Logo
image

উৎসৱৰ দিনৰ চিন্তন

উৎসৱৰ দেশ ভাৰতবৰ্ষ৷ জাতি, ধৰ্ম, ভাষা, বৰ্ণ, ভৌগোলিক দিশ আদিৰ ক্ষেত্ৰত ভিন্নতাৰে ভৰপূৰ দেশখনত বছৰটোৰ ভিন্ন সময়ত উদ্‌যাপন কৰা উৎসৱ-পাৰ্বণৰ লেখ-জোখ দিয়াটো সম্ভৱ নহয়৷ ধৰ্মীয় বৈশিষ্ট্য, জাতীয় বৈশিষ্ট্য থকা বহু উৎসৱ স্থানভেদে থকা লোকজীৱন, সাংস্কৃতিক পৰম্পৰা, ধৰ্মীয় আচাৰ, ৰীতি-নীতিৰ পৰম্পৰা আদিক অগ্ৰাধিকাৰ দি সংশ্লিষ্ট এলেকাৰ ৰাইজে উদ্‌যাপন কৰে৷ দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা এই উৎসৱসমূহৰ বহুকেইটা উৎসৱ সাৰ্বজনীনতাৰ বাবে আৰু ইয়াৰ একক বৈশিষ্ট্যতাৰ বাবে ই সমগ্ৰ দেশৰ ভিতৰতে নহয় বিশ্বৰ বিভিন্ন স্থানতো ইয়াক লৈ উলহ-মালহৰ সৃষ্টি হয়৷ সামাজিক বান্ধোন, একতা, সম্প্ৰীতি সৃষ্টিতো এই উৎসৱসমূহৰ অৱদান লেখতল’বলগীয়া৷ বিহু, অনাম, পোংগল দেৱালী, দুৰ্গাপূজা, হোলী, লহৰী, ঈদ, খ্ৰীষ্টমাছ, বৈশাখী, ৰথ-যাত্ৰা, গণেশ চতুৰ্থী, জন্মাষ্টমী, দশেৰা, গুৰুনানক জয়ন্তী আদি বিভিন্ন সামাজিক প্ৰকৃতি নিৰ্ভৰ উৎসৱৰ লগতে ধৰ্মীয় উৎসৱসমূহ যুগ যুগান্তৰ ধৰি দেশত উদ্‌যাপিত হৈ আহিছে৷ উপৰিউক্ত উৎসৱসমূহৰ লগতে চৰকাৰীভাৱে ঘোষিত বিভিন্ন দিৱসসমূহ যেনে– স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, গান্ধী জয়ন্তী আদি ৰাষ্ট্ৰীয়ভাৱে ধুমধামেৰে আয়োজন কৰা হয়৷ শেহতীয়াকৈ শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলতো আজাদী কা অমৃত মহোৎসৱ, যোগ দিৱস আদি বহু নতুন বিশেষ দিৱস আৰু উৎসৱ আয়োজন কৰি থকা হৈছে৷ ৰাষ্ট্ৰীয় একতা-সংহতি সৃষ্টি, সামাজিক একতা বৃদ্ধি, দুষ্টক দমন-শান্তক পালনৰ ধাৰণাক গুৰুত্ব প্ৰদানেৰে উদ্‌যাপিত ধৰ্মীয় উৎসৱ বা আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰতকৰণৰ উপলক্ষত আয়োজিত আদি উৎসৱসমূহে দেশৰ বিচিত্ৰতাৰ মাজতে থকা একতা আৰু অনৈক্যৰ মাজৰ ঐক্যৰ দিশটোক সৱলভাৱে প্ৰতিফলিত কৰে৷ কাজেই  দেশৰ চুকে-কোণে আয়োজিত এই উৎসৱসমূহৰ সময়ত বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত উলহ-মালহৰ সৃষ্টি হয় আৰু আৰ্থিক দিশত পিছপৰা সকলেও নিজৰ সাধ্যানুসৰি উৎসৱত জড়িত হৈ মানসিক আনন্দ, পৰিতৃপ্তি লাভ কৰে৷ লক্ষণীয়ভাৱে এই উৎসৱসমূহত বৃহৎ জনসংখ্যাৰ দেশখনৰ গৰিষ্ঠসংখ্যক লোক জড়িত হৈ পৰাৰ সুবাদত এখন বৃহৎ বজাৰৰো অৰ্থাৎ বৃহৎ অৰ্থনৈতিক লেনদেনৰ সৃষ্টি হয়৷ ইফালে বিশ্বায়ন প্ৰক্ৰিয়াৰ আৰম্ভ হোৱাৰ পিছৰে পৰা আৰু বিশেষ পৰিৱেশত উৎসৱ-পাৰ্বণসমূহে পূৰ্বৰ মৌলিকতা হেৰুৱাইছে আৰু পশ্চিমীয়া আমদানিকৃত বহু নতুন দিশ এই উৎসৱসমূহৰ সৈতে সংযোজিত হৈছে৷ আধ্যাত্মিকতা ধৰ্মীয় দিশতেই হওক বা সাংস্কৃতিক দিশতেই হওক বিষয়বস্তুৰ গভীৰতাক উপলব্ধি কৰাতকৈ ‘চকমকনি’ৰ বিষয়বোৰেহে আজিৰ সময়ৰ উৎসৱসমূহত প্ৰাধান্য লাভ কৰিবলৈ লৈছে৷ পৰিৱেশ-পৰিস্থিতিৰ তাগিদাত ক্ৰমান্বয়ে হোৱা এই পৰিৱৰ্তনসমূহক ৰাইজেও আদৰি ল’বলৈ  ধৰিছে আৰু অধিকাংশই ইয়াৰ সৈতে অভ্যস্ত হৈ পৰিছে৷ সম্প্ৰতি শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত মুদ্ৰাস্ফীতি সংকটক লৈ বাণিজ্যিক মহল উদ্বিগ্ন যদিও মাৰ্কেট ৰিছাৰ্ছৰ অনুমান অনুসৰি ২০২২ বৰ্ষৰ পূজাৰ সময়ত ঘৰুৱা বজাৰ, ঘৰুৱা উৎপাদন আৰু সেৱা খণ্ডই প্ৰায় ৪,৫০০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হ’ব৷ ক’ভিড অতিমাৰীৰ পিছৰ পৰা উদ্যোগ-বাণিজ্য, সেৱাখণ্ড, পৰ্যটন আৰু বিভিন্ন ব্যৱসায় ক্ষেত্ৰখনে এতিয়াও মূৰ দাঙি উঠিব পৰা নাই যদিও শাৰদীয় পূজাক লৈ পূৰ্বৰ দৰে নহ’লেও এটা পৰ্যায়লৈকে ব্যৱসায়-বাণিজ্য চলিব বুলি প্ৰায়বোৰ ঔদ্যোগিক খণ্ডৰ লগত জড়িত বিশেষজ্ঞসকলে অনুমান কৰিছে৷ চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে অট’মবাইল, মটৰগাড়ী, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, তথ্য-প্ৰযুক্তিৰ সা-সামগ্ৰী আদিৰ বিক্ৰী বৃদ্ধি পাইছে৷ পৰ্যটনৰ ক্ষেত্ৰখন ক’ভিডৰ সময়ছোৱাত নিমাওমাও হৈ পৰিছিল৷ এতিয়া তাৰ পৰিৱৰ্তন হৈছে৷ এয়াৰলাইন্‌ছ, ৰে’লৱেত যাত্ৰীৰ ভিৰ বাঢ়িছে৷ পৰ্যটকৰ আহ-যাহ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে৷ অৱশ্যে ইয়াৰ মাজতে ই-কমাৰ্চৰ অবিশ্বাস্য উত্থানৰ বাবে ইয়াৰ লগত জড়িত ব্যৱসায়িক গোষ্ঠী লাভান্বিত হৈছে যদিও ব্যৱসায়ত ব্যাপক লোকচানৰ সন্মুখীন হৈছে খুচুৰা ব্যৱসায়ীসকল৷ অনলাইনত সকলো সামগ্ৰীয়েই সহজতে উপলব্ধ হোৱাৰ বাবে বহু প্ৰত্যাশিত দুৰ্গাপূজাৰ সময়তো দোকান-বিপণীসমূহত ভিৰ পৰিলক্ষিত হোৱা নাই গ্ৰাহকৰ৷ অৰ্থাৎ অনলাইন ব্যৱস্থাই গ্ৰাহকক সা-সুবিধা প্ৰদান কৰিছে যদিও অমানিশা কঢ়িয়াই আনিছে খুচুৰা ব্যৱসায়ী-ৰিটেইলাৰসকলৰ বাবে৷ অৰ্থাৎ পূজাক লৈ ক’ভিড অতিমাৰীৰ পাছত আধ্যাত্মিক-সাংস্কৃতিক দিশত এক অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে যদিও অৰ্থনৈতিক দিশত আশা কৰা মতে পৰিস্থিতিৰ উত্তৰণ ঘটা নাই৷