Logo
image

মৃতপ্ৰায় নদীৰ সমুখত

আজি বিশ্ব নদী দিৱস৷ পৰিৱেশতন্ত্ৰ বৰ্তাই ৰখাৰ সন্দৰ্ভত সময়ৰ দাবী মানি আজি নদীসমূহ প্ৰদূষণমুক্ত কৰি সংৰক্ষণ কৰাটো অতীৱ প্ৰয়োজন আৰু এইক্ষেত্ৰত  ৰাইজৰ কৰণীয় নিশ্চয় আছে৷ খোদ গুৱাহাটীতে আজি ভৰলু-বাহিনী আদি নৈ এটা এটা নৰ্দমাত পৰিণত হৈছে৷ এই বিষয়ত দিহা-পৰামৰ্শ ল’বলৈ অসমত দক্ষ, বিশেষজ্ঞ ব্যক্তিৰ অভাৱ নাই, তেনেদৰে অভাৱ নাই উচ্ছখাপৰ ‘বিজ্ঞান আৰু প্ৰযুক্তি’ৰ অনুষ্ঠান তথা প্ৰতিষ্ঠানৰ৷ জনসাধাৰণৰ সচেতনতা, সহযোগিতা আৰু নৈতিক জাগৰণ বিস্ফোৰিত হ’লে চৰকাৰে এই বিষয়ত নিশ্চয়কৈ ফলদায়ক আঁচনি ল’বলৈ বাধ্য হ’ব৷

আশাৰ বতৰা এই যে ক্ৰমান্বয়ে বাঢ়ি অহা বায়ু, শব্দ, পানী আদিৰ বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ আৰু পাৰিপাশ্বিৰ্ক অৱস্থাৰ ক্ৰমাগত বৰ্ধিত অৱক্ষয়ে পৃথিৱীৰ এচাম শিক্ষিত জনসাধাৰণক বিষয়টোৰ প্ৰতি বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে৷ সময় থাকোঁতেই যদি এই বিষয়ত প্ৰয়োজনীয়, বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহয়,  তেনেহ’লে নিশ্চিতভাৱে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ অথবা আমাৰ উত্তৰসূৰীৰ অনাগত দিনবোৰ অনি(য়তাৰ আন্ধাৰে আগুৰি ধৰিব৷ এখন মুক্ত আকাশ, এটুপি পৰিষ্কাৰ খোৱাপানী আৰু এক নিকা, নিৰ্মল পৰিৱেশ বিচাৰি হাহাকাৰ কৰি আমাৰ সতি-সন্তানে নিঃসন্দেহে এদিন আমাকেই জগৰীয়া কৰিব আৰু ইয়াৰ বাবে তেওঁলোকে পূৰ্বসূৰীক কেতিয়াও ক্ষমা নকৰিব৷ আমিও আমাৰ অবিবেচনাৰ কাৰণে আমাৰ ল’ৰা-ছোৱালীক এখন বাসোপযোগী পৃথিৱী কিম্বা নিকা সমাজ দি থৈ যাব নোৱৰাৰ অনুশোচনাৰ জুইকুৰাত নিশ্চয়কৈ জীৱনজুৰি নিজকে দগ্ধ কৰিম৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মাথোঁ এটা কামেই কৰিব পাৰোঁ– মৃতপ্ৰায় নদীসমূহৰ পুনৰুদ্ধাৰত মন-প্ৰাণ সঁপি দি দেহে-কেহে খাটিব লাগিব৷ ‘জোঁৰ পুৰি হাত পোৱা’ৰ সময় পাৰ হৈ গৈছে যদিও আজি বিশ্ব নদী দিৱসৰ পৱিত্ৰ ক্ষণত আহক আমি সকলো মিলি মৃতপ্ৰায় নদীসমূহক নদী হিচাপে পুনৰ বোৱাই নিয়াৰ দৃঢ় সংকল্প লওঁ৷ ‘ধৰ ঝাৰু ধৰ ভাই, আৰু ৰ’বৰ সময় নাই’ গতিৰে মৃতপ্ৰায় নদীসমূহৰ পাৰত বাস কৰা লোকসকলৰ লগতে সমূহ ভৰলুপৰীয়া, গুৱাহাটীবাসী ৰাইজে হাতে-কামে লাগিলেহে ভৰলু-বাহিনীৰ দৰে নদীসমূহৰো পুনৰ বোৱঁতী নৈৰূপে বোৱাই নিয়াটো সম্ভৱ হ’ব৷ ভৰলু আকৌ নৈ হৈ ব’ব৷ অন্যথা বিশ্ব নদী দিৱসৰ দৰে দিৱস মাথোঁ গতানুগতিক অনুষ্ঠানলৈ পৰ্যবসিত হ’ব৷