তেঁতেলীৰো আছে বহু পুষ্টিকৰ গুণ
তেঁতেলীৰ নাম শুনিলেই জিভালৈ পানী আহে৷ এইবিধ খাদ্যসামগ্ৰী বহু পুষ্টিকৰ উপাদানেৰে ভৰা৷ সাধাৰণ থলুৱাভাৱে পোৱা তেঁতেলীৰো আছে বহু ঔষধি গুণ৷ তেঁতেলীত খনিজ পদাৰ্থ, কেলছিয়াম, আইৰণ, শৰ্কৰা, ভিটামিন ‘চি’ আদি উপাদান থাকে৷ তেঁতেলী কেঁচা-পকাৰ উপৰিও টক, ছাটনি, চৰ্বত, আচাৰ প্ৰস্তুত কৰি খাব পাৰি৷ পকা তেঁতেলী সংৰক্ষণ কৰি ৰাখি বহুদিনলৈ খাব পাৰি৷ আচৰিত যেন লাগিলেও এই কথা ষোল্লঅনাই সঁচা যে দক্ষিণ এছিয়াৰ সকলোতকৈ মূল্যৱান খাদ্যৰ ভিতৰত তেঁতেলী অন্যতম৷ প্ৰতি ১০০ গ্ৰাম পকা তেঁতেলীত ২.৯ গ্ৰাম খনিজ পদাৰ্থ, ৬৬.৪ গ্ৰাম শৰ্কৰা, ১৭০ মিলিগ্ৰাম কেলছিয়াম, ১০.৯ মিলিগ্ৰাম আইৰণ, ৬০ মাইক্ৰ’গ্ৰাম কেৰটিন, ৩ মিলিগ্ৰাম ভিটামিন ‘চি’ থাকে৷
তেঁতেলীৰ পুষ্টিগুণ সম্পৰ্কেৰ্ জানো আহক– পুৰণা তেঁতেলী বীজাণু নাশক৷ গৰ্ভাৱস্থাৰ সময়ত তেঁতেলী খোৱাটো বহুতে পছন্দ কৰে৷ চিকিৎসা শাস্ত্ৰয়ো এইক্ষেত্ৰত উপকাৰ সাধে বুলি সদৰী কৰিছে৷ গৰ্ভাৱস্থাত তেঁতেলী খোৱাটো নিৰাপদ বুলিয়ে খাদ্য বিশ্লেষকসকলেও মত পোষণ কৰিছে৷ অৱশ্যে নিৰ্দিষ্ট পৰিমাণৰ তেঁতেলীহে খাব লাগে৷ কোষ্ঠ কাঠিন্যৰ পৰা মুক্তি দিয়ে থলুৱাভাৱে পোৱা এই সাধাৰণ তেঁতেলীয়ে৷ গৰ্ভাৱস্থাত অন্যতম প্ৰধান সমস্যা হৈছে ব্লাড প্ৰেছাৰ৷ তেঁতেলীত থকা পটাছিয়াম আৰু আইৰণে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে৷ তেঁতেলীত টাৰ্টাৰিক এছিড থাকে৷ তেঁতেলীৰ পাত ডায়েৰিয়াৰ ক্ষেত্ৰত মহৌষধ বুলি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত পোৱা যায়৷ তদুপৰি তেঁতেলী গছৰ ছাল পেটৰ বিষৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে উপশম পোৱা যায়৷ মস্তিষ্কৰ বাবেও উপকাৰী এই তেঁতেলী৷
সহজ কথাত ক’বলৈ গ’লে এইবিধ ফলৰ গছৰ পাত, ছাল, কেঁচা-পকা ফল, গুটি সকলো শৰীৰৰ কাৰণে উপকাৰী৷ তেঁতেলীৰ কেঁচাপাতত যথেষ্ট পৰিমাণ এমাইনো এছিড থাকে৷ পাতৰ ৰসে চৰ্দি-কাহ, পাইলছ আৰু প্ৰস্ৰাৱৰ জ্বলা-পোৰা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে ঔষধৰ কাম কৰে৷ তেঁতেলীৰ গুটিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণৰ কৰে৷ তেঁতেলীত উচ্ছমাত্ৰাত ফাইবাৰ থাকে, যি চৰ্বি নাশ কৰে আৰু প্ৰায়ে তেঁতেলী খালে ওজন কমে৷ বদহজম হ’লে পকা তেঁতেলী একাপ পানীত তিয়াই সামান্য নিমখ, চেনি বা গুড় মিশ্ৰণ কৰি খালে বদহজম দূৰ হয়৷






