ত্ৰস্তমান বিজেপি!
ভাৰতীয় গণতন্ত্ৰ হৈছে সাংবিধানিক গণতন্ত্ৰ, ভাৰতীয় গণতন্ত্ৰ হৈছে সংসদীয় গণতন্ত্ৰ৷ পৃথিৱীৰ ভিতৰতে ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘল লিখিত সংবিধান৷ ইয়াত তন্ন তন্নকৈ দেশখন পৰিচালনাৰ বিভিন্ন নীতি-নিয়ম লিপিবদ্ধ কৰা আছে৷ নাগৰিকৰ মৌলিক কৰ্তব্যৰ পৰা অধিকাৰলৈ, নাগৰিকত্ব প্ৰদানৰ নীতিৰ পৰা কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কলৈ, ৰাজ্যসমূহৰ নিজা অধিকাৰৰ পৰা কেন্দ্ৰীয়শাসিত ৰাজ্যৰ অধিকাৰলৈ, ব্যৱসায়-বাণিজ্যৰ পৰা অৰ্থনীতিলৈ সকলো নীতি-নিয়ম লিপিবদ্ধ কৰা আছে৷ ভাৰতীয় গণতন্ত্ৰ কেনেকৈ পৰিচালিত হ’ব তাৰো ব্যৱস্থা সংবিধানত দিয়া আছে৷ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোক ইয়াৰ হৃদপিণ্ড বুলি কোৱা হয়– যাৰ নীতিৰ ভিতৰত থাকি দেশখন পৰিচালিত হয়৷ কিন্তু এতিয়া এই হৃদপিণ্ডটোৱেই যেন অকামিলা কৰি পেলাইছে শাসকীয় দলসমূহে৷ যাৰ যি মন যায় সেই মতেই প্ৰস্তাৱনাৰ ব্যাখ্যা কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰাই নহয়, প্ৰস্তাৱনাত থকা সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য এই শব্দকেইটাৰেই এতিয়া কোনো অৰ্থ নোহোৱা হৈছে৷ সাৰ্বভৌমত্বৰ নামত এতিয়া বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বাণিজ্য সংস্থাইহে যে অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰে, সেই কথা আৰু লুকাই থকা নাই৷ সেয়ে এতিয়া চৰকাৰে জনকল্যাণকামী চৰিত্ৰতকৈ মুষ্টিমেয় পুঁজিপতিৰ স্বাৰ্থত কাম কৰি দেশৰ সকলো সম্পদ পুঁজিপতিৰ হাতত অৰ্পণ কৰিছে৷ সেইদৰে এতিয়া শাসকীয় দলে সদনৰ মজিয়াতেই খোলাখুলিকৈ কৈ দিব পাৰে সমজবাদ নিবিচাৰোঁ বুলি৷ ইয়াৰ অৰ্থটোৱেই হৈছে সকলো নাগৰিকৰ সম অধিকাৰৰ প্ৰশ্নত তেওঁলোক দায়বদ্ধ নহয়, মাত্ৰ দেশৰ সামান্য ধনৱন্তৰ স্বাৰ্থৰ বাবেহে তেওঁলোকে কাম কৰে৷ ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ আন এক মহত্ত্ব, কিন্তু এতিয়া ধৰ্মৰ নামতহে ৰাজনীতি হয়৷ হিন্দু-মুছলমানৰ নামত দেশত সাম্প্ৰদায়িক উত্তেজনা বিয়পাই ইয়াক ভোটৰ ৰাজনীতিলৈ পৰিৱৰ্তনৰ বাবেই এতিয়া দেশত শাসকীয় দলে নানা কূট-কৌশল কৰি আছে৷ সংবিধান ৰক্ষাৰ নামত এতিয়া দৈনিক সংবিধানক অৱমাননা কৰাৰ পদক্ষেপ চলি আছে৷ যিখন চৰকাৰে দেশৰ সংবিধান ৰক্ষাৰ শপত লৈ শাসন কৰি আছে, সেইখন চৰকাৰে সংবিধানৰ নাগৰিকত্ব বিধিক অৱমাননা কৰি কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰিবলৈকে বিদেশৰ নাগৰিকক ভাৰতলৈ অনাৰ কথা কয়৷ যিখন চৰকাৰে দেশৰ নাগৰিকক খাদ্য-বস্ত্ৰ-বাসস্থানৰ সুবিধা দিবলৈ অপাৰগ, সেইখন চৰকাৰে বিদেশীক কি স্বাৰ্থত ভাৰতলৈ আনিব বিচাৰিছে তাক কোৱাৰ প্ৰয়োজন নাই৷ এতিয়া শাসনত থকা চৰকাৰখন প্ৰতিশ্ৰুতি ভংগৰ বাবেহে যে প্ৰতিশ্ৰুতিবদ্ধ, সেইটো জলজল পটপটকৈ ওলাই পৰিছে৷ সি লাগিলে প্ৰত্যকৰে একাউণ্টত ১৫ লাখকৈ টকা দিয়াৰ ঝুমলাই হওক বা প্ৰতিবছৰে ২ কোটিক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিয়েই হওক৷ মূল্যবৃদ্ধি হ্ৰাস কৰাই হওক বা অচ্ছে দিনৰ প্ৰতিশ্ৰুতিয়েই হওক৷ এটা প্ৰতিশ্ৰুতিও পালন কৰিব নোৱৰা চৰকাৰে এতিয়া কেৱল হিন্দু-মুছলমানৰ নামত ৰাজনীতি কৰি দেশখন লুণ্ঠনৰ কামত লাগি আছে৷ দেশৰ সম্পদসমূহ ব্যক্তিগত মালিকৰ হাতত গতাই দেশখনক টোকোনা কৰাৰ কামত ব্যস্ত হৈ আছে৷
এনে পৰিস্থিতিত দেশৰ কোটি কোটি মানুহ চৰকাৰৰ বৰ্ধিত জনবিৰোধী কামত অতিষ্ঠ হৈ চৰকাৰবিৰোধী হৈ উঠিছে, কিন্তু ভাৰতীয় গণতন্ত্ৰৰ বাবে আটাইতকৈ পৰিতাপৰ কথা বিৰোধী দলৰ ভূমিকা৷ দেশত বিৰোধী দল প্ৰায় নিঃশেষ হোৱাৰ বাবে চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ নামত যি মন যায় তাকে কৰি আছে৷ সমুখত কোনো প্ৰতিৰোধী শক্তি নেদেখি বিজেপি অপ্ৰতিৰোধ্য হৈ পৰিছে৷ কিন্তু অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী আহি বিজেপিৰ সমুখত প্ৰতিৰোধী শক্তিৰূপে থিয় দিয়াত বিজেপি বিতত হৈ উঠিছে৷ কংগ্ৰেছক প্ৰায় নিঃশেষ কৰি গঢ়ি লোৱা সাম্ৰাজ্য যেন নিমিষতে ধবংস হৈ যাব, তাৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে বিজেপি৷ তাৰ বহিঃপ্ৰকাশ ঘটিছে দিল্লী চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে লোৱা আক্ৰোশমূলক মনোভাবত৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক শান্তিত কাম কৰিবলৈ নিদি দৈনিক গোচৰৰ পাছত গোচৰ তৰি হাৰাশাস্তি কৰাই নহয়, মন্ত্ৰী-বিধায়কক জে’ললৈ নিক্ষেপ কৰিছে৷ কিন্তু তেওঁলোকৰ বিৰুদ্ধে আদালতত কোনো তথ্য-প্ৰমাণ দিব নোৱৰাত কেন্দ্ৰীয় চৰকাৰৰ চিবিআই, ইডি ককৰ্থনাৰো সমুখীন হ’বলগা হৈছে৷
আনহাতে, শেহতীয়াকৈ পঞ্জাবত কেজৰিৱাল সফল হোৱাৰ পাছত কেজৰিৱালে নিজৰ ৰাজনৈতিক ক্ষেত্ৰ গুজৰাটলৈ সম্প্ৰসাৰণ কৰাত বিজেপি অধিক শংকিত হৈ পৰিছে৷ ইমানদিনে যি গুজৰাট মডেলক লৈ ৰাজনীতি কৰি আহিছিল, সেই মডেলৰ ঠাইত এতিয়া দিল্লীৰ মডেলে সকলোকে আকৰ্ষণ কৰাত খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিতত হৈ উঠিছে৷ সেয়ে যিকোনো প্ৰকাৰে গুজৰাট বচাবলৈ সমগ্ৰ বিজেপি নামি পৰিছে৷ ভাৰতীয় গণতন্ত্ৰত সকলো ৰাজনৈতিক দলেই ভয়-ভীতিহীন পৰিৱেশত নিজৰ কাম কৰিবলৈ পাব লাগে৷ কেজৰিৱালক প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা বিজেপিৰ ব্যৱস্থাই প্ৰমাণ কৰিছে যে বিজেপি সঁচাকৈয়ে শংকিত হৈ পৰিছে৷ গুজৰাটৰ শাসকীয় দলটোৱে ক্ষমতা হেৰুওৱাৰ ভয়ত কেজৰিৱালক সভা কৰিবলৈ দিবলৈও ভয় কৰিছে৷ সেয়ে সকলো সভাগৃহ ডাবি-ধমকিৰে বন্ধ কৰি দিয়া হৈছে৷ কেজৰিৱালে দাবী কৰা মতে, গুজৰাজৰ জনসাধাৰণে ২৭ বছৰীয়া বঞ্চনাৰ পৰা উদ্ধাৰ পাবলৈ সংকল্পবদ্ধ হোৱাৰ সময়তে বিজেপিয়ে ৰাজনৈতিকভাৱে আপক মোকাবিল কৰিব নোৱাৰি এতিয়া প্ৰত্যক্ষ প্ৰতিৰোধত নামি পৰিছে৷ কিন্তু এনেকৈ সম্ভৱ হ’বনে মোদীৰ দুৰ্গ ৰক্ষা কৰিবলৈ? এই কথা সময়েহে ক’ব৷






