পৌৰকৰ সংবাদ, দাঙিব নোৱৰা শিলক পৰি নমস্কাৰ
গুৱাহাটীবাসী নাগৰিকৰ না-জল, না-থল অৱস্থা৷ কৰৰ বোজাই ভাঁজ কৰিলে মেৰুদণ্ড৷ নিম্ন-মধ্যবিত্তসকলে গুৱাহাটীক নমস্কাৰ দি আঁতৰি যাবলৈ বাধ্য হৈ পৰাৰ ভয়াৱহ পৰিণতি আসন্ন হোৱাৰ সম্ভাব্য আশংকাত ভীতিগ্ৰস্ত৷ গুৱাহাটী মহানগৰীত জীৱন-যাপন কৰিব পৰাটো এতিয়া সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ বাবে থকা নাই সহজ-সাধ্য হৈ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলোৱা দুৰ্দশাগ্ৰস্ত নাগৰিকৰ মৰ্মবেদনা বুজিবলৈ অপাৰগ চৰকাৰখনে অহৰ্নিশে কেৱল সুৰুঙা বিচৰাত ব্যস্ত– ক’ত কেনেকৈ ৰাইজৰ ওপৰত কৰ লগাব পাৰি আৰু তেওঁলোকৰ পকেটৰ ধন ছলে-বলে কাঢ়ি আনি দলৰ বাবে ভোটবেংক শক্তিশালীকৰণত গোটাব পাৰি৷ পুনৰ ভূতৰ ওপৰত দানহ পৰাদি গুৱাহাটী পৌৰ এলেকাবাসীৰ ওপৰত পৌৰকৰ বৃদ্ধিৰ শোষণমূলক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে কঁকালত টঙালি বান্ধিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে৷ এইবাৰ শেনৰ এজাত ৰাজ্য চৰকাৰ৷ গুৱাহাটী মহানগৰবাসীৰ ওপৰত পৌৰকৰ নিৰ্ধাৰণ-বৰ্ধিতকৰণ আৰু সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰিবলৈ লৈছে পৰৰাজ্যৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানক৷ সেই বেচৰকাৰী প্ৰতিষ্ঠানটোৱেই কাৰ্যত গুৱাহাটী মহানগৰৰ নাগৰিকৰ জীৱনযাত্ৰা নিয়ন্ত্ৰণ কৰিব৷ ঘৰে ঘৰে গৈ পৌৰকৰ সংগ্ৰহ কৰিব৷ প্ৰয়োজনত হয়তো অনাদায়ীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণতো কতৃৰ্ত্ব লাভ কৰিব৷ প্ৰশ্ন হৈছে, পৌৰনিগম, পৌৰকৰ্মী, পৌৰ মন্ত্ৰী, পৌৰপতিযমেয়ৰ অথবা পৌৰ কৰ্মচাৰীৰ প্ৰয়োজন ক’ত? পৌৰনিগম এলেকাবাসী নাগৰিকৰ পৰা আদায়কৃত আৰু সময় সাপেক্ষে প্ৰয়োজনত চৰকাৰী মঞ্জুৰিৰ ধনেৰে সকলোকে দা-দৰমহা, ভ্ৰমণ বানচ আদিকে ধৰি বিষয়াক গাড়ী-মটৰ আবণ্টনৰ বাবে কোটি কোটি টকাৰ শৰাধ কৰা হয়৷ পুনৰ বেচৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানক কৰ নিৰ্ধাৰণৰ কৰ্তৃত্ব অৰ্পণ কৰি সেই প্ৰতিষ্ঠানৰ কৰ্মী বা কৰ্মচাৰীৰে পৌৰকৰ, দাতাৰ ঘৰে ঘৰে গৈ কৰ সংগ্ৰহ কৰিব লাগিলে সেই প্ৰতিষ্ঠানৰো কৰ্মচাৰী, কৰ্মীবাহিনী থাকিব লাগিব৷ সেইসকলক দা-দৰমহা, গাড়ী-মটৰৰ খৰচ, ভ্ৰমণ যাতায়াতী খৰচ কোনে বহন কৰিব? নি(য়কৈ কৰদাতাসকলে৷ তেওঁলোকৰ পৰা জোৰ-জবৰদস্তিৰে আদায় কৰা কৰৰ ধনৰাশিৰ পৰা৷ জনা কথা পৌৰ নিগমৰ নিজা কৰ্মচাৰীক বেচৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ হকে কাম কৰোৱাটো বা কৰাবলৈ বিচৰাটো বে-আইনী কাৰ্য হ’ব৷ এতিয়া মূল প্ৰশ্নটো হৈছে, কৰদাতাসকলেই বৰ্তমানৰ পৌৰকৰ্মী, পৌৰ বিষয়া, পৌৰপতি আদিৰ দা-দৰমহা, গাড়ী-মটৰৰ পেট্ৰ’ল-ডিজেল আদিকে ধৰি যাতায়াতী ভ্ৰমণ বানচৰ ধন দি থাকিবই লাগিব আৰু তাৰ উপৰি এতিয়া বেচৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানে নিয়োগ কৰা বা কামত লগোৱা কৰ্মী, বিষয়াসকলৰ দৰমহাৰ ধনো দিব লাগিব৷ কেনেকৈ? বৃদ্ধি হ’ব কৰ, সেই কৰৰ ধনেৰে৷ এতিয়া এচাম বেচৰকাৰী কৰ্মী তথা কৰ্মচাৰী, বিষয়াৰ সংযোগত পৌৰ নিগমৰ ব্যয় দুই-তিনিগুণ বঢ়োৱাহে নিপাতনে সিদ্ধ হ’ব আৰু এই অতিৰিক্ত বোজা ব’ব লাগিব কৰদাতাসকলেই৷ কাৰ বা কিহৰ স্বাৰ্থত চৰকাৰে এনে বিত্তীয় অপৰাধ কৰিবলগীয়া হ’ল? নিঃসন্দেহে কমিছনৰ লালসাত৷ বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে আদায় কৰা কৰৰ অংশ যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি পৌৰমন্ত্ৰী-মেয়ৰকে ধৰি বৰ বৰ বিষয়া এচামক দিয়াৰ দায়িত্ব প্ৰতিষ্ঠানটোৱে ভাল ল’ৰাৰ দৰে যে পালন কৰিব লাগিব, সেইটো অনস্বীকাৰ্য৷ অন্যথা সেই প্ৰতিষ্ঠানটোৰ হাতৰ পৰা যে টকাৰ মেজিক উৰি যাব, সেইটো প্ৰতিষ্ঠানটোতকৈ বেছি ভালকৈ আনে নাজানিব৷ এনেবোৰ কাৰ্যৰ নামেই চৰকাৰী ভ্ৰষ্টাচাৰ, তাকেই কোৱা-কুই কৰিছে ভুক্তভোগী ৰাইজে৷ বিজেপি দলৰ পৰাই এবাৰ পৌৰমন্ত্ৰী হোৱা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, অগপ দলৰ পৰা পূৰ্বতে মন্ত্ৰী হোৱা আৰু বৰ্তমানৰ বিজেপি দলৰ বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চাৰিদিনমান আগতে পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে মত প্ৰকাশ কৰাৰ বাতৰি ওলাল৷ মন্ত্ৰী সিংঘালক ‘একনায়কত্ববাদ চলাবলৈ নিদিওঁ বুলি বিধায়ক ভট্টাচাৰ্যই বজ্ৰকণ্ঠ উচ্ছাৰিলে৷ ঢেকীয়াজুলিৰ মন্ত্ৰীয়ে গুৱাহাটীৰ কথা কি জানে বুলি প্ৰশ্ন উঠালে৷ তাৰ পাছত? ‘ডাঙিব নোৱৰা শিলক পৰি নমস্কাৰ’ বুলি কথা এষাৰ আছেই৷ এইটো সাধাৰণ অভিজ্ঞতাপ্ৰাপ্ত ৰাজনৈতিক নেতাৰো জ্ঞাত যে মুখ্যমন্ত্ৰীয মন্ত্ৰীসভাৰ অনুমোদন বা সন্মতি বা নিৰ্দেশ অবিহনে পৌৰ প্ৰশাসন মন্ত্ৰীয়ে পৌৰ নিগমৰ দৰে এটা গুৰুত্বপূৰ্ণ কতৃৰ্ত্বৰ যিকোনো কামৰ দায়িত্ব বেচৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানক দিব নোৱাৰে৷ এই কাম কৰিলে বা কৰিব লাগিলে মুখ্যমন্ত্ৰীৰ অনুমোদন বিধিগতভাৱে অপৰিহাৰ্য৷ মুখ্যমন্ত্ৰীয়ে কৰিলেও মন্ত্ৰীসভাৰ অনুমোদন লোৱাটো তেওঁৰ দায়িত্ব৷ তেনেস্থলত বিধায়ক তিনিওগৰাকীয়ে মুখ্যমন্ত্ৰীক বিষয়টো সন্দৰ্ভত একাষৰীয়াকৈ ৰাখি পৌৰ প্ৰশাসন মন্ত্ৰীৰ ওপৰতহে মাত্ৰ খঙৰ ভমক দেখুৱালে কিয়? সম্ভৱতঃ মুখ্যমন্ত্ৰীৰ মুখামুখি হোৱাৰ সাহসৰ অভাৱতে ‘উৰহৰ খং ভগা ঢাঁৰিতে জঁৰাৰ’ ৰাজনীতি কৰিলে কেৱল ৰাইজক জনাবৰ বাবে যে আমাৰ গাত দোষ নাই৷ আমি প্ৰতিবাদ কৰিছে৷’
প্ৰশ্নটো হৈছে ৰাজনীতিকৰ কথা-বতৰাৰ উদ্দেশ্য ৰাজনীতিপূৰ্ণ হ’ব পাৰে৷ কিন্তু অত্যন্ত বেদনাদায়ক কথাটো হৈছে এনেবোৰ ৰাজনৈতিক দুষ্কাৰ্য, গণশোষণৰ বলি হোৱা ৰাইজৰ কাৰাৰুদ্ধ নিৰ্লিপ্ততাৰ পৰিস্থিতিটো৷ অসমীয়াৰ বলিষ্ঠ সংগ্ৰামী সত্তা নিদ্ৰামগ্ন কিয়?






