Logo
image

অৱসৰৰ পাছৰ অনিশ্চয়তা

চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাছত সকলোৱে আৰ্থিক নিৰাপত্তা বিচাৰে৷ কিন্তু সেই সময়তো যদি উপাৰ্জনৰ বাবে কামৰ সন্ধান কৰিবলীয়া হয়, তেন্তে সেইসকলৰ জীৱন-জীৱিকাৰ কথা কোনোবাই ভাবিবনে? চৰকাৰে ২০০৫ চনৰ পৰা নিযুক্তি পোৱাসকলক পুৰণি পেন্সন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন পেন্সন ব্যৱস্থাৰ অধীনলৈ অনাৰ পাছৰে পৰা এই পেন্সন ব্যৱস্থাক লৈ কৰ্মচাৰীসমাজ অসন্তুষ্ট হৈ সময়ে সময়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ 

ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা বা এন পি এছত কৰ্মচাৰীসকলৰ অৱসৰকালীন আৰ্থিক সুবিধাৰ বাবে কৰ্মৰত অৱস্থাত প্ৰতিমাহে চৰকাৰে কৰ্মচাৰীজনৰ দৰমহাৰ ১৪ শতাংশ ধন অতিৰিক্তভাৱে আদায় দিয়াৰ বিপৰীতে কৰ্মচাৰীজনৰ দৰমহাৰ পৰা ১০ শতাংশ ধন কৰ্তন কৰি এন এছ ডি এল নামৰ সংস্থাৰ যোগেদি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে৷ বিনিয়োগৰ বিপৰীতে শ্বেয়াৰ বজাৰত আৰ্জিত ধন আৰু জমা হৈ থকা ধনৰ পৰা অৱসৰৰ সময়ত অধিকতম ৬০ শতাংশ ধন ব্যক্তিজনক ঘূৰাই দিব আৰু বাকী ৪০ শতাংশ ধন পুনৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি আহৰণ কৰা ধনৰ পৰা মাহিলী পেন্সন হিচাপে ব্যক্তিজনক আদায় দিব৷ অৰ্থাৎ কৰ্মচাৰীজনৰ অৱসৰৰ সময়ছোৱাত আৰ্থিক প্ৰয়োজনৰ সমস্ত দায়িত্ব চৰকাৰৰ সলনি নিৰ্দিষ্ট বিত্তীয় প্ৰতিষ্ঠানে পালন কৰিব৷ যি সময়ত দেশৰ অধিকাংশ চৰকাৰী-বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ বিয়াগোম কেলেংকাৰীয়ে দেশৰ অৰ্থনীতিক জুৰুলা কৰিছে, সেই সময়তেই পেন্সনৰ দৰে স্পৰ্শকাতৰ দায়িত্ব এই বিত্তীয় প্ৰতিষ্ঠানসমূহক ন্যস্ত কৰাটো অতিকৈ চিন্তনীয়৷

তথ্য অনুসৰি বিগত জানুৱাৰী মাহলৈ এন পি এছ আঁচনিৰ বাবদ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে এন এছ ডি এলক ৫,৩৮,০০৬ কোটি টকা আদায় দিছে৷ শ্বেয়াৰ বজাৰৰ উত্থান-পতন বা অসৎ ব্যক্তিৰ নিৰ্দেশত যদিহে এই ধনৰ ১০ শতাংশৰো খেলিমেলি হয়, কৰ্মচাৰী সমাজকেই নহয় বৰং চৰকাৰী ব্যৱস্থা, সমাজ আৰু দেশৰ অৰ্থনীতি বিধবস্ত কৰাৰ পৰিৱেশ আহিব পাৰে বা আনিব পাৰে৷ উল্লেখ্য যে  সম্প্ৰতি বিশ্বৰ দুই ৰাষ্ট্ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে ইতিমধ্যে এন পি এছ আঁচনিৰ ধনত এক বৃহৎ প্ৰভাৱ পৰিছে৷ অনাগত দিনত ভাৰতে প্ৰত্যক্ষভাৱে লিপ্ত হ’ব পৰা যুদ্ধ বা অৰ্থনৈতিক সংকটৰ সময়ত বৃদ্ধ ব্যক্তিসকল পথৰ ভিক্ষাৰী হোৱাৰ বাহিৰে গত্যন্তৰ নাথাকিব৷ 

