Logo
image

কৰৰ নাগপাশত বন্দী জনতা

সাধাৰণ জনতাই যেতিয়া উপলব্ধি কৰিব যে তেওঁলোকৰ ওপৰত অত্যাচাৰ-উৎপীড়ন বৃদ্ধি পাইছে, তেতিয়া ৰজা যিমানেই শক্তিশালী নহওক কিয় ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব৷ এই উৎপীড়ন শাৰীৰিক হ’ব লাগিব বুলি কথা নাই, জনতাৰ ওপৰত মানসিক নিৰ্যাতন বৃদ্ধি পালেও বিদ্ৰোহ-বিপ্লৱ সংঘটিত হোৱাৰ বহু উদাহৰণ আছে৷  ইয়াৰ উদাহৰণ ল’বলৈ বেছি দূৰলৈ যাব নালাগে৷ ১৮৬১ চনৰ ‘ফুলগুৰি ধেৱা’ আৰু ১৮৯৪ চনৰ ‘পথৰুঘাটৰ কৃষক বিদ্ৰোহ’ তাৰ জ্বলন্ত উদাহৰণ৷ ফুলগুৰি ধেৱা সংঘটিত হৈছিল ব্ৰিটিছ চৰকাৰে কানি বন্ধৰ নামত চৰকাৰী কানিৰ প্ৰচলন কৰিবলৈ গৈ সাধাৰণ কৃষকে কৰা আফু খেতি বন্ধ কৰিবলৈ যি পদক্ষেপ লৈছিল আৰু সেই সময়তে ব্ৰিটিছ চৰকাৰে লগোৱা আন কৰৰ লগত কৃষকৰ পাণ-তামোলৰ ওপৰতো কৰ আৰোপ কৰাৰ আশংকা কৰি শক্তিশালী ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল৷ সেইদৰে পথৰুঘাটৰ কৃষকে চৰকাৰৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে গঢ়ি তুলিছিল ঐক্যবদ্ধ প্ৰতিৰোধ৷ বৰ্তমান চৰকাৰখনেও জনসাধাৰণ ওপৰত ব্যাপক কৰ আৰোপ কৰি জনসাধাৰণৰ জীৱন দুৰ্বিষহ কৰি তুলিছে৷ আগৰ ১.২৫ টকাৰ খাজনা বৰ্তমান হ’লগৈ ১৮.৭৫ টকা, অৰ্থাৎ খাজনা বাঢ়িল ১১৬০ শতাংশ৷ সেইদৰে কোনো গাঁৱৰ যুৱকে গাঁৱৰ নিজা একঠা মাটিত যদি এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিছে, তেন্তে তেওঁ খাজনাৰ বাবদ দিব লাগিব চৰকাৰক ২,৫০০ টকা৷ এয়া কৃষকৰ ওপৰত চলোৱা চৰকাৰৰ লুণ্ঠন নহয়নে? আনহাতে, চৰকাৰে জি এছ টিৰ নামত দৈনিক নতুন নতুন সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰি আহিছে৷ শেহতীয়াকৈ পিঠাগুড়ি, গুৰ, গাখীৰৰ ওপৰতো লগোৱা সেৱা কৰে জনসাধাৰণক বাৰুকৈয়ে জলাকলা খুৱাইছে৷ জনসাধাৰণে কোৱা আৰম্ভ কৰিছে বিজেপি চৰকাৰখনে কৰ আৰোপৰ ক্ষেত্ৰত ব্ৰিটিছকো চেৰ পেলাইছে৷ 

সঁচা কথা ব্ৰিটিছে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ইংৰাজ কৱলিত ভাৰতত প্ৰচণ্ড আৰ্থিক সংকট হোৱাত জনসাধাৰণৰ ওপৰত কৰ আৰোপ কৰিছিল৷ ২০০ টকাপৰ্যন্ত উপাৰ্জনকাৰীক কৰৰ পৰা ৰেহাই দি ২০০ৰ পৰা ৪৯৯ টকা উপাৰ্জনকাৰীক ২ শতাংশ আৰু তাৰ ওপৰত আয় হ’লে ৫ শতাংশ কৰ দিছিল৷ আনহাতে, কৃষকসকল ৬০০ টকা উপাৰ্জনপৰ্যন্ত কৰমুক্ত আছিল৷ এই কৰ আৰোপ কৰাৰ বাবে ভাৰতৰ জনসাধাৰণৰ দ্বাৰা ব্ৰিটিছ চৰকাৰ ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাত চৰকাৰে পাঁচ বছৰৰ পাছত এই কৰ আইন স্থগিত কৰে৷ কিন্তু পুনৰ ব্ৰিটিছ চৰকাৰ আৰ্থিক সংকটত পৰাত চৰকাৰে পূৰ্বৰ কৰ নীতিৰ সংশোধন কৰি পূৰ্বৰ ২ শতাংশ কৰ হ্ৰাস কৰি ১.৬০ শতাংশ কৰে আৰু ৫০০ টকালৈকে কৰ ৰেহাই দিয়ে৷ ইয়াৰ লগতে পূৰ্বৰ যি ৬০০ টকা উপাৰ্জনলৈকেহে কৃষকৰ কৰ মুক্ত আছিল, এইবাৰ কৃষকক সম্পূৰ্ণ কৰমুক্ত কৰিলে৷ ব্ৰিটিছ চৰকাৰে পুনৰ ১৮৭৩ চনত এই কৰ আইন স্থগিত কৰিলে আৰু পুনৰ ১৮৭৭-৭৮ চনৰ দুৰ্ভিক্ষৰ পাছত কৰ আৰোপ কৰিলে৷ বিদেশী চৰকাৰেই ভাৰতত জনসাধাৰণৰ ওপৰত কৰ আৰোপ কৰিবলৈ ইতস্তত কৰি আছিল৷ বাৰে বাৰে কৰ স্থগিত কৰা কাৰ্যই তাকেই প্ৰমাণ কৰে৷ কিন্তু বৰ্তমানৰ স্বাধীন দেশৰ স্বাধীন চৰকাৰে প্ৰৱৰ্তন কৰা জি এছ টি আইন সম্পৰ্কত সমগ্ৰ দেশতে ব্যাপক সমালোচনা হোৱাৰ পাছতো চৰকাৰে নতুন নতুন সামগ্ৰীৰ ওপৰত দৈনিক কৰ আৰোপ কৰিহে আহিছে৷ 

