নদীবান্ধে বঢ়াইছে বিপদৰ আশংকা
উত্তৰ-পূবৰ অৰুণাচলত নিৰ্মাণ কৰা বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা উৎপাদন কৰা বিদ্যুতেৰে দেশৰ আন প্ৰান্তক উজলাই তুলিবলৈ বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনকো আওকাণ কৰি আগবঢ়া কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবেই বান্ধৰ নামনি অংশত বাস কৰা লোকৰ জীৱন-জীৱিকালৈ সংকট নামি অহাৰ আশংকা প্ৰবল হৈছে৷ উল্লেখ্য, ২০০৩ চনত ভূমিকম্প-প্ৰৱণ এলেকা অৰুণাচলৰ নামনি সোৱণশিৰিত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লয় যদিও বিভিন্ন কাৰণত ২০০৫ চনৰ পৰাহে উক্ত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰে৷ ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধে বান্ধৰ নামনিত বাস কৰা অসমৰ লোকৰ প্ৰবল ক্ষতি কৰাৰ আশংকা প্ৰকাশ কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি অহাৰ ফলত বান্ধ নিৰ্মাণৰ কাম স্থগিত আছিল৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি অৰুণাচলত নিৰ্মাণ কৰিব খোজা বৃহৎ নদীবান্ধসমূহে ব্ৰহ্মপুত্ৰৰ স্বাভাৱিক গতিধাৰাত প্ৰভাৱ পেলাই ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা লোকৰ জীৱন-জীৱিকাত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা কৰাৰ উপৰি ভূমিকম্পপ্ৰৱণ অঞ্চলত দিয়া বান্ধে নামনিৰ লোকৰ জীৱনলৈ জলপ্ৰলয়ৰ আশংকা কঢ়িয়াই অনাৰ বাবেই বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছিল৷ আনকি ২০০৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু আই আই টি গুৱাহাটীৰ বিশেষজ্ঞক লৈ গঠিত সমিতিয়েও প্ৰতিবেদন দাখিল কৰিছিল যে ভূ-কম্পনপ্ৰৱণ অঞ্চলত এনে বৃহৎ নদীবান্ধ নিৰ্মাণ সঠিক নহয়৷ অসমৰ বিশেষজ্ঞসকলে প্ৰকল্পটোৰ পাহাৰৰ গঠন, গাৰ্ড ৱাল, পাৱাৰ হাউছ, ডাইভাৰ্ছন টানেল আদিক লৈ আশংকা প্ৰকাশ কৰি প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আৰু আন্তঃগাঁথনি পুনৰীক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল৷ আনকি মূল বান্ধৰ উচ্ছতা ৮ মিটাৰ কমাবলৈও পৰামৰ্শ দিছিল অসমৰ বিশেষজ্ঞ সমিতিয়ে৷ কিন্তু ২০১৯ চনত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে জনসাধাৰণৰ মতামতক আওকাণ কৰি নিৰ্মাণৰ অনুমতি দিয়াত কেন্দ্ৰীয় চৰকাৰে বান্ধটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে পূৰ্ণোদ্যমে কামত আগবাঢ়ে আৰু চলিত বৰ্ষতে বিদ্যুৎ উৎপাদন কাৰ্য আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে৷ কিন্তু চলিত বৰ্ষৰ মাৰ্চত কেন্দ্ৰীয় বিদ্যুৎ কতৃৰ্পক্ষৰ প্ৰতিনিধি দল এটাই প্ৰকল্পস্থলী পৰ্যবেক্ষণ কৰি ইয়াৰ নিৰ্মাণকাৰ্য আৰু আন্তঃগাঁথনিক লৈ শংকিত হৈ পৰে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দায়িত্বত থকা এন এইচ পি চি কতৃৰ্পক্ষই প্ৰকল্পস্থলীত যি ৫টা ডাইভাৰ্ছন টানেল নিৰ্মাণ কৰিছে, ইয়াৰ আয়ুস কমেও ১০০ বছৰ বুলি তেওঁলোকে বিশেষজ্ঞক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও অলপতে অৰুণাচলত হোৱা প্ৰবল বৰষুণৰ সময়তে নিম্নমানৰ নিৰ্মাণকাৰ্যৰ ফলত ২, ৩ আৰু ৫ নম্বৰ টানেল ইতিমধ্যে বন্ধ হৈ গৈছে৷ ৪ নম্বৰ টানেলটোও বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ মাত্ৰ ১ নম্বৰ টানেলটোহে কাৰ্যক্ষম হৈ আছে৷ বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰাৰ দৰে টানেল ভাঙি প্ৰকল্পস্থলীত পাহাৰ খহিও আছে৷ ইয়াৰ উপৰি বান্ধৰ গাৰ্ডৱাল ভাগি পাৱাৰ হাউছত পানীও সোমাইছে৷ এনে অৱস্থাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো কাৰ্যকৰী হ’লে অসমৰ জনজীৱনত কেনে প্ৰভাৱ পৰিব, সেয়া চিন্তনীয় বিষয়৷ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনক আওকাণ কৰি আৰু অসমৰ জনজীৱনক চৰম বিপৰ্যয়ৰ মুখলৈ ঠেলি দি নিৰ্মাণ সম্পূৰ্ণ কৰিব খোজা বৃহৎ নদীবান্ধসমূহৰ আন্তঃগাঁথনি আৰু নিৰ্মাণকাৰ্য পুনৰীক্ষণ নকৰিলে অসমত উত্তৰাখণ্ডত নদীবান্ধ ভাগি হোৱা জলপ্ৰলয়তকৈও অধিক প্ৰলয় হোৱাৰ আশংকা আছে৷ চৰকাৰে যদিহে বৃহৎ নদীবান্ধৰ পৰিৱৰ্তে ক্ষুদ্ৰ ক্ষুদ্ৰ বান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা নকৰে তেন্তে অসমৰ জনজীৱনলৈ হয়তো অচিৰেই কাল অমানিশা নামি আহিব৷






