শিক্ষাৰ ‘সমগ্ৰতা’ক উপলব্ধি কৰিলেহে শিক্ষানীতি সফল হ’ব
সুদীৰ্ঘ ৩৪ বছৰ বিৰতিৰ মূৰত অৰ্থাৎ ১৯৮৬ চনত দেশত দ্বিতীয়খন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগৰ পৰৱৰ্তী পৰ্যায়ত ২০২০ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি এন ই পি-২০২০খন কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ দুবছৰ অতিক্ৰম কৰিলে৷ স্কুলীয়া শিক্ষা, উচ্ছ শিক্ষা, কাৰিকৰী শিক্ষা, দক্ষতাকেন্দ্ৰিক শিক্ষা আদিবিষয়ক লৈ কেন্দ্ৰ, ৰাজ্য উভয়তে এন ই পি-২০২০ কাৰ্যকৰীকৰণক লৈ বিভিন্ন পৰ্যায়ত আলোচনা, মতামত বিনিময় আদি অব্যাহত ৰখা হৈছে৷ উল্লেখ্য, এন ই পি-২০২০ক এক প্ৰণালীবদ্ধ, বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে ধাৰাবাহিকভাৱে কাৰ্যকৰী কৰাৰ দিশটোতে নিহিত আছে ইয়াৰ সফলতা, বিফলতা৷ ইতিপূৰ্বে ১৯৬৮ চনত প্ৰথমখন ৰাষ্ট্ৰীয় শিক্ষানীতি, ১৯৮৬ চনত দ্বিতীয়খন [১৯৯২ চনত পুনৰ সংশোধিত] ৰাষ্ট্ৰীয় শিক্ষানীতিতো বহু বিষয় উত্থাপন কৰি ইয়াক নিৰ্দিষ্ট সময়ৰ ভিতৰতে বাস্তৱায়িত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল৷ কিন্তু বহু ভাষিক, ভৌগোলিক, জাতিগত, সাংস্কৃতিক আৰু আন সামাজিক ভিন্নতাৰে ভৰপূৰ বিশাল দেশ ভাৰতৰ পূৰ্বৰ দুয়োখন শিক্ষানীতিয়ে আশা কৰা ধৰণে শৈক্ষিক দিশত পৰিৱৰ্তন আনিবলৈ সমৰ্থ নহ’ল৷ কোৱা বাহুল্য উপৰিউক্ত শিক্ষানীতিসমূহৰ লগতে দেশত স্বাধীনতাৰ পৰা আজিৰ দিনলৈ গঠন হৈছিল অলেখ কমিটী, আয়োগ আদি৷ সৰ্বশিক্ষা, প্ৰাপ্তবয়স্ক শিক্ষা, আৰ এম এছ এ, ৰুছা আদি বহু প্ৰকল্প-আঁচনিৰ যোগেদি শিক্ষাখণ্ডৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰে কেতবোৰ আজিও অব্যাহত আছে৷ আয়োগ, কমিটীৰ প্ৰতিবেদন, চৰকাৰী বৃহৎ বৃহৎ আঁচনিসমূহ সফলভাৱে প্ৰয়োগ হোৱা হ’লে হয়তো দেশৰ আৰ্থ-সামাজিক দৃশ্যপটেই সলনি হ’লহেঁতেন; কিয়নো শিক্ষাইহে দেশৰ উত্তৰণৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত সবাতোকৈ প্ৰবল ভূমিকা পালন কৰে৷ কিন্তু বৰ্তমানৰ পৰিৱেশ বিশ্লেষণ কৰিলে দেখা যায় যে শিক্ষিত লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে, সেই অনুযায়ী দেশৰ মানৱ সম্পদৰ বিকাশৰ গতিধাৰা আশাপ্ৰদ হোৱা নাই৷ গ্ৰেজুৱেট, স্নাতকোত্তৰ, অভিযান্ত্ৰিক ডিগ্ৰীধাৰী, কাৰিকৰী আন বিভাগৰ ডিগ্ৰীধাৰী, ডিপ্লমাধাৰী লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পালেও তেনে লোকৰ সংখ্যাই মানৱ উন্নয়ন সূচকাংক উন্নীতকৰণত ভূমিকা ল’ব পৰা নাই৷ নিয়োগযোগ্য লোকৰ একাংশই নিয়োগ লাভ কৰা নাই; আনহাতে, এচাম শিক্ষিতৰ নিয়োগ-যোগ্যতাই নাই৷ উচ্ছ শিক্ষা, পি এইচ ডিগ্ৰী লাভ কৰাৰ পাছতো তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে হাহাকাৰ কৰি ফুৰা নিবনুৱাৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাটো দেশৰ বাবে শুভ লক্ষণ নহয়৷ ইফালে