Logo
image

নিযুক্তি প্ৰক্ৰিয়া আৰু প্ৰত্যাহ্বান

সম্প্ৰতি অসমত চাকৰি প্ৰদানৰ নামত চৰকাৰী শেনচকু [?]ৰ মাজতে এচাম লোকে চাকৰি বেচা-কিনাৰ প্ৰক্ৰিয়া অব্যাহত ৰখাক লৈ বিতৰ্ক অব্যাহত আছে৷ কোনোবাই যদি উকা অ, এম আৰ শ্বীট প্ৰদানৰ পাছতো যদি চাকৰি পাইছে ক’ৰবাত আকৌ একেজনেই বহুকেইটা চাকৰি পাইছে৷ ইফালে স্বয়ং বিজেপি দলৰ সভাপতিৰ বিৰুদ্ধে ধনৰ বিনিময়ত চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া কাৰ্যক লৈ বিৰোধী দলসমূহ সৰৱ হোৱাৰ লগতে ই সংবাদ মাধ্যমৰো শিৰোনাম অধিকাৰ কৰিছে৷ সমান্তৰালকৈ সদ্য অনুষ্ঠিত গ্ৰেড-৩ৰ প্ৰায় ২৬ হাজাৰ চাকৰিৰ নামতো দালালৰাজ আৰম্ভ হোৱা বুলি ভিক্টৰ দাস নামৰ শিক্ষকজনে অভিযোগ উত্থাপন কৰাৰ পাছত অভিযোগকাৰীহে উৰাবাতৰি বিয়পোৱাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰিছে৷ অৱশ্যে ইয়াৰ মাজতে এটাৰ পাছত এটাকৈ পূৰ্বে অন্য চাকৰিৰ বেচা-কিনাত জড়িত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ চাকৰিৰ বেচা-কিনাৰ প্ৰক্ৰিয়াই ব্যাপকতা লাভ কৰা অসমত কেইবাদশকো পাৰ হৈ গ’ল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ, অগপ নেতৃত্বাধীন চৰকাৰৰ আমোলত ধন, উৎকোচৰ বিনিময়ত চাকৰি, ঠিকা-ঠুকুলি প্ৰদানকে ধৰি আন ব্যৱসায়-বাণিজ্য প্ৰদান একপ্ৰকাৰ মুকলিকৈয়ে চলিছিল৷ শিক্ষক, এচিএছ, এপিএছ আৰু লোকসেৱা আয়োগৰ অধীনস্থ অন্যান্য লোভনীয় চাকৰি, বিভিন্ন চৰকাৰী বিভাগৰ চাকৰি, আৰক্ষীৰ চাকৰিৰ বজাৰখনত দালালৰাজে এনেকৈ পোখা মেলিছিল যে মেধাৰ বিনিময়ত চাকৰি লাভ কৰাটো একপ্ৰকাৰ অসম্ভৱ বুলিয়ে শিক্ষিত নিবনুৱাসকলে বিশ্বাস কৰিবলৈ বাধ্য হৈছিল৷ ৮০ৰ দশকৰ পৰা অগপই দুটা শাসনকাল চলাইছিল আৰু বাকী সময়ছোৱা অৰ্থাৎ ২০০১ চনৰ পৰা ২০১৬ চনলৈকে কংগ্ৰেছৰ হাতত ন্যস্ত হৈছিল অসমৰ শাসনভাৰ৷ অৱধাৰিতভাৱে এই সময়ছোৱা অৰ্থাৎ সুদীৰ্ঘ ১৫ বছৰ কাল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ আমোলত আৰ্থ-সামাজিক দিশত কেতবোৰ চকুত লগা পৰিৱৰ্তন হ’লেও চাকৰিৰ উন্মুক্ত বজাৰখন পূৰ্ণোদ্যমে চলি আছিল৷ সেই সময়ছোৱাত ৰাকেশ পালৰ অধ্যক্ষতাত এপিএছচিয়ে চাকৰিৰ যি এক কলা অধ্যায় আৰম্ভ কৰিলে সেয়া আজিও অন্ত পৰা নাই৷ ৰাকেশ পাল আৰু সাংগো-পাংগোসকলৰ কু-কীৰ্তি আৰু এচাম ধনৰ বিনিময়ত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চেষ্টা কৰা প্ৰাৰ্থীৰ দুৰাকাংক্ষাৰ বাবে লোকসেৱা আয়োগৰ মৰ্যাদা ভুলুণ্ঠিত হৈছে৷ ৰাজনৈতিক পৃষ্ঠপোষকতা অবিহনে লোকসেৱা আয়োগৰ এনে কু-কাৰ্য যে চলিব নোৱাৰে সেই সম্পৰ্কে ব্যাখ্যাৰ প্ৰয়োজন নাই৷ কোৱা বাহুল্য, পূৰ্বৰ অগপৰ আমোলতো অসম লোকসেৱা আয়োগকে ধৰি আন বহু চাকৰি ধনৰ বিনিময়তহে প্ৰদান কৰা হৈছিল