কিড্নি ষ্ট’নত এইবোৰ ফলৰ ৰস খাওক
কিড্নি ষ্ট’ন এতিয়া সাধাৰণ অসুখত পৰিণত হৈছে৷ বেছিসংখ্যক লোকেই এনেধৰণৰ অসুখত আক্ৰান্ত হয়৷ এই ৰোগ হোৱাৰ লগে লগে প্ৰস্ৰাৱত বিষক্ৰিয়াৰ লগতে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়৷ বিভিন্ন সময়ত এই ৰোগৰ পৰা হাত সাৰিবলৈ অস্ত্ৰোপচাৰপৰ্যন্ত কৰিব লগা হয়৷ কিন্তু ঘৰুৱা সহজ উপায়েৰে কিড্নি ষ্ট’ন দূৰ কৰিব পৰা যায়৷
[১] মধুৰিআমৰ জুচঃ মধুৰিআমত থাকে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’৷ কিড্নি ষ্ট’ন দূৰ কৰাৰ ক্ষেত্ৰত মধুৰিআম মহৌষধস্বৰূপ৷ মধুৰিআমৰ জুচ খালে শৰীৰৰ ভিতৰত থকা এণ্টিঅক্সিডেণ্ট সহজেই বাহিৰ হয়৷ কিড্নি ষ্ট’নত আক্ৰান্ত হ’লে কমেও এসপ্তাহৰ বাবে নিয়মীয়াকৈ মধুৰিআমৰ জুচ খালে ষ্ট’ন বাহিৰ হৈ যায়৷
[২] বিলাহীৰ জুচঃ বিলাহীত থকা ঔষধি গুণে শৰীৰৰ ক্ষেত্ৰত মহৌষধৰ দৰে কাম কৰে৷ বিলাহীত আছে বিটাকেৰ’টিন৷ তদুপৰি প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ বিলাহীত থাকে৷ বিলাহীত থকা এই পুষ্টিকৰ উপাদানে কিড্নিৰ ষ্ট’ন সহজে বাহিৰ কৰাত সহায় কৰে৷
[৩] মৌচুমীৰ জুচঃ একেদৰে মৌচুমীত আছে ভিটামিন ‘চি’, পটাছিয়াম আৰু নানান প্ৰয়োজনীয় খনিজ আৰু ভিটামিন৷ কিড্নি ষ্ট’ন দূৰ কৰাৰ ক্ষেত্ৰত মৌচুমীৰ জুচে সহায় কৰে৷ সেয়েহে কিড্নি ষ্ট’নত আক্ৰান্ত হ’লে নিয়মীয়াকৈ মৌচুমী জুচ খোৱা উচিত৷
[৪] কমলাৰ জুচঃ কমলা ভিটামিন ‘চি’ৰে ভৰপূৰ৷ কমলাত আছে বিভিন্ন ভিটামিন৷ সেইবাবে কমলা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷
[৫] নেমুৰ ৰসঃ নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকাৰ উপৰি অন্যান্য পুষ্টিকৰ উপাদান থাকে৷ সেয়েহে কিড্নি ষ্ট’নত আক্ৰান্ত হ’লে নিয়মীয়াকৈ নেমুৰ ৰস খালে ভাল ফল আশা কৰিব পাৰি৷






