প্ৰলোভনৰ ৰাজনীতি
পঞ্চতাৰকা হোটেলৰ কথা দেশৰ প্ৰায়ভাগ মানুহৰ জ্ঞাত। পুঁজিপতি, কোটিপতি লোকে দেশৰ ডাঙৰ ডাঙৰ নগৰ, মহানগৰত তেনে বিলাসী, দামী-নামী হোটেল পাতে৷ কাৰ্যতঃ সাধাৰণ অৰ্থত পুঁজিপতিৰ মহাকোষত জমা হোৱা ধন সৰ্বসাধাৰণক শোষণ, লুণ্ঠন কৰি ছলে-বলে কাঢ়ি লোৱা ধন৷ ৰাইজৰ বুজিবলৈ এতিয়া আৰু বাকী নাই যে বিজেপি দল আৰু চৰকাৰ শোষণকাৰী, লুণ্ঠনকাৰী পুঁজিপতি গোষ্ঠীৰ ‘বৰা ভাই’ৰ আসনত অধিষ্ঠিত৷ দেশৰ সংবিধান, আইন-কানুন তেওঁলোকৰ বাবে অপ্ৰাসংগিক, অপ্ৰয়োজনীয়৷ সৰ্বসাধাৰণ জনতাৰ আৰ্থ-সামাজিক অথবা পাৰিবাৰিক সমস্যাৰ কথা ভবাৰ তিলমানো দৰকাৰ অনুভৱ নকৰে বিজেপি দল আৰু চৰকাৰে৷ ৰাজ্যখনৰ আৰ্থিক ব্যৱস্থা, অৱস্থাৰ উন্নীত কৰিব পৰাৰ দিশত চকু দিবলৈ অন্তদৃৰ্ষ্টিশূন্য চৰকাৰে ৰাইজৰ পৰা যিমান পাৰে কেৱল কৰ আদায়ৰ চিন্তা-চৰ্চাত ব্যস্ত আৰু ব্যস্ত বয়বস্তুৰ মূল্য বৃদ্ধিত৷ মূল্যবৃদ্ধিৰ পৰিণতি কি? পুঁজিপতি, ধনিক শ্ৰেণী বণিয়াৰ পৰা দান-বৰঙণিৰ পৰা সংগৃহীত আৰু আদায়কৃত ধনৰ বিনিময়৷ ক’ব লাগিলে বৰ্তমানৰ চৰকাৰখন এখন মধ্যভোগী চৰকাৰ৷ পুঁজিপতি, বণিয়া গোষ্ঠীৰ পৰা ধন আদায় কৰিছে, ভোট বেংক, পঞ্চতাৰকা কাৰ্যালয় নিৰ্মাণত খৰচ কৰিছে তাৰ একোটা অংশ আৰু কিছু অংশ দল-চৰকাৰৰ উদ্যোক্তাসকলৰ পকেটত সোমাইছে৷ ব্যৱসায়ী, পুঁজিপতি, বণিয়াসকলে নিজৰ ব্যৱসায়ৰ মুনাফাৰ ধনেৰে কাকো কোটি কোটি টকাৰ অংকত দান-বৰঙণি নিদিয়ে, সেইটো নিপাতনে সিদ্ধ৷ এশ কোটি দান-বৰঙণি দিলে দুশ কোটি আদায় কৰাৰ আঁচনি-পৰিকল্পনা যুগুতাই লৈহে দান-বৰঙণিৰ চন্দুক আগুৱাই দিয়ে৷ তাৰ উপৰি বছৰৰ শেষত কোটি কোটি টকাৰ অংকত কৰ ৰেহাইৰ ধুম৷ তাতো মধ্যভোগৰ সুযোগ বহুতৰ বাবে৷ দহ কোটি টকা ৰেহাই দিলে, ৰেহাই দিওঁতাসকলৰ পকেটতো সোমায় তাৰ অন্তত দুই কোটি টকা৷ স্বচ্ছ ভাৰত, দুৰ্নীতিমুক্ত, ভ্ৰষ্টাচাৰমুক্ত ভাৰত গঢ়াৰ মিথ্যা শ্লোগানেৰে দেশবাসীক ভুৱা দিয়া চৰকাৰে এইবোৰ ঘটনা-পৰিঘটনাৰ নিৰপেক্ষ তদন্ত কৰাৰ সাহস গোটাব নোৱাৰে কোনোকালে৷ অসমৰ বিজেপি দল আৰু চৰকাৰে যোৱা মাত্ৰ তিনি-চাৰি বছৰৰ ভিতৰতে চাৰিটাকৈ ৰাজ-অট্টালিকা