আৰু উক্ত সন্দৰ্ভত সমকালীন সংবাদ মাধ্যমত এইবোৰ সবিস্তাৰে প্ৰকাশ পাইছিল যদিও তদন্ত নোহোৱাৰ বাবে তেনে বহু প্ৰাৰ্থীয়ে আজিৰ দিনত নিৰ্বিঘ্নে উচ্ছপদস্থ বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ অৱশ্যে বিগত কংগ্ৰেছ চৰকাৰৰ শাসনৰ শেহৰফালে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ‘টেট’ পৰীক্ষাৰ প্ৰয়োগ কৰাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা প্ৰতিফলিত হ’ল৷ সু-প্ৰশাসন এখন দেশ বা ৰাজ্যৰ উন্নতি-অগ্ৰগতিৰ এক প্ৰধান আধাৰ৷ সু-প্ৰশাসন হ’বলৈ হ’লে উচ্ছপদস্থ বিষয়াৰ পৰা একেবাৰে তলৰ পৰ্যায়লৈকে সকলোৰে দক্ষতা, নীতি-নিষ্ঠা, কৰ্ম-নিষ্ঠা, সততা, দায়বদ্ধতা, বিভিন্ন বিভাগৰ মাজত সমন্বয়, ডিজিটেল ব্যৱস্থাৰ সু-প্ৰয়োগ আদি বাধ্যতামূলক চৰ্ত৷ দেশৰ যি ৰাজ্যতে এই দিশসমূহ সঠিকভাৱে অগ্ৰসৰ হৈছে তাতেই উন্নয়নৰ গতি খৰতকীয়া হৈছে৷ সু-প্ৰশাসনৰ অন্যতম প্ৰধান দিশ প্ৰৱল ৰাজনৈতিক সদিচ্ছা আৰু নেতৃত্বত থকা চৰকাৰখনৰ শক্তিশালী ভূমিকা৷ যদি নিয়োগ ব্যৱস্থাটোৱে ঠুনুকা হয়, দুৰ্নীতিযুক্ত হয় তেন্তে এনে বিষয়া-কৰ্মচাৰীয়ে ৰাইজতকৈ, দেশতকৈ নিজৰ উন্নতিতহে অগ্ৰাধিকাৰ দিয়ে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ আমোলত এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি মৰ্মে ইতিমধ্যে বিভিন্ন নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ বিজেপিত বিগত শাসনকালত অসম লোকসেৱা আয়োগৰ চাকৰিত দুৰ্নীতিত নিমজ্জিতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আয়োগৰ দ্বাৰা চলোৱা পৰীক্ষাসমূহলৈ পৰিৱৰ্তন অনাৰ পাছত বৰ্তমানৰ অসম চৰকাৰে সকলো বিভাগৰ পৰীক্ষাকে সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ সেই মৰ্মে বহুত শিক্ষিত নিবনুৱাই ‘পইচা নিদিয়াকৈ চাকৰি পাম’ বুলি পৰম আশাৰে পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছে৷ ভৱিষ্যত অসমৰ প্ৰশাসন যন্ত্ৰলৈ সু-প্ৰশাসনৰ ধাৰণাক শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া এক দৃঢ় পদক্ষেপ ৰূপে চিহ্নিত হ’ব৷ নীতি আয়োগৰ ’২২ চনৰ সমীক্ষামতে ৩২.৬৭ শতাংশ দৰিদ্ৰ লোক থকা অসম দেশৰ ভিতৰতে ষষ্ঠখন দুখীয়া ৰাজ্য৷ কেৱল চাকৰি প্ৰদানেৰে এই ৰাজ্যৰ বিকাশ সাধন কৰাটো সম্ভৱ নহয়৷ কিন্তু গতিশীল, দক্ষ, নিকা প্ৰশাসন যন্ত্ৰ সৃষ্টিৰ বাবে ৰাজ্যখনত পইচা নিদিয়াকৈ চাকৰি লাভ কৰা এচাম চাকৰিয়াল সৃষ্টি কৰাটো ৰাজ্যৰ বাবে অতি প্ৰয়োজন৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত এক সৱল প্ৰশাসন সৃষ্টিৰ স্বাৰ্থত, ৰজা-প্ৰজা সকলোৰে দায়িত্ব আছে৷ অত্যধিক অভিযোগ, প্ৰতি-অভিযোগ আদিৰ ক্ষেত্ৰতো সকলোৱে সচেতন হোৱা উচিত৷