ভাৰতত পুনৰ চিতাৰ মুক্ত বিচৰণ সম্ভৱ হ’বনে
স্থলচৰ প্ৰাণীৰ সবাতোকৈ দ্ৰুতবেগী হৈছে চিতা বাঘ৷ ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ পৰ্যন্ত দৌৰিব পৰা এই প্ৰাণী এসময়ত ভাৰততো পোৱা গৈছিল৷ কিন্তু ১৯৫২ চনত ভাৰতত চিতা বাঘৰ বিলুপ্তি ঘটা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল৷ ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্বন অৱ নেচাৰৰ তথ্য অনুসৰি, বিশ্বত বৰ্তমান সাত হাজাৰমানহে চিতা বাঘ পোৱা যায় আৰু ইয়াৰ সিংহভাগেই পোৱা যায় আফ্ৰিকা মহাদেশত৷ এছিয়াত কেৱল ইৰাণতহে চিতাৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায়৷ চিতা হৈছে বাঘৰেই এটা প্ৰজাতি৷ বিশ্বত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই অহাৰ বাবে বিভিন্ন দেশে শেহতীয়াকৈ বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈছে আৰু এই দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম৷ ভাৰতত বাঘৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে ব্যাঘ্ৰ প্ৰকল্পৰ সংখ্যাও বৃদ্ধি কৰা হৈছে৷ ১৯৭৩ চনত ভাৰতত মুঠ ব্যাঘ্ৰ প্ৰকল্পৰ সংঘ্যা আছিল ৯খন৷ তাৰ বিপৰীতে বৰ্তমান ইয়াৰ সংখ্যা বৃদ্ধি পাইছে ৫২খনলৈ৷ বাঘ সংৰক্ষণৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে ৭০ বছৰ পূৰ্বেই ভাৰতত অৱলুপ্তি ঘটা চিতা পুনৰ সংস্থাপনৰ সিদ্ধান্ত লৈছে৷ এই উদ্দেশ্যে মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৫জনী মাইকী আৰু ৩টা মতা চিতা এৰি দিয়া হৈছে৷ নামিবিয়াৰ পৰা অনা এই চিতা বাঘৰ বংশবৃদ্ধি হৈ এসময়ত ভাৰত পুনৰ সবাতোকৈ দ্ৰুতবেগী স্থলচৰ প্ৰাণীবিধৰ বিচৰণভূমি হ’ব বুলি দাবী কৰা হৈছে৷ অৱশ্যে, নৰেন্দ্ৰ মোদী চৰকাৰে লোৱা এই পদক্ষেপক লৈ বিতৰ্কৰো সৃষ্টি হৈছে৷ এই বিষয়টোক লৈ এতিয়া আৰম্ভ হৈছে ৰাজনীতিৰো খেল৷ প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰিছে যে ইমানদিনে যিটো কাম কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে কৰিব নোৱাৰিলে, সেই কাম বৰ্তমানৰ চৰকাৰখনে কৰি দেখুৱালে৷ মোদীৰ এই দাবীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ৷ কংগ্ৰেছ নেতা তথা তদানীন্তন ইউপিএ চৰকাৰৰ পৰিৱেশমন্ত্ৰী জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰি কয় যে বিজেপি নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনে চিতা বাঘক ভাৰতত পুনৰ সংস্থাপন কৰাৰ কৃতিত্ব দাবী কৰিছে৷ কিন্তু তেওঁলোকে হয়তো পাহৰি গৈছে যে চিতা বাঘ ভাৰতত পুনৰ সংস্থাপনৰ প্ৰকল্প ২০০৯ চনতে লোৱা হৈছিল আৰু সেই সময়ত দেশৰ শাসনত আছিল ইউপিএ চৰকাৰ৷
