পৰ্যটন খণ্ডৰ বিকাশ
এখন দেশৰ অৰ্থনৈতিক উন্নয়নত পৰ্যটনে গুৰুত্বপূৰ্ণ বৰঙণি যোগাব পাৰে৷ সেইবাবে বিভিন্ন দেশে পৰ্যটন ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে৷ কৰ’না অতিমাৰীয়ে বিগত দুটা বছৰ বিশ্বৰ পৰ্যটন ক্ষেত্ৰখনত যথেষ্ট ক্ষতি কৰিলে যদিও কৰ’নাৰ পৰিৱেশ স্বাভাৱিক হৈ উঠাৰ পাছত পৰ্যটকৰ অহা-যোৱা পুনৰ আগৰ দৰে হ’বলৈ ধৰিছে, যিটো নিঃসন্দেহে এটা উৎসাহৰ বিষয়৷ যোৱা মাহত প্ৰকাশ পোৱা ৰাষ্ট্ৰসংঘৰ এটা প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে চলিত বৰ্ষৰ প্ৰথম পাঁচটা মাহত বিশ্ব পৰ্যটন ক্ষেত্ৰখনত আশানুৰূপ উত্থান প্ৰত্যক্ষ কৰা হৈছে৷ ১৯৮০ চনৰ পৰা প্ৰতি বছৰৰ ২৭ ছেপ্টেম্বৰৰ দিনটোত এটা বিশেষ শ্লোগানেৰে পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস৷ এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ শ্লোগান হৈছে ‘Rethink Tourism’. বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন স্থানতো পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে বিশ্ব পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ এটা প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ভাৰতত শেহতীয়াকৈ অৱসৰ বিনোদনকেন্দ্ৰিক পৰ্যটনৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে৷ ক’ভিডৰ সময়ত দেশত ভ্ৰমণ সংক্ৰান্তীয় নিষেধাজ্ঞা থকা বাবে ভ্ৰমণ-বিলাসী লোকসকল এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ক্ষেত্ৰত সমস্যা আছিল৷ কিন্তু নিষেধাজ্ঞা আঁতৰ হোৱাৰ পাছত এতিয়া দেশৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰবোৰত পৰ্যটকৰ ভিৰ দেখা গৈছে৷ ভাৰতত বৰ্তমান উৎসৱৰ বতৰ আৰু এই সময়ত পৰ্যটন ক্ষেত্ৰবোৰত যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই৷ ভাৰতত বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত শীৰ্ষৰ তিনিখন ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু উত্তৰ প্ৰদেশ৷ আনহাতে, দেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত শীৰ্ষৰ তিনিটা স্থানত আছে ক্ৰমে তামিলনাডু, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটক৷ আনহাতে, মেডিকেল টুৰিজ্মৰ ক্ষেত্ৰত দক্ষিণৰ কেৰালা যথেষ্ট আগবঢ়া৷ কেৰালা চৰকাৰে শেহতীয়াকৈ পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যখন ভ্ৰমণ কৰিবলগীয়া বিদেশী পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ আঁচনি লৈছে আৰু এইক্ষেত্ৰত ৰাজ্যখন বহুখিনি সফলো হ’ব পাৰিছে৷ যদি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কথা উল্লেখ কৰা হয়, তেন্তে দেখা যায় পৰ্যটনৰ ক্ষেত্ৰখনত ছিকিম হৈছে সবাতোকৈ আগস্থানত৷ পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত