Logo
image

ৰাজ্যৰ বিত্তীয় অৱস্থা কিমান সুস্থিৰ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যিমানেই ৰাজ্যৰ বিত্তীয় অৱস্থা পূৰ্বতকৈ উন্নত বুলি নকওক কিয়, বাস্তৱ ক্ষেত্ৰত কিন্তু ৰাজ্যৰ বিত্তীয় অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে৷ প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধিৰ লগতে ঊধবৰ্মুখী কৰৰ বোজাই জনতাক বিপৰ্যস্ত কৰিছে৷ কৰ-কাটল বৃদ্ধি কৰি, ঋণ লৈ ভোট বেংক সৃষ্টিৰ লক্ষ্যৰে ইখনৰ পাছত সিখন হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰা ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ অৰ্থনৈতিক অৱস্থা যে সংকটজনক, সেই কথা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ [কেগ] শেহতীয়া প্ৰতিবেদনে উদঙাই দিছে৷ ‘কেগ’ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, ৰাজ্যখনত এবছৰতে মূলধনী ব্যয় কমিল ১,০৬৯.১৬ কোটি টকা৷ ইফালে, কৰবিহীন ৰাজহ সংগ্ৰহৰ পৰিমাণো হ্ৰাস পাইছে৷ জনতাৰ কৰ-কাটল আৰু বিভিন্ন উৎসৰ পৰা লাভ কৰা ধনৰ অধিকাংশ ভোট বেংক সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন বিনামূলীয়া আঁচনিত ব্যয় কৰাৰ বাবেই ৰাজ্য চৰকাৰখনৰ মূলধনী ব্যয় টুটি আহিছে বুলি ‘কেগ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ ‘কেগ’ৰ প্ৰতিবেদনত প্ৰকাশ কৰা মতে, ৫৫টা বিভাগে দিয়া নাই প্ৰায় ৪০ হাজাৰ কোটি টকাৰ হিচাপ৷ অসম বিত্তীয় আইনৰ নিয়ম ৫১৭ [পৰিশিষ্ট ১৬] অনুসৰি, নিৰ্দিষ্ট উদ্দেশ্যত অনুমোদন দিয়া প্ৰতিটো অনুদানৰ বিপৰীতে কেতবোৰ চৰ্ত আৰোপ কৰা থাকে৷ যি উদ্দেশ্যত অনুদান দিয়া হয়, সেই উদ্দেশ্যতহে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ধন ব্যয় কৰিব লাগে৷ আবণ্টিত ধনৰ কোনো অংশ যদি ব্যয় নহয়, তেন্তে সেই ধন সমৰ্পণ কৰিব লাগে৷ তদুপৰি যদি কোনো চৰ্তসাপেক্ষে ধনৰ অনুমোদন লাভ কৰে, তেন্তে আন কোনো বিশেষ চৰ্ত নাথাকিলে সেই ধন মুকলি কৰি দিয়া বিত্তীয় বৰ্ষ শেষ হোৱাৰ ১২ মাহৰ ভিতৰত আনুষ্ঠানিক ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগে৷ কিন্তু ২০০১-০২ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্য চৰকাৰৰ ৫৫টা বিভাগক দিয়া ৩৯,৬২৯.৪৯ কোটি টকাৰ অনুদান সন্দৰ্ভত ১১,৭১৭খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰা নাই সংশ্লিষ্ট বিভাগে৷ ৰাজ্যৰ শিক্ষা বিভাগে সৰ্বাধিকসংখ্যক ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰা নাই৷ শিক্ষা বিভাগে আবণ্টিত ৩২৩৫.০৭ কোটি টকা ব্যয়ৰ বাবে ৪,২২০খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল নকৰাৰ বিপৰীতে কৃষি বিভাগে ১৫১৩.৮১ কোটি টকাৰ ১৮৭খন, সাংস্কৃতিক পৰিক্ৰমা বিভাগে ১৮৪.১৩ কোটি টকাৰ ৪০৯খন, বিত্ত [অৰ্থনৈতিক পৰিক্ৰমা] বিভাগে ২৪০.১১ কোটি টকাৰ ১৬৫খন, বিত্ত [কৰ] বিভাগে ৭০৭.৬৭ কোটি টকাৰ ৪০৯খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰা নাই৷ উল্লেখ্য, ২০১৯-২০ বিত্তীয় বৰ্ষৰ ২১,২০৩.৫৮ কোটি টকাৰ ২,৬৪৬খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ সংশ্লিষ্ট বিভাগে দাখিল কৰা নাই৷ ইফালে, হিতাধিকাৰী আঁচনিয়ে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা আৰু বেয়াৰ ফালে নিয়া বুলি প্ৰকাশ পোৱাৰ পাছতো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্প্ৰতি অসমৰ অৱস্থা পূৰ্বৰ চৰকাৰৰ দিনতকৈ ভালহে হৈছে৷ অৰ্থনৈতিক অৱস্থা ভাল হোৱাৰ বাবেইহে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এক লাখ নিবনুৱাক চাকৰি দিয়াৰ ব্যৱস্থা কৰিব পাৰিছে আৰু দুখীয়া লোকক বিভিন্ন আঁচনিৰ জৰিয়তে সকাহ দিবলৈ সক্ষম হৈছে৷ পূৰ্বে বান ক্ষতিগ্ৰস্তক সকাহ দিয়াৰ বাবে চৰকাৰে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল যদিও বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল হোৱাৰ বাবেহে তিনি মাহৰ ভিতৰতে বান ক্ষতিগ্ৰস্তক সাহায্য আৰু অনুদান দিবলৈ সক্ষম হৈছে৷

অৱশ্যে, চৰকাৰে আগত সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ১৪খন লোকসভা আসনৰ প্ৰায়কেইখনতে যাতে বিজেপি আৰু বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হ’ব পাৰে, সেই উদ্দেশ্যে বিভিন্ন আঁচনি যে ৰূপায়ণ কৰি আছে, সেয়া ঠিক৷ হিতাধিকাৰী আঁচনিয়ে শাসকীয় দলটোক এটা নিৰ্দিষ্ট সময়লৈ সকাহ দিব, কিন্তু দীৰ্ঘকালৰ বাবে ভোট বেংক সৃষ্টি কৰিব নোৱাৰিব৷ চৰকাৰে জনতাক কামৰ জৰিয়তে ধন উপাৰ্জনৰ সুবিধা দিব পাৰিলেহে ৰাজ্যৰ জনসাধাৰণ উপকৃত হ’ব৷ ধাৰ-ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰিলে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন যে সম্ভৱ নহয় সেই কথা শাসকীয় দলৰ জনপ্ৰতিনিধিসকলে বুজা উচিত৷