Logo
image

বিত্ত বিভাগৰ নিৰ্দেশত সিংঘাল পুনৰ্মূষিক ভৱ

প্ৰতিবেদন-৯ সিংঘাল উন্নয়ন পৰিষদ

আমাৰ অসম, ২০ ডিচেম্বৰঃ বিল্ডাৰ অশোক সিংঘালক গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণত ৰাজনৈতিক সংস্থাপন দিয়াৰ পাছতেই মহানগৰীখনৰ উন্নয়নৰ দায়িত্বত থকা প্ৰতিষ্ঠানটোত এখন অঘোষিত কমিচনৰ বজাৰ গঢ়ি উঠাৰ অভিযোগ উঠিছে৷ জি এম ডি এৰ অধ্যক্ষ অশোক সিংঘালে লুণ্ঠনৰ স্বাৰ্থত চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি নিজৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগতে প্ৰচণ্ডৰ পুঁজিপতি বণিক গোষ্ঠীক বিভিন্ন প্ৰকল্পৰ ঠিকা আবণ্টন দিয়া পৰিলক্ষিত হৈছে৷ নিজৰ মুখৰ বক্তব্যকে জি এম ডি এৰ আইনলৈ পৰিণত কৰা অশোক সিংঘালৰ শেহতীয়া এক হঠকাৰী সিদ্ধান্তক বিত্ত বিভাগে হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ গুৱাহাটীৰ উজানবজাৰৰ পদুম পুখুৰীৰ পাৰত জি এম ডি এৰ এটা ছয় মহলযুক্ত অট্টালিকা নিৰ্মাণৰ ঠিকা নিজৰ ঠিকাদাৰী প্ৰতিষ্ঠান ‘প্ৰটেক গ্ৰুপ’ৰ হাতলৈ অনাৰ বাবে নিবিদাত অদ্ভূত চৰ্ত আৰোপ কৰি বিজ্ঞাপন প্ৰকাশ কৰাৰ তথ্য ‘আমাৰ অসম’ৰ শনিবাৰৰ সংখ্যাত সবিস্তাৰে প্ৰকাশ কৰা হৈছে৷ কিন্তু মেনেজ মাষ্টাৰ হিচাপে পৰিচিত অশোক সিংঘালে কমিচনৰ অংকত কোটি টকা ব্যয়ৰে ‘ফৰএভাৰ গুৱাহাটী’ শীৰ্ষক কফি টেবুল বুক ছপা কৰাৰ পৰিকল্পনাৰে নিবিদা আহ্বান কৰিছিল যদিও বিত্ত বিভাগে বাধা দিয়াত শেষ মুহূৰ্তত সমগ্ৰ নিবিদাকে বাতিল কৰিবলৈ বাধ্যত পৰে৷ এক কথাত জি এম ডি এৰ অধ্যক্ষৰ আসনৰ গৰিমাক ম্লান কৰি ক্ষমতাৰ অপপ্ৰয়োগেৰে অশোক সিংঘালে ধনৰ অপব্যৱহাৰ কৰিবলৈ গৈ মুখ থেকেচা খাব লগাত পৰিল৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰি অশোক সিংঘালে ক্ষমতাত থকাৰ অন্তিম দিনকেইটাত জি এম ডি এৰ অধ্যক্ষৰ আসনখনক হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰি লুণ্ঠনৰ ফন্দীত ব্যস্ত হৈ পৰিছে৷ ‘আমৰ অসম’ৰ হাতত পৰা তথ্য অনুসৰি, অশোক সিংঘালে কোনো বিত্তীয় পৰিকল্পনাৰ অবিহনেই বিত্ত বিভাগৰ ‘অফিচ মেম’ৰেণ্ডাম’ক অংগুষ্ঠ প্ৰদৰ্শন কৰি কেৱল কমিচনৰ অংকত চলিত বৰ্ষৰ জ্ঝ ডিচেম্বৰত বিজ্ঞাপন প্ৰকাশ কৰি ‘ফৰএভাৰ গুৱাহাটী’ নামেৰে কফি