Logo
image

‘কফী উইথ এন চি বি’! কৰণ জোহৰক ‘কটাক্ষ’ ট্ৰলাৰৰ

আমাৰ অসম, ১৯ ডিচেম্বৰঃ বলীউডত ব্যাপক হাৰত চলি অহা ড্ৰাগ্‌ছৰ বিৰুদ্ধে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ’ৰ [এন চি বি] দ্বাৰা তদন্ত অব্যাহত ৰখা হৈছে৷ বলীউডৰ বহু আগশাৰীৰ তাৰকাক এন চি বিয়ে সোধা-পোছা কৰাৰ পাছত এইবাৰ এন চি বিয়ে চমন জাৰি কৰে বলীউডৰ জনপ্ৰিয় প্ৰয়োজক-পৰিচালনক কৰণ জোহৰলৈ৷ বলীউডৰ আগশাৰীৰ প্ৰযোজক-পৰিচালকজনৰ ঘৰত ২০১৯ চনত আয়োজিত এটা পাৰ্টীত উপস্থিত থকা তাৰকাসকলে ড্ৰাগ্‌ছ লোৱাৰ অভিযোগ উঠিছিল৷ এই পাৰ্টীৰ ছবি আৰু ভিডিঅ’ ৰাজহুৱা হৈছিল আৰু ইয়াত অংশগ্ৰহণ কৰা তাৰকাসকল ড্ৰাগ্‌ছৰ নিচাত মাতাল হৈ থকা বুলি বহুতে অভিযোগ আনিছিল৷ গতিকে উক্ত ড্ৰাগ্‌ছ পাৰ্টিীক লৈয়ে এন চি বিয়ে বৃহস্পতিবাৰে কৰণ জোহৰলৈ চমন জাৰি কৰি মাতি পঠিয়ায়৷ ফলত তেওঁ এন চি বিৰ ওচৰত হাজিৰ হ’ব লাগিব৷ উক্ত ড্ৰাগ্‌ছ পাৰ্টীৰ বিৰুদ্ধে এন চি বিয়ে অভিযোগ পোৱাৰ পাছতে এই সিদ্ধান্ত লয়৷ উক্ত পাৰ্টীত দীপিকা পাডুকন, শকুন বাট্ৰা, মালাইকা অৰোৰা, ৰণবীৰ কাপুৰ, ছাহিদ কাপুৰ, মীৰা ৰাজপুত, অৰ্জুন কাপুৰ, বিকী কৌশল, নাতাশা দালাল, ৰোহিত ধৱন, জয়া আখতাৰ, বৰুণ ধৱন আদিও উপস্থিত আছিল৷ কৰণ জোহৰক সোধা-পোছাৰ বাবে এন চি বিয়ে চমন জাৰি কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে শুকুৰবাৰে পুৱাৰে পৰাই ছ’চিয়েল মিডিয়াত ব্যাপক ট্ৰলৰ [কটাক্ষ] সন্মুখীন হৈছে  জোহৰ৷ বহুতে কৰণ জোহৰক কটাক্ষ কৰি ‘কফী উইথ এন চি বি’ হেছটেগ ব্যৱহাৰ কৰে৷ বহুতে এই বুলি কটাক্ষ কৰে যে এন চি বিৰ চমনে কৰণ জোহৰৰ অহংকাৰ শেষ কৰিব৷ কোনোৱে কয় যে বলীউডৰ ক্ষেত্ৰখনত কৰণ জোহৰ যিমানেই শক্তিশালী নহওক কিয়, এদিন নিজৰ পাপৰ বাবে ফল ভোগ কৰিবই৷ কিছুমানে উক্ত পাৰ্টীৰ ছবিও ৰাজহুৱা কৰি কৰণ জোহৰক কটাক্ষ কৰে৷