পেন্সন ব্যৱস্থাৰ মুখ্য উদ্দেশ্য হৈছে চৰকাৰী কৰ্মচাৰী এজনে সুদীৰ্ঘকাল চৰকাৰী ব্যৱস্থাত থাকি চৰকাৰ তথা সমাজক আগবঢ়োৱা সেৱাৰ বাবদ বৃদ্ধ বয়সত আৰ্থিক সুৰক্ষা প্ৰদান কৰা৷ এই ব্যৱস্থাৰে এজন ব্যক্তিক তেওঁৰ কামৰ বাবে সন্মানসহকাৰে জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা ধন লাভৰ ক্ষেত্ৰত, অৰ্থাৎ অন্ন, বস্ত্ৰ, বাসস্থান, চিকিৎসাজনিত প্ৰয়োজন আদিৰ ক্ষেত্ৰত সকাহ দিয়া হয়৷

বিগত কেইবছৰমানত ৰাজ্যখনত এন পি এছ আঁচনিৰ অধীনত প্ৰায় ৭,০০০জন চৰকাৰী বিষয়া আৰু শিক্ষক-কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে৷ এওঁলোকে এই আঁচনিৰ পৰা পোৱা মাহিলী পেন্সনৰ পৰিমাণ শুনি সকলোৰে চকু কপালত উঠিছে৷ এইসকলৰ কোনোৱে মাত্ৰ ৫০০ টকা, কোনোৱে মাত্ৰ ৮০০ টকা বা কোনোৱে মাত্ৰ ১,২০০ টকাকৈ মাহিলী  পেন্সন পাইছে৷ অৱসৰ পোৱা ব্যক্তিসকলৰ ৯৫ শতাংশই মাহিলী ১,২০০টকাতকৈও কমকৈ পেন্সন পোৱাৰ বিপৰীতে কেৱল ৪-৫ শতাংশ ব্যক্তিয়েহে মাহিলী ১,৫০০ৰ পৰা ৩,০০০ টকাপৰ্যন্ত পেন্সন পাবলৈ সক্ষম হৈছে৷ এই ৭,০০০জনৰ প্ৰতিজনে জীয়াই থকাৰ তাড়নাত বৃদ্ধাৱস্থাতো নতুনকৈ উপাৰ্জনৰ পথ বিচাৰি ফুৰিবলৈ বাধ্য হৈছে৷ তেন্তে চৰকাৰৰ নতুন পেন্সন আঁচনিয়ে এইসকলক বৃদ্ধাৱস্থাত আৰ্থিক সুৰক্ষা দিবলৈ সক্ষম হৈছেনে? যদিহে চৰকাৰৰ নতুন পেন্সন আঁচনিয়ে বৃদ্ধাৱস্থাত চৰকাৰী কৰ্মচাৰীসকলক আৰ্থিকভাৱে সুৰক্ষিত কৰিব নোৱাৰে, তেন্তে এনে পেন্সন আঁচনিৰ প্ৰয়োজনেইবা ক’ত? যি সময়ত পাঁচ বছৰ বিধায়ক-সাংসদ হৈ জনপ্ৰতিনিধিয়ে আজীৱন পেন্সনৰ সুবিধা লাভ কৰে, তেনে সময়ত কিন্তু দীৰ্ঘকাল চৰকাৰী বিভাগত সেৱা আগবঢ়ায়ো চৰকাৰী কৰ্মচাৰীয়ে নতুন পেন্সন আঁচনিৰ অধীনত আৰ্থিক সুৰক্ষা লাভ নকৰে৷ এই অৱস্থাৰ অৱসান কেতিয়াবা হ’বনে?