৰৰ পৰ্যটন উদ্যোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল৷ কিন্তু শেহতীয়াভাৱে ৰাজ্যখনলৈ যিটো হাৰত পৰ্যটকৰ আগমন ঘটিছে, তাৰ বাবে পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনৰ ব্যৱসায়ীসকলৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙিছে৷ শীতকালৰ আগমনৰ লগে লগে কাশ্মীৰলৈ পৰ্যটকৰ সোঁত ব’বলৈ লয়৷ ২০২০ বৰ্ষত কাশ্মীৰ ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা আছিল চ্ছ্ৰ.ৰ লাখ৷ তাৰ বিপৰীতে যোৱা বছৰ এই সংখ্যা বৃদ্ধি পাইছিল ৬.৬৫ লাখলৈ, যিটো আছিল বিগত সাত বছৰত সৰ্বাধিক৷ ৰাজ্যখনৰ পৰ্যটন বিভাগৰ তথ্য অনুসৰি শীতকালত কাশ্মীৰ ভ্ৰমণ কৰা পৰ্যটকসকলৰ [বিশেষকৈ বিদেশী পৰ্যটক] প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে উত্তৰ কাশ্মীৰৰ গুলমাৰ্গস্থিত স্কী-ৰিছ’ৰ্টবোৰৰ লগতে বিখ্যাত ঈগলু কেফে৷

উল্লেখ্য, ২০১৫ চনৰ পৰা ২০২০ চনমানলৈ দেশৰ মুঠ ঘৰুৱা উৎপাদনত পৰ্যটন ক্ষেত্ৰৰ বৰঙণি আছিল প্ৰায় ৫ শতাংশ, যিটো ক’ভিড অতিমাৰীসৃষ্ট সমস্যাৰ বাবে উদ্বেগজনকভাৱে নিম্নগামী হৈছিল৷ কেন্দ্ৰীয় পৰ্যটন বিভাগৰ তথ্য অনুসৰি ২০১৭ চনত ভাৰত ভ্ৰমণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা আছিল প্ৰায় ১৬.৮১ নিযুত৷ এই সংখ্যা ২০১৮ চনত ১৭.৪২ নিযুত আৰু ২০১৯ চনত ১৭.৯১ নিযুতলৈ বৃদ্ধি পাইছিল৷ তাৰ পাছত ২০২০ আৰু ২০২১ চনত এই সংখ্যা হ্ৰাস পাইছিল ক্ৰমে ৬.৩৩ আৰু ৭ নিযুতলৈ৷ ক’ভিডকালীন পৰিস্থিতিত দেশৰ পৰ্যটন ক্ষেত্ৰ যিদৰে ক্ষতিগ্ৰস্ত হৈছিল, সেই স্থিতিৰ পৰা পৰিৱেশ ভাললৈ আহিবলৈ বহু সময়ৰ প্ৰয়োজন হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও শেহতীয়াভাৱে ভাৰত ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা যি হাৰত বৃদ্ধি পাইছে, সেয়া নিঃসন্দেহে দেশখনৰ পৰ্যটন উদ্যাগৰ বাবে উৎসাহৰ বিষয়৷ ক’ভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকলৈ ভিছা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়ত চৰকাৰে প্ৰথম পাঁচ লাখ পৰ্যটকৰ বাবে বিনামূলীয়াকৈ ভিছা প্ৰদানৰ সিদ্ধান্ত লৈছিল৷ বিদেশী পৰ্যটকৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত গৃহ বিভাগে  চলিত বৰ্ষৰ ১৫ মাৰ্চৰ পৰা ১৫৬খন ৰাষ্ট্ৰৰ নাগৰিকলৈ ই-টুৰিষ্ট ভিছাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছিল, যিটো পৰ্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত এক ইতিবাচক সিদ্ধান্ত হিচাপে বিবেচিত হৈছিল৷

শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্য ছিকিম আৰু অৰুণাচল চৰকাৰে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে বিশেষ কাৰ্যসূচী লৈছে৷ ভাৰতত আগমন হৈছে উৎসৱৰ বতৰ৷ স্বাভাৱিকতে এই সময়ছোৱাত দেশৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰলৈ আগমন ঘটিব ভালেসংখ্যক পৰ্যটকৰ৷ এটা কথা অনস্বীকাৰ্য যে পৰ্যটনৰ ক্ষেত্ৰত উন্নয়ন সাধিবলৈ হ’লে প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ দেশৰ বিভিন্ন ৰাজ্যই ইতিমধ্যে এইক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ লগতে অসমতো পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰচুৰ সমল আছে৷ কিন্তু এই সমলবোৰৰ বিষয়ে পৰ্যটকক  অৱগত কৰোৱাৰ ক্ষেত্ৰত পৰ্যাপ্ত প্ৰচাৰৰ ব্যৱস্থা কৰা হোৱা নাই৷ শেহতীয়াভাৱে পৰ্যটন বিভাগে অসমৰ পৰ্যটন স্থলবোৰৰ  প্ৰচাৰৰ বাবে বিভিন্ন আঁচনি লৈছে, লগতে মাৰ্কেটিঙতো গুৰুত্ব দিছে যদিও এইক্ষেত্ৰত কৰিবলগীয়া বহুতো আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত পৰ্যটনৰ ক্ষেত্ৰখনত ছিকিম হৈছে সবাতোকৈ আগস্থানত৷ পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত ছিকিম চৰকাৰে যিবোৰ আঁচনি লৈছে, তাৰেই ফলত ৰাজ্যখনত বৃদ্ধি পাইছে বিদেশী পৰ্যটকৰ সংখ্যা৷ ছিকিমৰ পাছত অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ চৰকাৰেও পৰ্যটনৰ উন্নয়নৰ বাবে আশানুৰূপ ব্যৱস্থা লৈছে৷ অসম চৰকাৰ আৰু ৰাজ্যখনৰ পৰ্যটন বিভাগেও উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ দৰে পৰ্যটন উদ্যোগটোৰ উত্তৰণৰ ক্ষেত্ৰত সঠিক পৰিকল্পনাৰে আগবাঢ়িব পাৰিলে অসমলৈও দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি নোপোৱাকৈ নাথাকিব৷