সিজোৱা আলুৱে ওজন কমায়, হজম শক্তি বঢ়ায়
নিত্য প্ৰয়োজনীয় পাচলিৰ ভিতৰত থলুৱাভাৱে উৎপাদিত আলু অন্যতম৷ পাচলিৰ ভিতৰত অধিক প্ৰয়োজনীয় খাদ্য সামগ্ৰীবিধেই হ’ল আলু৷
বিভিন্ন ধৰণে আলু খাব পাৰি৷ ভাজি, তৰকাৰী বনাই, পিটিকা কৰি আলু খাব পাৰি৷ আলুৰ অবিহনে কোনো এবিধ তৰকাৰীয়েই সম্পূৰ্ণ নহয়৷ যিকোনো ব্যঞ্জনতে অৰ্থাৎ প্ৰত্যেকবিধ তৰকাৰীতে আলু অপৰিহাৰ্য৷ সিজোৱা আলু খোৱাটো স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী৷ সিজোৱা আলু অনেক পুষ্টিগুণে ভৰপুৰ৷ হজমৰ সমস্যাত সিজোৱা আলু খালে উপশম পোৱা যায়৷ সেইদৰে ওজন কমোৱাৰ ক্ষেত্ৰতো সিজোৱা আলুৱে বিশেষ সহায় কৰে৷ সিজোৱা আলু প্ৰচুৰ পৰিমাণে ভিটামিন চি, বি-কমপ্লেক্স, ফাইবাৰ, কেলচিয়াম, পটাছিয়াম, ফচফৰাছ আদি উপাদান পোৱা যায়৷ সাধাৰণতে আমাৰ মাজত এটা বদনাম আছে যে আলু খালে চৰ্বি বাঢ়ে৷ খাদ্য বিশ্লেষকসকলৰ মতে এই ধাৰণা ভুল৷ সিজোৱা আলুৱে যিদৰে হজম শক্তি বঢ়ায় সেইদৰে ওজন কমোৱাটো বিশেষ ভূমিকা গ্ৰহণ কৰে৷ তদুপৰি সিজোৱা আলুৱে হাড় মজবুত কৰে৷ সিজোৱা আলু খালে স্বাস্থ্যৰ কি কি উপকাৰ হয় সেই বিষয়ে জানো আহকচোন৷
[১] হজমৰ সমস্যা সমাধান কৰে
যিসকলৰ হজমৰ সমস্যা আছে তেওঁলোকে নিয়মিত সিজোৱা আলু খাব পাৰে৷ কাৰণ আলুত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ যি পাচনতন্ত্ৰক শক্তিশালী কৰে৷ তদুপৰি হজমৰ সমস্যা দূৰ কৰাত আলুৱে বিশেষভাৱে সহায় কৰে৷
[২] ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়ায়
সিজোৱা আলু ৰোগ প্ৰতিৰোধৰ ক্ষমতা শক্তিশালী কৰাত খুবেই উপকাৰী৷ কাৰণ সিজোৱা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ যি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে৷ এণ্টি ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা শৰীৰক ৰক্ষা কৰাৰ ক্ষেত্ৰত আলুৱে সহায় কৰে৷
[৩] হাড় মজবুত কৰে
সিজোৱা আলু হাড় মজবুত কৰাৰ কাৰণে খুবেই উপকাৰী৷ কাৰণ সিজোৱা আলুত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু ফচফৰাছ থাকে৷ যি হাড় মজবুত কৰাত সহায় কৰে৷ তদুপৰি হাড় সুস্থ কৰি ৰখাত আলু উপকাৰী বুলি প্ৰমাণিত হৈছে৷
[৪] ওজন কমায়
সিজোৱা আলু ওজন কমোৱাৰ কাৰণে খুবেই উপকাৰী৷ কাৰণ সিজোৱা আলুত কেলৰি আৰু চৰ্বি খুব কম থাকে৷ যি ওজন কমোৱাত সহায় কৰে৷