ভাৰতৰ লগতে কেইবাখনো দেশত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত লোৱা পদক্ষেপত আশানুৰূপ ফল পোৱা গৈছে৷ ২০২২ চনৰ ভিতৰত বিশ্বৰ মুঠ বাঘৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে৷ ভাৰতত শেহতীয়াভাৱে বাঘৰ সংখ্যা বৃদ্ধি হোৱা বুলি নেচনেল টাইগাৰ কনজাৰ্ভেশ্বন অথ’ৰিটীৰ তথ্যত প্ৰকাশ৷ ভাৰতত সৰ্বাধিক বাঘ পোৱা ৰাজ্যখন হৈছে কৰ্ণাটক৷ তথ্য অনুসৰি, বিগত সময়ছোৱাত ৰাজ্যখনত বাঘৰ সংখ্যা ১১ শতাংশ বৃদ্ধি পাইছে৷ কৰ্ণাটকত বৰ্তমান চাৰিশতকৈ অধিক বাঘ থকাৰ তথ্য পোৱা গৈছে৷ তাৰ পাছত আছে উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু তামিলনাডুৰ নাম৷ ভাৰতত বাঘৰ সংখ্যা বৃদ্ধি পোৱাটো নিঃসন্দেহে উৎসাহৰ বিষয়৷ কিন্তু এইখিনিতে প্ৰশ্নৰ উদ্ৰেক হয় যে আফ্ৰিকাৰ পৰা চিতা আনি ভাৰতত বংশবৃদ্ধি কৰাটো সম্ভৱ হ’বনে? এই বিষয়টোত ইতিমধ্যে প্ৰকৃতি আৰু প্ৰাণী বিশেষজ্ঞসকলে ভিন্ন মত প্ৰকাশ কৰিছে৷ চিতাৰ মুক্ত বিচৰণৰ বাবে যি পৰিৱেশৰ প্ৰয়োজন, সেই পৰিৱেশ কুনো ৰাষ্ট্ৰীয় উদ্যানত নাই বুলিও কোৱা হৈছিল৷ এসময়ত ভাৰতত এছিয়াটিক চিতা পোৱা গৈছিল৷ সেই সময়ৰ পৰিৱেশো যথেষ্ট সুকীয়া আছিল৷ চিতাৰ সংখ্যা হ্ৰাস পোৱাৰ মূলতে জলবায়ুৰ পৰিৱৰ্তনৰ লগতে আবাসভূমিৰ সংকোচন আৰু চোৰাং চিকাৰ৷ ভাৰতত চিতাৰ সংস্থাপনৰ সম্ভাব্য স্থান হিচাপে প্ৰাথমিক পৰ্যায়ত দহখন ৰাজ্য নিৰ্বাচন কৰা হৈছিল৷ তাৰ ভিতৰত অন্যতম আছিল গুজৰাট, ৰাজস্থান, ছত্তিশগড় আৰু মধ্য প্ৰদেশ৷ কুনো সংৰক্ষিত বনাঞ্চলৰ ডাঠ হাবি আৰু চিকাৰৰ পৰ্যাপ্ত সমল থকা বুলি ধাৰণা কৰি সেই অঞ্চলতে নামিবিয়াৰ পৰা চিতাকেইটা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু বন্যপ্ৰাণী বিশেষজ্ঞসকলৰ অভিমত হৈছে যে নতুন পৰিৱেশৰ সৈতে খাপ খোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে চিতাকেইটা৷ স্বভাৱগতভাৱে চিতা হৈছে যথেষ্ট সংবেদনশীল প্ৰাণী৷ জীয়াই থকাৰ বাবে এইবিধ প্ৰাণীক প্ৰয়োজন বিস্তৃত বনাঞ্চল, য’ত দীৰ্ঘ দূৰত্বলৈ দৌৰি চিকাৰ ধৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে লুকাই থকাটোও সম্ভৱ হয়৷ কুনো ৰাষ্ট্ৰীয় উদ্যানত সদ্যহতে মুকলি কৰি দিয়া হৈছে আঠটা চিতা৷ ভৱিষ্যতলৈ আৰু অধিক চিতা এই স্থানত মুকলি কৰি দিলে প্ৰয়োজন হ’ব বনাঞ্চলৰ সম্প্ৰসাৰণৰ৷ বিশেষজ্ঞসকলৰ মতে, যদি কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ সংখ্যা বিছ বা ততোধিক হয়, তেন্তে বনাঞ্চল সম্প্ৰসাৰণৰ বিকল্প নাথাকিব আৰু সেয়া কৰিলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষত থকা শতাধিক গাঁৱৰ বাসিন্দাৰ সমুখত আহি পৰিব ডাঙৰ সমস্যা৷ এই সমস্যাবোৰৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনে পদক্ষেৰ লয়, সেয়া হ’ব লক্ষণীয়৷






