কি হ’ব নিবনুৱাৰ
একাংশ মানুহক প্ৰলোভন, ভয়-ভাবুকিৰে হয়তো কিছুদিনৰ বাবে বশ কৰি ৰাখিব পাৰি, কিন্তু সকলো মানুহক সৰ্বকালৰ বাবে বশ কৰি ৰখাটো কেতিয়াও সম্ভৱ নহয়৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাক্-চাতুৰ্যৰে নিৰ্বাচনত ৰাজ্যখনৰ প্ৰায় ২৬ লাখ মাইক্ৰ’-ফাইনেঞ্চৰ ঋণ লোৱা মহিলাক প্ৰলোভন দিলে যে তেওঁলোকে সেই ঋণ ঘূৰাই দিব নালাগে, তাৰ দায়িত্ব চৰকাৰে ল’ব৷ তেতিয়া লাখ লাখ টকা ঋণ লৈ ঘূৰাই দিব নোৱৰা সেই লাখ লাখ গ্ৰাম্য দৰিদ্ৰ মহিলাৰে নহয় সমগ্ৰ পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙি উঠিল৷ কিন্তু যেতিয়া চৰকাৰ গঠন হ’ল তেতিয়াহে শৰ্মাৰ মূৰত সৰগ ভাগি পৰিল, কাৰণ যদি সমগ্ৰ মাইক্ৰ’-ফাইনেঞ্চৰ ধন ঘূৰাই দিবলগীয়া হয়, তেন্তে চৰকাৰক লাগিব প্ৰায় ১২ হাজাৰ কোটি টকা৷ কোনো হোমৱৰ্ক নকৰাকৈ কেৱল ভোটৰ প্ৰলোভনত কথা কোৱা ড॰ শৰ্মাই সেয়ে চৰকাৰ গঠন কৰিয়েই নানা চৰ্ত বান্ধি দিলে ঋণ পৰিশোধৰ ক্ষেত্ৰত৷ মহিলাসকল জাঙুৰ খাই উঠিল, কিন্তু লাভ নহ’ল৷ চৰকাৰে মাত্ৰ ১২শ কোটি টকা দিয়েই নিজৰ দায়িত্ব সামৰণি মাৰিলে৷ এনেকৈও শুনা গ’ল যে একোখন ধনাদেশ ২৫০ টকাৰো লাভ কৰিলে৷
ঠিক সেইদৰে ড॰ শৰ্মাই আন এটা প্ৰলোভন দিলে যে তেওঁ অসমৰ নিবনুৱাক ৰ লাখ চাকৰি দিব৷ আৰু সেই চাকৰি চৰকাৰ গঠন হোৱাৰ ৰ বছৰৰ ভিতৰত দিব৷ কিন্তু এই কথাও যে শৰ্মাই কোনো হোমৱৰ্ক নকৰাকৈয়ে কৈছিল, সেই কথা প্ৰমাণ হ’ল তেতিয়া, যেতিয়া এবছৰৰ ভিতৰত ৰ লাখ চাকৰি দিব নোৱাৰিলে৷ যি সময়ত চৰকাৰে চাকৰিৰ সংখ্যা বিলোপ কৰাৰ নীতি লৈছে, যি সময়ত বৰ্তমানৰ কৰ্মচাৰীক দিবলৈয়ে লাখ লাখ কোটি টকা ধাৰ ল’ব লগা হৈছে, সেই সময়ত চৰকাৰী নীতি নসলোৱাকৈয়ে নতুন নিযুক্তি দিয়াটো কেতিয়াও সম্ভৱ নহয়৷ কিন্তু চৰকাৰে চাকৰি দিয়াৰ নামত কিবা নহয় কিবা কচৰৎ কৰি থাকিব লাগিব৷ সেয়ে চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব লগা হৈছে৷ পূৰ্বে বহুবাৰ এনে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হয় আৰু পৰীক্ষা বাতিল হৈ অনিৰ্দিষ্ট সময়ৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ পৰে৷ যিটো এইখন চৰকাৰৰ দিনতে এছ আই কেলেংকাৰী হিচাপে কাললৈ খ্যাতি ৰাখি থৈছে৷ এনে ধৰা পৰা বুদ্ধিৰ পৰা এইবাৰ চৰকাৰ আঁতৰত থাকিল আৰু চৰকাৰ যে নিবনুৱাক সংস্থাপন দিয়াৰ বাবে বদ্ধপৰিকৰ আৰু অতি সজাগ, তাক দেখুৱাবলৈ দিনজোৰাকৈ ইণ্টাৰনেট বন্ধ কৰা, পৰীক্ষাৰ দায়িত্ব আৰক্ষী বাহিনীক