আনহাতে, চৰকাৰে কেৱল উপাৰ্জনক্ষম ব্যক্তিৰ পৰা নহয় খুজি-মাগি কোনোমতে পেট প্ৰৱৰ্তন কৰা লোকৰ ওপৰতো কৰ আৰোপ কৰিছে৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এজন ব্যক্তিয়ে চৰকাৰক নানা কৰ পৰিশোধ কৰিব লাগে৷ 

ইয়াৰ মাজতে চৰকাৰে ভূগৰ্ভৰ পানীৰ ওপৰত যি কৰ আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সি আচলতে সকলো সীমা অতিক্ৰম কৰিছে৷ স্বাধীন দেশৰ স্বাধীন চৰকাৰে স্বাধীন জনসাধাৰণক যদি অকণমান স্বাস্থ্যসন্মত খোৱাপানীৰ যোগান ধৰিব পাৰিলেহেঁতেন, তেতিয়া হ’লে আজিৰ দৰে অৱস্থাৰ সৃষ্টি নহ’লহেঁতেন৷ প্ৰাণীৰ পানীয়েই প্ৰাণ৷ তেনে অৱস্থাত মানুহে নিজৰ খোৱাপানীটুপি নিজেই যোগাৰ কৰি লৈছে৷ কোনোৱে কেঁচা কুঁৱা খান্দি লৈছে, কোনোৱে পকাৰ ৰিং বহুৱাই লৈছে, কোনোৱে দুডাল পাইপ বহুৱাই টিউবৱেল পুতি লৈছে নিজৰ খৰচত, পৰাসকলে তাতকৈ ভাল ব্যৱস্থাৰে আধুনিক মেচিন বহুৱাই লৈ পানী খাইছে৷ চৰকাৰে অসমৰ আটাইতকৈ জনবহুল মহানগৰ গুৱাহাটীৰ পানীৰ ব্যৱস্থাই কৰিব নোৱৰাত আধুনিক চহৰখনত হোৱা বৃহৎ বহৎ অট্টালিকাৰ পানীও মানুহে নিজেই ব্যৱস্থা কৰি লৈছে৷ জনসাধাৰণে কিন্তু চৰকাৰক বাৰে বাৰে স্বাস্থ্যসন্মত খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে৷ এইক্ষেত্ৰত লুই বাৰ্জাৰৰ দৰে ডাঙৰ ডাঙৰ কেলেংকাৰীৰ কথা মানুহে শুনিছে, কিন্তু পানীকণ পোৱাৰহে সৌভাগ্য হোৱা নাই৷ 

চৰকাৰে ইতিহাসৰ পৰা শিক্ষা লওক৷ কেৱল ধনৰ লোভত কৰ আৰোপ কৰিলেই সমস্যাৰ সমাধান নহয়৷ সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে খোৱাপানীৰ ব্যৱস্থা চৰকাৰে কৰক৷ তেতিয়া ভূগৰ্ভৰ পানীৰ বাবে লাখ লাখ টকা খৰচ নকৰিলেও হ’ব৷ এয়া এখন কল্যাণকামী ৰাষ্ট্ৰৰ নাগৰিকৰ অধিকাৰ৷ সময় থাকোঁতেই জনগণক শিক্ষা-স্বাস্থ্য-খোৱাপানী-বিদ্যুতৰ দৰে বুনিয়াদী প্ৰয়োজনসমূহ পূৰণৰ বাবে চৰকাৰে কাম কৰক৷ কেৱল কৰৰ ওপৰত বৰ্তি থাকিবলৈ যদি চৰকাৰে চেষ্টা কৰে, তেন্তে সেয়া জনসাধাৰণে কেতিয়াও মানি নলয়৷