শিক্ষাৰ প্ৰকৃত মূল্যায়ন কৰাত গৰিষ্ঠসংখ্যক ব্যৰ্থ হৈছে– যাৰ বাবে শিক্ষিত লোকৰ দ্বাৰা অপৰাধ সংঘটিত কৰা, অসামাজিক কাম-কাজত লিপ্ত হোৱা লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে৷ এনে সকলো দিশ উপলব্ধি কৰি ‘শিক্ষাৰ সমগ্ৰতা’ক পুনৰ জাগ্ৰতকৰণৰ দ্বাৰা দেশৰ অগণন শিক্ষাৰ্থীক প্ৰকৃত মানৱ-সম্পদৰূপে গঢ়াৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ত বিভিন্ন দিশ অন্তৰ্ভুক্ত কৰা হৈছে৷ সেইমৰ্মে স্কুলীয়া শিক্ষাৰ পৰা উচ্ছ শিক্ষালৈকে অন্তৰ্ভুক্ত হোৱা নতুন গাঁথনি, পাঠ্যক্ৰম, দক্ষতাকেন্দ্ৰিক শিক্ষা, ভাৰতীয় ঐতিহ্য, শিক্ষক প্ৰশিক্ষণ, নতুন ব্যৱস্থাৰ সংযোজন, শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি, নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ পুনৰ্গঠন, মূল্যবোধৰ শিক্ষা, ভাষিক ভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ভাষাৰ প্ৰয়োগ, প্ৰযুক্তিৰ প্ৰয়োগ আদি দিশ সঠিকভাৱে পৰিৱেশ, পৰিস্থিতিৰ লগত ৰজিতা খুৱাই আগবাঢ়িলেহে নতুন শিক্ষানীতিয়ে বিচৰাধৰণে ফলাফল পোৱা যাব৷ সেইমৰ্মে স্কুলীয়া শিক্ষাৰ লগত জড়িত প্ৰত্যেক অংশীদাৰক জড়িতকৰণৰ যোগেদি স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে পৰিৱৰ্তন সাধিবলৈ চেষ্টা কৰা উচিত৷ নুৰূপভাৱে উচ্ছ শিক্ষাৰ ক্ষেত্ৰতো নতুন শিক্ষানীতিয়ে যি আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, তাক যথাৰ্থভাৱে কাৰ্যকৰী কৰিবলৈ হ’লে প্ৰতিখন বিশ্ববিদ্যালয়, উচ্ছ শিক্ষাৰ অনুষ্ঠান, চৰকাৰী নিয়ন্ত্ৰক সংস্থাসমূহৰ সৈতে সু-সমন্বয়ৰ অতীব প্ৰয়োজন৷ স্নাতক-স্নাতকোত্তৰৰ ক্ষেত্ৰত গ্ৰেডিং, ক্ৰেডিট ট্ৰেন্সফাৰ, শিক্ষাৰ্থীৰ অন্তৰ্ভুক্তিকৰণ, বহিৰ্গমন, একাডেমিক বেংক অৱ ক্ৰেডিট, ছিলেবাছ-কাৰিকুলাম গঠন আদি দিশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়, স্বায়ত্তশাসিত কলেজ আদিৰ মাজত সামঞ্জস্য, সুষমতা থকাটো অতি প্ৰয়োজন৷ অলপতে অসমৰ মুখ্যমন্ত্ৰীয়ে অহা শিক্ষাবৰ্ষৰ পৰা অসমত এন ই পি-২০২০ কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছে৷ এয়া এক আশাব্যঞ্জক দিশ হ’লেও ইয়াক কাৰ্যকৰী কৰিব পৰাকৈ আমাৰ শিক্ষানুষ্ঠানসমূহ প্ৰস্তুত হৈছেনে সেয়াহে বিচাৰ্যৰ বিষয়৷ অসমত সম্প্ৰতি ২০খনমান বিশ্ববিদ্যালয় আছে৷ ব্যক্তিগত খণ্ডতো বিশ্ববিদ্যালয় স্থাপন হৈ আছে৷ শিক্ষানীতি-২০২০ক সঠিকভাৱে আগুৱাই নিবলৈ হ’লে প্ৰতিখন বিশ্ববিদ্যালয়, স্বায়ত্তশাসিত কলেজ, শিক্ষানুষ্ঠানৰ মাজত পাৰস্পৰিক সহযোগিতা, যুটীয়া প্ৰচেষ্টাৰ প্ৰয়োজন৷ এইপৰ্যন্ত অসমত তেনে কোনো উদ্যোগ আৰম্ভ হোৱা নাই৷ স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰতো বহু কৰণীয় আছে৷ হুৰমূৰকৈ নতুন শিক্ষানীতিৰ দৰে এটা অতি জটিল বিষয় কাৰ্যকৰী কৰিলে পৰিস্থিতি কি হ’ব পূৰ্বৰ অভিজ্ঞতাই সেয়া উদঙাই দিছে৷