ছিকিম চৰকাৰে যিবোৰ আঁচনি লৈছে, তাৰেই ফলত ৰাজ্যখনত বৃদ্ধি পাইছে বিদেশী পৰ্যটকৰ সংখ্যা৷ ছিকিমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ো পৰ্যটন ক্ষেত্ৰত বহুখিনি আগবঢ়া৷ অলপতে কেন্দ্ৰীয় নৌ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰাণসীৰ পৰা অসমৰ বগীবিললৈকে চাৰি হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্ব সামৰি এক অভিলাষী নৌকা যাত্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে৷ অহা বছৰৰ আৰম্ভণিৰ পৰা এই সুবিধা উপলব্ধ হ’ব বুলিও জনোৱা হৈছে৷ এনেধৰণৰ ব্যৱস্থাই বাণিজ্যৰ লগতে পৰ্যটনৰ ক্ষেত্ৰখনতো ইতিবাচক প্ৰভাৱ পেলাব পাৰে৷
উল্লেখ্য, অসম ভ্ৰমণলৈ অহা দেশী-বিদেশী পৰ্যটকসকলে ৰাজ্যখনৰ মূল পৰ্যটনস্থল হিচাপে মুখ্যতঃ কাজিৰঙা আৰু উজনি অসমৰ চাহ বাগানবোৰকে জানে৷ তাৰ বাহিৰেও ৰাজ্যখনত আন বহু পৰ্যটনস্থল আছে, যিবোৰৰ সঠিক প্ৰচাৰ হোৱা নাই৷ এইবোৰ স্থানৰ সঠিক প্ৰচাৰৰ ব্যৱস্থা কৰা হ’লে পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাব৷ শেহতীয়াকৈ পৰ্যটন বিভাগে অসমৰ পৰ্যটন স্থলবোৰৰ প্ৰচাৰৰ বাবে বিভিন্ন আঁচনি লৈছে, লগতে মাৰ্কেটিঙতো গুৰুত্ব দিছে৷ তাৰ লগতে আন ৰাজ্যত পৰ্যটন কেন্দ্ৰ স্থাপন কৰি ৰাজ্যখনৰ মুখ্য পৰ্যটনস্থলবোৰৰ তথ্য যোগান ধৰিলে অসম ভ্ৰমণ কৰিবলৈ বিচৰা লোক উপকৃত হ’ব৷ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত চেৰাপুঞ্জী আৰু মৌছিনৰামৰ উপৰি শেহতীয়াভাৱে দুখন গাঁৱত যথেষ্টসংখ্যক দেশী-বিদেশী পৰ্যটকৰ সমাগম পৰিলক্ষিত হৈছে আৰু এই বিষয়টোৱে বৈদ্যুতিন মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছে৷ গাঁও দুখন হৈছে ইষ্ট খাছী হিলছৰ নংজ্ৰং আৰু লাইটলুম৷ এয়া সম্ভৱ হৈছে পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বাবে৷ ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ দৰে ৰাজ্যই পৰ্যটন ক্ষেত্ৰবোৰৰ আন্তঃগাঁথনি উন্নত কৰাতো বিশেষ গুৰুত্ব দিছে৷ অসমতো পৰ্যটন ক্ষেত্ৰ হিচাপে স্বীকৃতি পাব পৰা বহু ঠাই আছে, যিবোৰ ঠাইৰ সঠিক প্ৰচাৰৰ অভাৱত পৰ্যটকো সেই ঠাইবোৰৰ বিষয়ে নজনাকৈ থাকে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পাছত এইবাৰ দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিয়ে অভিলেখ গঢ়িব৷ এয়া সম্ভৱ হ’লে নিঃসন্দেহে ৰাজ্যৰ পৰ্যটন উদ্যোগৰ বাবে উৎসাহৰ বিষয় হ’ব৷ কিন্তু কাজিৰঙা, মানাহ ৰাষ্ট্ৰীয় উদ্যান, মাজুলী আদি পৰ্যটন ক্ষেত্ৰৰ লগতে সম্ভাৱনা থকা ৰাজ্যৰ আন স্থানৰ উপযুক্ত প্ৰচাৰ চলোৱাৰ লগতে সেই ঠাইবোৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ ব্যৱস্থা ল’লে ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ দৰে অসমতো বৃদ্ধি পাব দেশী-বিদেশী পৰ্যটকৰ৷






