Logo
image

তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ এইদৰে চাহ খাওক

আজি কালি ত্ৰিশ বছৰ বয়সৰ পৰাই শৰীৰত বিভিন্ন ৰোগৰ কাৰকে দেখা দিয়ে৷ কম বয়সতেই বহুতে উচ্ছ ৰক্তচাপ, থাইৰয়ড, কলেষ্টেৰল, ফেটি লিভাৰ আদি সমস্যাত ভোগা দেখা যায়৷ একপ্ৰকাৰ ক’বলৈ গ’লে এই ৰোগবোৰে শৰীৰত বাহ বান্ধি লয়৷ এই সকলো ৰোগৰ লগতে সম্প্ৰতি বৃদ্ধি পাইছে ডায়েবেটিছৰ সমস্যা৷ ডায়েবেটিছ আক্ৰান্ত ৰোগীয়ে উক্ত ৰোগৰ পৰা মুক্তি পাবলৈ বা তেজৰ শৰ্কৰাৰ মাত্ৰা ঠিককৈ ৰাখিবলৈ এইবাৰ এইবিধ বিশেষ চাহ খালে উপকাৰ পাব৷

এণ্টি অক্সিডেণ্টৰ দ্বাৰা পৰিপূৰ্ণ আদাৰে বনোৱা চাহ নিয়মীয়াকৈ খালে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে, ইমিউনিটী বৃদ্ধি কৰে আৰু মানসিক চাপ কমায়৷ সেয়েহে সদায় আদাৰে বনোৱা চাহ খাব পাৰে৷ 

ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ বাবে অত্যন্ত উপকাৰী হ’ল এলভেৰাৰে বনোৱা চাহ৷ এলভেৰাৰে বনোৱা চাহে শৰীৰ সুস্থ ৰাখে, তেজৰ শৰ্কৰাৰ মাত্ৰা কমায় আৰু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ সদায় পুৱা এলভেৰা গছৰ পাত কাটি ভিতৰৰ বিজলুৱা অংশ উলিয়াই লওক আৰু নিৰ্দিষ্ট পৰিমাণৰ পানীৰ সৈতে মিহলাই খালে উপকাৰ পাব৷ 

শৰীৰত তেজৰ শৰ্কৰাৰ মাত্ৰা সঠিককৈ ৰাখিবলৈ আৰু উচ্ছ ৰক্তচাপ কমাবলৈ জবা ফুলৰ চাহ খাব পাৰে৷ ইয়াত এণ্টি অক্সিডেণ্ট আছে আৰু ইয়ে তেজৰ শৰ্কৰা মাত্ৰা কমাই শৰীৰ নিৰোগী কৰি ৰাখে৷

প্ৰতিদিনে এবাৰকৈ ডালচেনিৰে বনোৱা চাহ খালে বহু উপকাৰ পাব৷ এই চাহে শৰীৰ সুস্থ কৰি ৰাখে আৰু কলেষ্টেৰলৰ মাত্ৰা উন্নত কৰি ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে৷ 

ইউনিৰ্ভাচিটী অৱ মেৰিলেণ্ডৰ পৰা প্ৰকাশিত এক প্ৰতিবেদনত  প্ৰকাশ পাইছে এনে কিছুমান তথ্য৷ তথ্য অনুসৰি দৈনিক একাপকৈ হালধিৰে বনোৱা চাহ খালে শৰীৰ সুস্থ হৈ থাকে৷ এই চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, তেজৰ শৰ্কৰাৰ মাত্ৰা সঠিককৈ ৰাখে৷ তেজত গ্লুকজৰ মাত্ৰা কমাবলৈ হালধিৰে বনোৱা চাহ খালে যথেষ্ট উপকাৰ পাব৷ মানসিক উদ্বেগ, মানসিক অৱসাদ, দুঃশ্চিন্তা আদি হৈছে ডায়েবেটিছৰ অন্যতম কাৰক৷ তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে শৰীৰৰ অন্য অংগ-প্ৰত্যংগৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব  পাৰে৷ সেয়ে শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিবলৈ বা ডায়েবেটিছ ৰোগৰ পৰা বাচি থাকিবলৈ হ’লে খাদ্যতালিকাত ওপৰোক্ত পৰামৰ্শবোৰ অন্তৰ্ভুক্ত কৰক৷