স্ব-নিয়োজন, উদ্যোগীকৰণৰ প্ৰাচীৰ অতিক্ৰম কৰিবনে চৰকাৰে
অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ নিযুক্তি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে হিমালয় সদৃশ প্ৰাচীৰৰ সৃষ্টি হ’লেও অসম চৰকাৰে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্যত এক লাখ চাকৰি প্ৰদান নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে লগতে এই কথাও দোহাৰিলে যে ইতিমধ্যে সকলো নিযুক্তি স্বচ্ছ, নিকা প্ৰক্ৰিয়াৰে সম্পূৰ্ণ হৈছে আৰু ভৱিষ্যতৰ নিযুক্তিসমূহতো কোনো আপোচ কৰা নহ’ব৷ ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা সমগ্ৰ ৰাজ্যখনৰ বাবে এক প্ৰত্যাহ্বানৰূপে থিয় দিয়াৰ সময়ত বৰ্তমান ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত নিজৰ দৃঢ়তা প্ৰদৰ্শন কৰাটো নিতান্তই আশাৰ বতৰা৷ লগতে নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ নীতি-নিয়ম শুদ্ধভাৱে অনুসৰণ কৰি যোগ্য আৰু মেধাসম্পন্ন লোকসকলক সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰদৰ্শন কৰা নিশ্চয়তাইও ভৱিষ্যতে ৰাজ্যত সু-প্ৰশাসন, চৰকাৰী বিভাগসমূহত গতিশীলতা সৃষ্টিৰ পথ প্ৰশস্ত কৰা সম্ভাৱনা নুই কৰিব নোৱাৰি৷ চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিভাগসমূহত নিযুক্তি প্ৰদানৰ বাবে বিশেষ তৎপৰ ভূমিকা লোৱাৰ সময়ত সমান্তৰালকৈ এটা প্ৰশ্নৰ উদয় হয় যে কেৱল অসমৰ দৰে এখন ৰাজ্যত কেৱল চৰকাৰী বিভাগত নিযুক্তি প্ৰদানৰ যোগেদি ভয়াৱহ ৰূপত মূৰ দাঙি উঠা নিবনুৱা সমস্যা সমাধান হ’বনে? তৃতীয়, চতুৰ্থবৰ্গৰ প্ৰায় ২৬ হাজাৰ পদৰ বিপৰীতে ১০ লাখৰো অধিক নিবনুৱাই আবেদন কৰিছে৷ আৰক্ষী বিভাগৰ বিভিন্ন পদত ইতিমধ্যে কেইবাটাও নিযুক্তি সম্পূৰ্ণ হ’ল৷ কনিষ্টবল বা সমপৰ্যায়ৰ পদসমূহত প্ৰাৰ্থীৰ সংখ্যা প্ৰায়ে কেইবা লক্ষাধিক হয়৷ তৃতীয়, চতুৰ্থবৰ্গৰ বিভিন্ন পদত আবেদনকাৰীৰ মাজত আছে লক্ষাধিক স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ আনকি পি এইচ ডি ডিগ্ৰীধাৰী, কাৰিকৰী ডিগ্ৰীধাৰী যুৱক-যুৱতী অসমৰ বিভিন্ন জিলাত কনিষ্ঠ সহায়ক বা সমপৰ্যায়ৰ চাকৰিত মকৰল হৈ আছে৷ বহু লাখ নিবনুৱা যুৱক-যুৱতীৰ মাজৰ পৰা এক লাখ নিযুক্তি চৰকাৰী বিভাগসমূহত সম্পূৰ্ণ হোৱাৰ পাছত পৰৱৰ্তী কেইবা বছৰলৈ এই বিভাগসমূহত নিযুক্তি হ’ব বুলি আশা কৰিব নোৱাৰি৷ অৱধাৰিতভাৱে ইতিমধ্যে চাকৰিৰ পৰা বঞ্চিত হোৱা বহু লাখ যুৱক-যুৱতীৰ লগতে প্ৰতি বছৰে স্নাতক, স্নাতকোত্তৰ আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ প্ৰাৰ্থীসকল যোগ হৈ ৰাজ্যত নিবনুৱাৰ সংখ্যা অধিক বৃদ্ধি কৰিব৷ ৰাষ্ট্ৰীয় পৰিসংখ্যা সংস্থা [এনএছঅ’]ৰ শেহতীয়া তথ্যমতে অসমত ‘পিৰিয়ডিকেল লেবাৰ ফৰ্চ ছাৰ্ভে’ অনুসৰি নিবনুৱাৰ সংখ্যা হ’ল ৮.