Logo
image

এই পানীয়ই হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধি কৰে

খোৱাত অনীহা, সঘনাই ভাগৰ লগা এইবোৰ আদি সমস্যাক অৱহেলা নকৰিব৷ এয়া এনিমিয়াৰ লক্ষণ হ’ব পাৰে৷ মূলতঃ তেজত হিম’গ্ল’বিনৰ মাত্ৰা কমিলে এনিমিয়া হয়৷ ইয়াৰ ফলত প্ৰাৰম্ভিক অৱস্থাত চুলি সৰিবলৈ আৰম্ভ কৰে৷ ৰক্তহীনতাই অৱসাদ বঢ়ায়৷ ফলত হৃদপিণ্ডৰ স্পন্দন বাঢ়ে৷ কিন্তু খাদ্য তালিকাত যদি এবিধ বিশেষ পানীয় ৰখা যায়, তেন্তে হিম’গ্ল’বিনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে এবিধ পানীয়–

এটা বীট, আধা কাপ পালেং শাক, আধা কাপ পানীৰ সৈতে মিক্সিত মিহলাক লওক৷ এইবাৰ মিশ্ৰণখিনি এখন পাতল কাপোৰেৰে চেকি ৰসখিনি উলিয়াই লওক৷ ইয়াৰ পাছত আপেল আৰু দুটা টিয়াই ৰখা খেজুৰ ভালদৰে মিহলি কৰি পূৰ্বে প্ৰস্তুত কৰা ৰসখিনিৰ সৈতে মিহলাওক৷ ইয়াৰ সৈতে নেমুৰ ৰস মিহলাই অন্ততঃ দহদিন নিতৌ পান কৰক৷ দেখিব তেজত হিম’গ্ল’বিনৰ মাত্ৰা বাঢ়িবলৈ ধৰিছে৷