দি সস্তম কৰি ৰখা আদি কাৰ্য মানুহে দেখিলে৷ জোতা-চেণ্ডেল খুলি পৰীক্ষা কৰাও দেখিলে অসমৰ ৰাইজে৷ এইবাৰ ভবা হৈছিল এক নিকা নিযুক্তিৰ৷ কিন্তু নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে খবৰ আহিল বিভিন্ন উৎসৰ পৰা প্ৰাৰ্থীলৈ ধন বিচাৰি ফোন আহিছে৷ এই খবৰ এজন সচেতন যুৱক হিচাপে ভিক্টৰ দাস নামৰ এজন যুৱকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি দিলে৷ এতিয়া চৰকাৰৰ দায়িত্ব আছিল ভিক্টৰ দাসৰ লগত যোগাযোগ কৰি যি উৎসৰ পৰা সেই ফোনবোৰ আহিছে বা বিজেপিৰ যিজন প্ৰাক্তন বিধায়কৰ নাম জড়িত হৈ পৰিছে সেইজনক সোধা-পোছা কৰা৷ কিন্তু চৰকাৰে সম্পূৰ্ণ ওলোটা প্ৰতিক্ৰিয়া কৰি অভিযোগকৰ্তাক গ্ৰেপ্তাৰ কৰি খলনায়কৰ ভূমিকাত অৱতীৰ্ণ হ’ল৷ কিন্তু আজি কি ঘটিছে! শাসকীয় দলটোৰ সভাপতিজনেই চাকৰিৰ বাবে ধন বিচৰাৰ অভিযোগ মুকলিকৈয়ে উঠিল৷ প্ৰথমেই চৰকাৰে স্পষ্ট অভিযোগ উঠা ব্যক্তিজনক জেৰা নকৰি কি বুজাব বিচাৰিছে! মানুহৰ সন্দেহ সঁচা বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে নেকি? এইটো কোনো ৰাজনৈতিক পক্ষপাতদুষ্ট অভিযোগ নহয় যে কোনোবাই চিবিআই!ইডিৰ অপব্যৱহাৰ কৰিছে৷ আনহাতে, হোটেলত চাকৰি দিয়া দালাল গ্ৰেপ্তাৰ হৈছে, ভুৱা নিযুক্তি-পত্ৰও উদ্ধাৰ হোৱাৰ খবৰ আহিছে৷ তাতোকৈও ভয়ংকৰ খবৰ আহিছে যে পৰীক্ষাৰ্থীয়ে একো নিলিখাকৈয়ে অ’ এম আৰ শ্বীট জমা দিয়াৰ পাছতো সেইজন প্ৰাৰ্থীয়েই চাকৰিৰ বাবে নিৰ্বাচিত হৈছে৷ এয়া কেৱল অভিযোগ নহয়৷ তথ্য-প্ৰমাণসহ প্ৰাৰ্থীৰ নাম, ৰোল নম্বৰো পোহৰলৈ আহিছে৷ একেজন ব্যক্তিয়ে ১৭টালৈকে পদত উত্তীৰ্ণ হোৱাৰ দৰে আজব ঘটনা সংঘটিত হোৱাটো ৰাজ্যখনৰ বাবে লজ্জাৰ ঘটনা৷
ভিক্টৰ দাস যেন এক ফিৰিঙতিহে আছিল৷ দাসক জে’লত ভৰায়ো চৰকাৰে নিযুক্তিৰ গোপন কেলেংকাৰীক গাপ দিবলৈ সক্ষম হোৱা নাই৷ এই দুই-এদিনতে চাকৰিৰ বাবে ধন বিচাৰি কৰা কেইবাটাও ফোনৰ টেপ প্ৰচাৰ হৈ আছে৷ জাতীয় স্বাৰ্থত গঠন হোৱা এখন চৰকাৰৰ ১৮৮টা পদৰ বাবে হ’ব লগা নিযুক্তিত কিয় হিন্দীভাষীয়ে স্থান পাব লাগে!
এই সমগ্ৰ ঘটনাত যেন চৰকাৰৰ মানসিকতা বৰ দুখ লগাকৈ ধৰা পৰি গৈছে! চৰকাৰে যিমানেই গাপ দিবলৈ যত্ন নকৰক, যিমানেই ভয়-ভাবুকিৰে ঘটনাক অন্য মোৰ দিবলৈ যত্ন নকৰক কিয় সকলো যেন বিফল হৈছে৷ সেয়ে অসমীয়াত এষাৰ কথা আছে– সূৰ্যৰ মুখত সোপা দিয়া সম্ভৱ নহয়৷ চৰকাৰে এক লাখ নিবনুৱাক চাকৰিৰ নামত প্ৰৱঞ্চনা কৰিছে৷ তেন্তে বাকী ২৪ লাখ নিবনুৱাৰ নিৰাপত্তা কি হ’ব?