নিৰ্মাণ কৰিব পৰাকৈ প্ৰায় শতকোটি টকাৰ পুঁজি পালে ক’ৰপৰা? অপ্ৰিয় সত্যটো হৈছে, সেই ধন ৰাজ্যখনৰ সৰ্বসাধাৰণৰ পৰাই তেওঁলোকে আদায় কৰোৱাই লৈছে দান-বৰঙণি দিয়া পুঁজিপতি, বণিক গোষ্ঠীৰ জৰিয়তে৷ পুঁজিপতি, ধনী-মানী ব্যৱসায়ী, বণিকসকলে দান দিছে, দিছে বৰঙণি আৰু একেকোবে তেওঁলোকৰ ব্যৱসায়ীভিত্তিক সা-সামগ্ৰীৰ ওপৰত আকাশলংঘী দাম বঢ়াই ৰাইজৰ পৰাই আদায় কৰি লৈছে৷ যিমান মোটা অংকৰ দান-বৰঙণি দিছিল, তাৰ তিনি-চাৰিগুণ বেছি মুনাফা আদায় কৰি লৈছে৷ ৰাইজৰ স্বাভাৱিক জীৱনযাত্ৰা এনেদৰেই চৰকাৰখনে বিধবস্ত কৰি তুলিছে৷ মূল্যবৃদ্ধি চৰকাৰৰ সেউজ সংকেততে হয় বাবে চৰকাৰে তাৰ বিৰোধ কৰাৰ প্ৰশ্নই নুঠে৷ চৰকাৰে সেয়ে ৰাইজক সতৰ্ক কৰি দিছে– ‘মূল্যবৃদ্ধিৰ বিৰুদ্ধে কোনোৱে মাত মাতিব নালাগে৷’ সাধাৰণ ৰাইজ হাহাকাৰ, জুৰুলা হৈ পৰিছে আৰ্থিক অনাটনত৷ প্ৰশ্ন হৈছে– ‘এইখন ৰাইজৰ চৰকাৰ নে মধ্যভোগী ব্যৱসায়িক কোম্পানীৰ চৰকাৰ? অভিযোগ উঠিছে ৩৫ কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰাজ-অট্টালিকাসদৃশ বিজেপি কাৰ্যালয়টো অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মাটিত স্থাপন কৰা হৈছে৷ চৰকাৰৰ মাটিত ৰাজনৈতিক দল এটাৰ কাৰ্যালয় পতাৰ কতৃৰ্ত্ব কেনেকৈ পাব পাৰে? এনে কাৰ্য বে-আইনী আৰু অনধিকাৰ প্ৰৱেশ, যিটো অপৰাধ বুলি আইনে গণ্য কৰে৷ আন কোনোবাই চৰকাৰী ভূমি দখল কৰিলে শত শত পুলিচ, সশস্ত্ৰ বাহিনী লগাই উচ্ছেদ কৰে চৰকাৰে৷ কোনোবা ৰাজনৈতিক দল বা সংগঠনে চৰকাৰী মাটি দখল কৰিলে অনুৰূপ পদক্ষেপ লোৱাটো চৰকাৰৰ দায়িত্ব৷ অভিযোগটো সত্য নে অসত্য বিজেপি দল আৰু চৰকাৰে স্পষ্ট কৰি ৰাইজৰ মাজত সৃষ্টি হোৱা বিতৰ্কৰ অন্ত পেলোৱাটো অপৰিহাৰ্য৷ লগতে বিজেপি আৰু বিজেপি নেতৃত্বাধীন ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দলৰ বাবে নিৰ্মাণ কৰা চাৰিটাকৈ প্ৰাসাদোপম কাৰ্যালয় নিৰ্মাণৰ বাবে লাভ কৰা বা সংগ্ৰহ কৰা পুঁজিৰ উৎস সম্পৰ্কে ৰাজহুৱা কৰি দল আৰু চৰকাৰৰ ভ্ৰষ্টাচাৰশূন্যতা প্ৰতিষ্ঠিত কৰাটো বাঞ্ছনীয় বুলি সচেতন মহলে অভিমত ব্যক্ত কৰিছে৷






