Logo
image

হঠাৎ ‘হাৰ্ট এটেক’ হ’লে কি কৰিব?

ভাৰতত হৃদৰোগী ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ যুৱ বয়সতো বহুতকে হৃদৰোগত আক্ৰান্ত হোৱা দেখা গৈছে৷ আনকি শাৰীৰিকভাৱে সম্পূৰ্ণ ‘ফিট’ হৈ থকা একাংশও হৃদৰোগত আক্ৰান্ত হোৱা দেখা গৈছে৷ হৃদৰোগ গুৰুতৰ ৰোগ হ’লেও সময়মতে কেইটামান পদক্ষেপ  গ্ৰহণ কৰিলে ৰোগীৰ জীৱন বচাব পৰা যায়৷ উল্লেখ কৰা হ’ল এনে কেইটামান পদক্ষেপ–

জানি লোৱা ভাল যে মানৱ দেহৰ ধমনীত তেজৰ সৰবৰাহত বাধাৰ সৃষ্টি হ’লে তাক ‘হাৰ্ট এটেক’ হোৱা বুলি কোৱা হয়৷ কৰোনাৰি ধমনীত তেজ গোট মাৰিলে তেজৰ সৰবৰাহত বাধাৰ সৃষ্টি হয়৷ ফলত হৃদযন্ত্ৰলৈ তেজৰ সঞ্চালন বন্ধ হৈ পৰে আৰু বুকুত প্ৰচণ্ড বিষ অনুভৱ হয়৷

◾ ‘হাৰ্ট এটেক’ হ’লে কি কৰিব?

জনপ্ৰিয় গায়ক কেকেৰ মৃত্যু হৈছিল ‘হাৰ্ট এটেক’ হোৱাৰ বাবে৷ মৰণোত্তৰ পৰীক্ষাৰ পাছত চিকিৎসকে সদৰি কৰা মতে কেকেৰ হৃদযন্ত্ৰৰ ধমনীৰ কেইবা ঠাইতো ‘ব্লকেজ’ আছিল৷ গায়কজন অসুস্থ হৈ পৰাৰ লগে লগে চিপিআৰ দিয়া হ’লে হয়তো তেওঁৰ জীৱন বচাব পৰা গ’লহেঁতেন৷ ‘হাৰ্ট এটেক’ হ’লে ৰোগীক লগে লগে চিকিৎসালয়লৈ নিয়াৰ উপৰি চিকিৎসা লাভ নকৰালৈকে চিপিআৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷

◾ চিপিআৰ আচলতে কি?

‘কাৰ্ডিঅ’পালমোনাৰি ৰিচাৰ্চিটেছন’ক সংক্ষেপে চিপিআৰ বুলি কোৱা হয়৷ ইয়াত অচেতন হৈ পৰা ৰোগীৰ বুকুত হেঁচা প্ৰয়োগ কৰা হয় আৰু কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস দিয়া হয়, যাতে হাওঁফাওঁত অক্সিজেনৰ মাত্ৰা কমি নাযায়৷ এই পদ্ধতিৰ জৰিয়তে ‘হাৰ্ট এটেক’ বা শ্বাস-প্ৰশ্বাসত সমস্যা হ’লেও ৰোগীৰ জীৱন বচাব পৰা যায়৷ চিপিআৰক জৰুৰী অৱস্থাত প্ৰদান কৰা মেডিকেল থেৰাপীৰূপে বিবেচনা কৰা হয়৷

◾ এঞ্জিঅ’প্লাষ্টিৰেও জীৱন  বচাব পৰা যায়

এঞ্জিঅ’প্লাষ্টি বা বাইপাছ ছাৰ্জাৰী সাধাৰণতে ‘হাৰ্ট এটেক’ হোৱা ৰোগীৰ ক্ষেত্ৰত কৰা হয়৷ ইয়াৰ জৰিয়তে হৃদযন্ত্ৰৰ পেশীসমূহত থকা ৰক্ত সৰবৰাহকাৰী ধমনীৰ ব্লকসমূহ আঁতৰাই তেজ সঞ্চালনৰ বাবে পথ খুলি দিয়া হয়৷