১ শতাংশ৷ উল্লেখ্য এই পৰিসংখ্যা ৰাষ্ট্ৰৰ পৰিসংখ্যাতকৈ ২ শতাংশ অধিক৷ অসমত চহৰ অঞ্চলত নিবনুৱাৰ হাৰ ৭.৫ শতাংশ আৰু গ্ৰামাঞ্চলত ইয়াৰ হাৰ হ’ল ৮.৩ শতাংশ৷ ক’ভিড অতিমাৰীৰ পাছৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত নিয়োজিত অসমৰ বহু শ্ৰমিক- কৰ্মচাৰীয়ে কৰ্মসংস্থান হেৰুৱাই নিবনুৱা হৈ পৰিল৷ নিবনুৱাৰ অভাৱনীয় সংখ্যা বৃদ্ধিয়ে ইতিমধ্যে বিভিন্ন আৰ্থ-সামাজিক সমস্যা সৃষ্টিৰ লগতে বহু লোকৰ মাজত অপৰাধ প্ৰৱণতাৰ সৃষ্টি কৰিছে৷ বৰ্তমান সময়ছোৱাত ৰাজ্যত চাইবাৰ ক্ৰাইম, হনী ট্ৰেপিং, বেংক জালিয়াতি, অপহৰণমূলক ঘটনা, চাকৰিৰ নামত এচামৰ দালালৰাজ, ড্ৰাগ আৰু অন্য মাদকদ্ৰব্য সেৱন, পৰিয়ালকেন্দ্ৰিক সংঘাত, মানসিক স্বাস্থ্যৰ অৱনমন, আত্মহনন আদি বহু বৃদ্ধি পাইছে৷ নিবনুৱা সমস্যা হ্ৰাস কৰা, ৰাজ্যত অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে উদ্যোগীকৰণ, উদ্যমিতাৰ বিকাশ, স্ব-নিয়োজনৰ ব্যৱস্থাসমূহে৷ ক’ভিডৰ বাবে এনে পৰিৱেশ থকা দেশৰ বহু কেইখন ৰাজ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও অসমৰ দৰে পৰিৱেশ সৃষ্টি হোৱা নাই৷ নিটি আয়োগৰ ২০২২ চনৰ পৰিসংখ্যা মতে অসম দেশৰ ভিতৰতে ষষ্ঠখন ‘দুখীয়া ৰাজ্য’৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত নতুন উদ্যোগ স্থাপনৰ বাবে ৩০ শতাংশ পৰ্যন্ত ৰাজসাহায্য দিয়াৰ ব্যৱস্থা থকাৰ সত্ত্বেও ৰাজ্যখনে এই সুযোগ গ্ৰহণ কৰিব পৰা নাই৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলতো সেইসময়ৰ কেন্দ্ৰ চৰকাৰে ২০০৭ চনত অসমত উদ্যোগ স্থাপনৰ বাবে বিশেষ পেকেজ আগবঢ়াইছিল৷ ২০১৮ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বৃহৎ বিনিয়োগ সন্মিলন ‘এডভাণ্টেজ অসম’ আয়োজন কৰি বহু হাজাৰ কোটি টকা বিনিয়োগৰ সপোন ৰছা হৈছিল৷ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে ইনভেষ্ট আছাম’ নামৰ এক কেন্দ্ৰীভূত সংস্থা স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল৷ কৃষি, পশুপালনৰ ক্ষেত্ৰত কন্যাকা, গৰুখুটিৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে স্বাৱলম্বিতাৰ ক্ষেত্ৰত এচাম জড়িত হৈছে যদিও বৰ্ধিত নিবনুৱাৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ বহু কৰণীয় আছে৷ কোৱা বাহুল্য ৰাজ্যখনৰ বাবে এই দিশসমূহ অতি গুৰুত্বপূৰ্ণ যদিও সংবাদ মাধ্যম, সামাজিক মাধ্যমসমূহতো এনে বিষয়বোৰত মানুহৰ আগ্ৰহ কম৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰী চাকৰি সৃষ্টিত হিমালয়সদৃশ বাধাক অতিক্ৰমি আগবাঢ়ি যাব বুলি যি স্থিতি প্ৰদৰ্শন কৰিছে তাতকৈ অধিক ৰূপত সকলো প্ৰাচীৰ অতিক্ৰমি বিশেষকৈ বহনক্ষম উদ্যোগ, স্ব-নিয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰাটো এই মুহূৰ্তৰ বাবে আটাইতকৈ প্ৰয়োজন– ৰাজ্যৰ সৰ্বাংগীন মংগলৰ বাবে৷






