Logo
image

দীপাৱলী আৰু প্ৰদূষণ

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজতে কেইটামান দিনবাকী থকা অৱস্থাত এই উৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কেতবোৰ নেতিবাচক দিশক লৈ সৰ্বসাধাৰণ সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে৷ দীপাৱলীৰ সময়ত আতচবাজী জ্বলোৱাৰ নামত প্ৰতিবছৰে বহু ধন খৰচ কৰা হয়৷ উৎসৱ উদ্‌যাপনৰ নামত ধন ব্যয় কৰাটো এটা আৱেগজড়িত বিষয় যদিও পোহৰৰ উৎসৱত আতচবাজী জ্বলোৱাৰ যি প্ৰতিযোগিতা চলোৱা হয়, তাৰ দ্বাৰা পৰিৱেশতন্ত্ৰত নেতিবাচক প্ৰভাৱ পৰে৷ আতচবাজীৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষিত কৰি তোলে৷  অপশক্তিৰ বিৰুদ্ধে সততাৰ জয়ৰ আনন্দ প্ৰকাশৰ বাবে উদ্‌যাপন কৰা হয় পোহৰৰ উৎসৱ৷ কিন্তু দীপাৱালীত জ্বলোৱা আতচবাজীয়ে পৰিৱেশ-বায়ুমণ্ডল প্ৰদূষিত কৰাৰ লগতে মানৱ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰো সৃষ্টি কৰে৷ আতচবাজী জ্বলোৱাৰ পাছত যি ধোঁৱাৰ সৃষ্টি হয়, সেই ধোঁৱাই বায়ুমণ্ডলত ছালফাৰ-ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে আৰু সেই বায়ু সেৱনৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে আন বিভিন্ন উপসৰ্গই দেখা দিয়ে৷ কেৱল ছালফাৰ-ডাই অক্সাইডেই নহয়, আতচবাজী জ্বলোৱাৰ ফলত আন এবিধ ক্ষতিকাৰক দ্ৰব্য কেডমিয়ামো বায়ুমণ্ডলত মিহলি হয়৷ দেৱালীৰ সময়ত বজাৰত এনে কেতবোৰ আতচবাজী বিক্ৰী কৰা হয়, যিবোৰে বায়ু প্ৰদূষণৰ লগতে শব্দ প্ৰদূষণতো অৰিহণা যোগায়৷ কৰ্তৃপক্ষই এনেধৰণৰ আতচবাজী বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিও সফল হ’ব পৰা নাই৷ বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰৰ তালিকাৰ আগস্থানত আছে ভাৰতৰ ৰাজধানী চহৰ দিল্লীৰ লগতে কলকাতা৷ বিগত কেইবছৰমানত অক্টোবৰ-নৱেম্বৰৰ পৰা দিল্লীত যি ভয়াৱহ বায়ু প্ৰদূষণ দেখা গৈছিল, তালৈ চাই কতৃৰ্পক্ষই দীপাৱলীৰ সময়ত দিল্লীত আতচবাজী বিক্ৰী নিষিদ্ধ কৰাৰো সিদ্ধান্ত ল’বলগীয়া হৈছিল৷ এইবাৰো ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত অনুৰূপ ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে৷

পৰিৱেশ প্ৰদূষণ সমগ্ৰ বিশ্বৰ বাবেই এটা ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে৷ প্ৰদূষণজনিত কাৰণত মৃত্যুৰ হাৰো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ‘লেনচেট’ নামৰ চিকিৎসা পত্ৰিকাখনৰ এটা প্ৰতিবেদন ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে৷ প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে প্ৰদূষণজনিত কাৰণত ভাৰততে সবাতোকৈ অধিক লোকৰ মৃত্যু হয়৷ ২০১৫ চনত ভাৰতত প্ৰায় ২৫ লাখ লোকৰ মৃত্যু হয় প্ৰদূষণজনিত কাৰণত৷ ভাৰতৰ পাছতে আহে চীনৰ নাম৷ দিল্লীৰ লগতে দেশৰ আন ঠাইত বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে চৰকাৰৰ লগতে বেচৰকাৰী সংগঠনবোৰে বিভিন্ন প্ৰচাৰ অভিযান চলালেও সমস্যাটোৱে অধিক গুৰুতৰ ৰূপ লোৱাটোহে পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা এটা তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীতো বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ গুৱাহাটীত যিধৰণে বায়ু প্ৰদূষিত হ’বলৈ ধৰিছে, এনে গতিত গৈ থাকিলে চহৰখনৰ সমস্যা এদিন দিল্লীৰ দৰে হ’বগৈ৷ উচ্ছ মাত্ৰাৰ বায়ু প্ৰদূষণে দক্ষিণ এছিয়াৰ দেশবোৰৰ শিশুৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিছে৷ ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশবোৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বায়ু প্ৰদূষণৰ ফলত  হাপানী, ক্ৰনিক ব্ৰংকাইটিছ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১৬ চনত ভাৰতত প্ৰায় এক লাখ পাঁচ বছৰৰ অনূধবৰ্ শিশুৰ মৃত্যু হৈছিল বায়ু প্ৰদূষণৰ বাবে৷ আনহাতে, বায়ু প্ৰদূষণৰ ফলত ষ্ট্ৰ’ক, মধুমেহ, হঁাওফাঁওৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি মত প্ৰকাশ কৰিছে চিকিৎসকসকলে৷ এই সমস্যাৰ যদি সমাধান উলিয়াব পৰা নায়ায, তেন্তে ভৱিষ্যতলৈ  পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা আছে৷

ভাৰতত পোহৰৰ উৎসৱ দীপাৱলীত আতচবাজী জ্বলোৱাটো এটা পৰম্পৰাত পৰিণত হৈছে৷ কিন্তু আতচবাজীয়ে পৰিৱেশ-তন্ত্ৰত ক্ষতি কৰাৰ বিষয়ে জ্ঞাত হ’লেও উৎসৱৰ সময়ত আতচবাজী জ্বলোৱাৰ নামত চলোৱা হয় এক অঘোষিত প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাই মানুহৰ লগতে আন জীৱকুলৰ স্বাস্থ্যত প্ৰভাৱ পেলায়৷ দীপাৱলীত আতচবাজী জ্বলোৱাটোৰ সৈতে যদি ধৰ্মীয় আৱেগ জড়িত থকা বুলি কোৱা হয়, তেন্তে পৰিৱেশ অনুকূল আতচবাজী প্ৰস্তুত কৰিব পৰা যায়৷ জীৱজগতৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি নকৰা এনেধৰণৰ আতচবাজী ব্যৱহাৰত নি(য় আপত্তিৰ কাৰণ নাথাকিব৷ এইক্ষেত্ৰত চৰকাৰৰো বহুখিনি কৰণীয় থাকে৷ দীপাৱলীৰ সময়ত আতচবাজী বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰৰ কেতবোৰ কঠোৰ নিৰ্দেশাৱলী থকা উচিত৷ দীপাৱলীৰ সময়ত প্ৰদূষণ সৃষ্টিকাৰী আতচবাজীৰ ব্যৱহাৰ আৰু বিক্ৰী নিষিদ্ধ কৰি  পৰিৱেশ অনুকূল আতচবাজীৰ ব্যৱহাৰত উৎসাহ যোগালে এইক্ষেত্ৰত কিছু হ’লেও সমস্যা হ্ৰাস কৰিব পৰা যাব৷ প্ৰদূষণকেন্দ্ৰিক এই সমস্যা সমাধানত আগভাগ ল’ব লাগিব চৰকাৰেই৷