Logo
image

বৰঙণিৰ বৰবিহ, ৰাজনীতিকৰ নাগপাশত বন্দী জনতা

চান্দা-বৰঙণি সংগ্ৰহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ সংবাদে শুভবুদ্ধিসম্পন্ন নাগৰিকৰ মনত কিছু হ’লেও স্বস্তিৰ নিশ্বাস পেলাইছে৷ কাৰণ কিছুসংখ্যক সংগঠন আৰু ৰাজনৈতিক দলৰ চান্দা-বৰঙণি আদায় কৰা অমানৱীয় আচৰণে সচেতন মহলক চিন্তান্বিত কৰি তোলে৷ চৰকাৰী-বেচৰকাৰী আৰু চৰকাৰৰ ছত্ৰছায়াত জন্ম পোৱা তথাকথিত অৰাজনৈতিক সংগঠনৰ উপৰি ৰাজনৈতিক দলৰ নেতা-পালিনেতাই সংগ্ৰহ কৰা দান-বৰঙণি, অসহনীয় চান্দাৰ বোজা প্ৰকাৰান্তৰে নাগৰিকৰ মূৰতেই পৰে৷  চান্দা-বৰঙণি বয়-বস্তুৰ মূল্যবৃদ্ধিৰ অন্যতম কাৰণ, কিয়নো উদ্যোগপতি, পুঁজিপতিৰ পৰা ৰাজনৈতিক দলবিলাকৰ উপৰি দেশ-জাতি-মাটিৰ ৰক্ষাৰ বাবে গঠন হোৱা অৰাজনৈতিক [!] সংগঠনৰ নেতা-পালিনেতা আৰু কৰ্ণধাৰসকলে ছল-বল প্ৰদৰ্শনৰ উপৰি ভাবুকিৰে আদায় কৰা বৰঙণিৰ বোজাও নিৰীহ জনতাই বহন কৰিব লগাত পৰে৷ কিয়নো এটা উদ্যোগ বা কোম্পানীৰ পৰা ৰাজনৈতিক দল-সংগঠনসমূহে আদায় কৰা চান্দা-বৰঙণিৰ ধন সংশ্লিষ্ট উদ্যোগ বা কোম্পানীৰ উৎপাদিত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে আদায় কৰি লোৱাৰ অঘোষিত অধিকাৰ তথা স্বাধীনতা তেওঁলোকে লাভ কৰে৷ দল-সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাতৰিকাকতত একোটা বিবৃতি দি অথবা এদিন বা দুদিন মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা দিয়াৰ অভিনয় কৰা আৰু তেনেদৰে জনহিতৈষীৰ শাৰীত থিয় দিয়াৰ দৃষ্টান্ত অন্তত এইখন অসমত অলেখ৷ তেওঁলোকে জানে যে এই মূল্যবৃদ্ধিৰ অন্তৰালৰ অন্যতম কাৰক চান্দা সংস্কৃতি৷ শাসকীয় দলে ৰাজহুৱাকৈ প্ৰতিবাদ নকৰে৷ পূৰ্বতে পুঁজিপতি গোষ্ঠীকে ধৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তি, উদ্যোগপতিয়ে চান্দা দিবলৈ বেয়া পোৱাৰ নজিৰ নথকা নহয়৷ কাৰণ এতিয়াৰ দৰে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিব পৰাৰ পূৰ্ণ অধিকাৰ তেওঁলোকে পোৱা নাছিল৷ এতিয়া চান্দা-বৰঙণি দিবলৈ সুযোগ নাপালে অস্বস্তিত ভোগাটো মন কৰিলেই বুজিব পৰা কথা৷ কাৰণ ৰাজনৈতিক দলকে ধৰি আন সংগঠনক চান্দা-বৰঙণি দিবৰ সুবিধা ল’ব নোৱাৰিলে ব্যৱসায় মন্দা হোৱাৰ আশংকাত তেওঁলোক শংকিত৷ চন্দা সংস্কৃতি বন্ধ হ’লে সঘন মূল্যবৃদ্ধিৰ ব্যৱস্থা বন্ধ হোৱাৰ সম্ভাৱনা আছে৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শাসন ব্যৱস্থা পৰিচালনাত কিমান চতুৰ সেইটো সময়ে ক’ব, কিন্তু তেওঁৰ চৰকাৰ ব্যৱসায়ীক দৃষ্টিভংগী, কলা-কৌশলত সিদ্ধহস্ত৷ চান্দা সংস্কৃতিৰ বিৰোধ কৰি তেওঁৰ চৰকাৰে আন ৰাজনৈতিক দল-সংগঠনৰ চান্দা-বৰঙণি লোৱাৰ হাত বান্ধিবলৈ চক্ৰবেহু ৰচনা কৰিছে, কিন্তু নিজৰ আৰু নিজৰ দলৰ হাত মুক্তি কৰি ৰাখিছে৷ লগতে পুঁজিপতি বণিয়া গাষ্ঠীৰ লাভৰ অংকও সুৰক্ষিত কৰিছে৷ ৰাজনৈতিক দলৰ বাবে চান্দা আদায়ৰ পথ খোলা ৰাখি আনৰ বাবে ৰুদ্ধ কৰিছে৷ ক্ষমতাত নথকা দলক কোনে চান্দা দিব? সৌজন্যৰ খাতিৰত কিবা দিবলগীয়া হ’লেও বঞ্চিত নকৰি কিঞ্চিতৰ ব্যৱস্থা কৰিব৷ বণিক গোষ্ঠীয়ে চৰকাৰক তুষ্ট কৰি নিজৰ অভিষ্ট সিদ্ধি কৰিব৷ ইয়াৰ বাবে হোৱা মূল্যবৃদ্ধিৰ বোজা ৰাইজেই ভৰিব লাগিব৷ চান্দা-বৰঙণিৰ বিৰুদ্ধে ভাষণ দিয়া বিজেপিক যোৱা নিৰ্বাচনৰ পূৰ্বে কোনো এজন কোটিপতিয়ে ১৪.৪৫ কোটি, আন এজনে ৩.০৫ কোটি আৰু এজনে ১.২৫ কোটি টকাৰ চান্দা দিয়াৰ বাতৰি ওলাইছে৷ ইয়াৰ বাদে আৰু অজস্ৰই নিশ্চয় বিজেপিক কোটি কোটি টকাৰ চান্দা দিছে৷ কিয় দিছে? লাভৰ স্বাৰ্থতেই নহয় জানো? এই চান্দাৰ বিনিময়ত চৰকাৰ, মুখ্যমন্ত্ৰীৰ আশীৰ্বাদপুষ্ট লোকে হাজাৰ কোটিৰ হিচাপত মুনাফা আদায় কৰি ল’ব পাৰিব আৰু তাৰ পৰিণতিত দুৰ্ভোগ ভুগিবলৈ বাধ্য হ’ব সাধাৰণ জনতা৷ এয়াই সাম্প্ৰতিক ৰাজনৈতিক ধাৰা আৰু ৰাইজৰ হকে ঘঁৰিয়ালৰ  চকুপানী টোকা তথাকথিত জনদৰদী ৰাজনীতিকৰ আচল স্বৰূপ৷ পূজাৰ সময়ত সকলোৱে জীয়া সত্যক অনুধাৱন কৰিবলৈ বিচৰাটো সকলোৰে কাম্য৷