লণ্ডনৰ এটি শিশুক দিয়া হ’ব ১৬ কোটি টকীয়া বেজী
আমাৰ অসম, ১৯ ডিচেম্বৰঃ ব্ৰিটেইনৰ এটি দুমহীয়া শিশুক দিয়া হ’ব বিশ্বৰ আটাইতকৈ ব্যয় বহুল ইনজেকছন৷ এই ইনজেকছনটোৰ দাম ১৬ কোটি টকা৷ উল্লেখ্য যে জন্মৰ পিছৰে পৰা শিশুটি এক বিৰল ৰোগত আক্ৰান্ত হৈছে৷ ৰোগ বিধৰ নাম জেনেটিক স্পাইনেল মাছকুলাৰ এথ্ৰ’ফী৷ চিকিৎসকৰ মতে এই ৰোগত আক্ৰান্ত হ’লে এছ এম এন নামৰ এক জিনৰ অভাৱ হয়৷ ইয়াৰ ফলত বুকুৰ পেশী দুৰ্বল হৈ পৰে আৰু শ্বাস-প্ৰশ্বাস গ্ৰহণত সমস্যাৰ সৃষ্টি হয়৷ সাধাৰণতে শিশুসকলহে এই ৰোগত আক্ৰান্ত হয় আৰু সময় মতে প্ৰয়োজনীয় চিকিৎসা লাভ নকৰিলে মৃত্যুমুখত পৰে৷ ব্ৰিটেইনত এই ৰোগৰ প্ৰকোপ আটাইতকৈ বেছি৷ উল্লেখ্য যে আজিৰ পৰা তিনি বছৰ পূৰ্বে জেনেটিক স্পাইনেল মাছকুলাৰ এথ্ৰ’ফী নামৰ ৰোগ বিধৰ কোনো চিকিৎসা নাছিল৷