টেবুল বুক প্ৰস্তুত কৰাৰ বাবে নিবিদা আহ্বান কৰে৷ পুঁজিপতি এজন বণিয়াৰ মালিকাধীন এটা বিজ্ঞাপন এজেন্সীক এই ঠিকা আবণ্টনৰ স্বাৰ্থতে সিংঘালৰ নিৰ্দেশত নিবিদাত কেতবোৰ বিশেষ চৰ্ত আৰোপ কৰে জি এম ডি এ কতৃৰ্পক্ষই৷ স্থানীয় প্ৰিণ্টিং হাউচ, বিজ্ঞাপন এজেন্সি, ফাৰ্ম যাতে নিবিদাৰ চৰ্ত পূৰণ কৰিব নোৱাৰে, তাক নিশ্চিত কৰিবলৈ গুৱাহাটীত কাৰ্যালয় থকা আৰু কেন্দ্ৰীয় চৰকাৰৰ ডি এ ভি পি পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানেহে নিবিদাত অংশ ল’ব পৰা অদ্ভূত চৰ্ত আৰোপ কৰে৷ তদুপৰি ২৩ ডিচেম্বৰৰ নিবিদা দাখিলৰ অন্তিম দিন ধাৰ্য কৰিছিল৷ যি সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যয় সংকোচনৰ স্বাৰ্থত বিভিন্ন বিভাগক কেলেণ্ডাৰ, প্ৰচাৰ পত্ৰিকা, ডায়েৰী, শুভেচ্ছা পত্ৰ আদি ছপা কৰাত নিষেধাজ্ঞা আৰোপ কৰি কেৱল ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰৰ নিৰ্দেশনা জাৰি কৰিছে৷ ঠিক তেনে সময়ত একমাত্ৰ কমিচনৰ অংকতে কোটি টকাৰ কফি টেবুল বুক ছপাৰ ঠিকা প্ৰদান বাবে উঠি পৰি লাগিল অশোক সিংঘাল৷ লক্ষণীয়ভাৱে অশোক সিংঘালে এই নিবিদা আহ্বান বিষয়টোৰ ক্ষেত্ৰত বিত্ত বিভাগৰো প্ৰয়োজনীয় কোনো অনুমতি লোৱা নাছিল৷ শেহতীয়াকৈ বিত্ত বিভাগে এই নিবিদাত হস্তক্ষেপ কৰাত শেষ মুহূৰ্তত নিবিদা বাতিল কৰিবলৈ বাধ্য হয় অশোক সিংঘালে৷ বিগত ১৬ ডিচেম্বৰত জি এম ডি এৰ মুখ্য কাৰ্যবাহী বিষয়াই এখন জাননী যোগে কফি টেবুল বুক ছপাৰ নিবিদা বাতিল কৰি অশোক সিংঘালৰ লুণ্ঠনৰ পৰিকল্পনা ধূলিস্যাৎ কৰে৷ বিল্ডাৰ অশোক সিংঘালে কমিচনৰ অংকত বণিয়া বসন্ত ছুৰাণাৰে মিলি শিলসাঁকো বিলৰ জলাশয়ত তিনিশ ফ্লেটযুক্ত অট্টালিকা নিৰ্মাণৰ ভয়ংকৰ পৰিকল্পনাৰ তথ্য ‘আমাৰ অসমে’ ফাদিল কৰিছিল৷ কিন্তু ইয়াৰ পাছতো চৰকাৰী পক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷  জি এম ডি এক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা অশোক সিংঘালে মাহত মাত্ৰ চাৰি দিন কাৰ্যালয়লৈ আহি চৰকাৰী ধনৰ কেনেদৰে শৰাধ কৰি নিজৰ ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে তাৰ আন এক ক’লা অধ্যায় পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰা হ’ব৷