
ঘৰত জেঠিৰ উপদ্ৰৱ বাঢ়িছে, আঁতৰ কৰাৰ উপায়
ঘৰৰ চৌদিশে থকা এবিধ সৰীসৃপ প্ৰাণী হ’ল জেঠি৷ এই প্ৰাণীবিধৰ কিছু উপকাৰী গুণ আছে যদিওই বহু অপকাৰী৷ য’তে-ত’তে কণী পাৰি, বিষ্ঠা ত্যাগ কৰি ঠাইখিনি অপৰিষ্কাৰ কৰি পেলায়৷ কেতিয়াবা খাদ্য বস্তুৰ ওপৰতো জেঠিৰ উপস্থিতিয়ে খাদ্য সামগ্ৰীখিনি খোৱাৰ অনুপযুক্ত কৰি তোলে৷ আপুনি জেঠিৰ উপদ্ৰৱৰ সমস্যাত ভুগিছে নেকি? ঘৰৰ পৰা জেঠি আঁতৰ কৰাৰ পাঁচটা বিশেষ টিপ্ছ জানো আহক৷ এই পাঁচটা উপায়েৰে আপুনি ঘৰৰ পৰা সহজে জেঠি আঁতৰ কৰিব পাৰে৷
[১] জালুকৰ গোন্ধ জেঠিয়ে একেবাৰে সহ্য কৰিব নোৱাৰে৷ জালুকৰ গুড়ি পানীৰ লগত মিলাই স্প্ৰে কৰিলে আপুনি দেখিব জেঠিৰ উপস্থিতিৰ সংখ্যা হ্ৰাস পাইছে৷
[২] জালুকৰ দৰে নহৰুৰ গোন্ধ পালে জেঠি দূৰতে বিদূৰ হয়৷ নহৰু ভালদৰে পিচি পানীৰ লগত মিলাই ঘৰৰ চাৰিওফালে জেঠি থকা স্থানত স্প্ৰে কৰক৷ দেখিব জেঠি পলাই ফাট মাৰিছে৷
[৩] জেঠিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ কপূৰ্ৰ ব্যৱহাৰ কৰিব পাৰি৷ কপূৰ্ৰৰ উগ্ৰ গোন্ধ জেঠিয়ে একেবাৰে সহ্য কৰিব নোৱাৰে৷ সেয়ে কপূৰ্ৰ ব্যৱহাৰ কৰি জেঠিৰ উপদ্ৰৱৰ পৰা সকাহ পাব পাৰি৷
[৪] কেৰাচিন হ’ল জেঠিৰ শত্ৰু৷ জেঠিৰ উপস্থিতি হ্ৰাস কৰিবলৈ কেৰাচিন ব্যৱহাৰ কৰিব পাৰি৷ ঘৰৰ বাৰান্দা, ৱাল, ছিলিং আদি স্থানবিলাক কেৰাচিন দি মচি দিলেই আপুনি কেতিয়াও জেঠি দেখা নাপায়৷
[৫] জেঠিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ ময়ূৰৰ পাখি ব্যৱহাৰ কৰা হয়৷ ময়ূৰৰ পাখি দেখিলেই জেঠি দূৰতে বিদূৰ হয়৷