প্ৰসংগঃ হিন্দী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দেশত এক ধৰ্ম, এক ভাষা প্ৰৱৰ্তনৰ বাবে গ্ৰহণ কৰি অহা প্ৰচেষ্টা সকলোৰে বিদিত৷ ভাৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ উপৰি বিভিন্ন ভাষা-ভাষীৰ বাসভূমি৷ ভাষা, ধৰ্মৰ ভিন্নতা থকা সত্ত্বেও বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰতৰ মূল বৈশিষ্ট্য৷ কিন্তু ২০১৪ চনত কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা শাসকীয় দলটোৱে হিন্দু ধৰ্ম আৰু হিন্দী ভাষাৰ প্ৰসাৰত গুৰুত্ব দি আহিছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত চৰকাৰী ভাষা সংসদীয় কমিটীয়ে দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা একাদশসংখ্যক প্ৰতিবেদনত উচ্ছ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ মাধ্যম হিন্দী কৰাৰ উপৰি আঞ্চলিক ভাষা কৰাৰ পোষকতা কৰিছে৷ তদুপৰি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকতত ইংৰাজীৰ পৰিৱৰ্তে হিন্দী ভাষা ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ উপৰি হিন্দীবলয়ৰ ৰাজ্যকেইখনত চৰকাৰী কৰ্মচাৰীয়ে হিন্দী ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ পোষকতা কৰিছে সংসদীয় কমিটীখনে৷ আনকি কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, মন্ত্ৰণালয় বা বিভাগসমূহৰ যোগাযোগৰ ক্ষেত্ৰত হিন্দী ভাষা বা স্থানীয় ভাষাহে ব্যৱহাৰ কৰাৰ সপক্ষে গুৰুত্ব দিছে৷ সংসদীয় কমিটীৰ পৰামৰ্শ অনুসৰি হিন্দীবলয়ৰ ৰাজ্যসমূহৰ বাদে আন ৰাজ্যত শিক্ষাৰ মাধ্যম আঞ্চলিক ভাষা কৰাৰ পৰামৰ্শ দিছে যদিও এই পৰামৰ্শ যে কাৰ্যকৰী হ’ব, সেই আশা নাই৷ কিয়নো সৰ্বভাৰতীয় নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত হিন্দীত বাধ্যতামূলক হ’লে শিক্ষাৰ্থীয়ে নি(য় হিন্দী শিকিবই লাগিব৷ হিন্দী ভাষাক এনেদৰেই কেন্দ্ৰীয় চৰকাৰে সকলোৰে ওপৰত জাপি দিব বিচাৰিছে৷ তদুপৰি উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টি, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিন্দী কৰাৰ পৰামৰ্শ দিছে যদিও হিন্দীবলয়ৰ ৰাজ্যকেইখনৰ বাদে আন ৰাজ্যত থকা এনে শিক্ষানুষ্ঠানৰ শিক্ষাৰ মাধ্যম আঞ্চলিক ভাষা কৰাতো গুৰুত্ব আৰোপ কৰিছে৷ প্ৰশ্ন হয়, অসমত স্থাপিত আই আই টি, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া ভাষাত অধ্যয়ন কৰিবলৈ শিক্ষাৰ্থী আগ্ৰহী হ’বনে? তদুপৰি আই আই টি, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আদিত অসমীয়া মাধ্যমত শিক্ষা সম্পূৰ্ণ কৰা শিক্ষাৰ্থীয়ে ভৱিষ্যতে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অসুবিধাৰ সন্মুখীন নহ’বনে? আনহাতে, আঞ্চলিক ভাষাত উচ্ছ শিক্ষা লোৱা বা হিন্দীত উচ্ছ শিক্ষা লোৱা শিক্ষাৰ্থীয়ে ভৱিষ্যতে দেশৰ বাহিৰত সংস্থাপন লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহ’বনে? অৱশ্যে, কাৰিকৰী ক্ষেত্ৰখনত দক্ষতাই সেই সমস্যা দূৰ কৰিব, কিন্তু আন বিভাগত সমস্যাৰ সন্মুখীন হোৱাৰ আশংকাই অধিক৷
ইফালে, কিছুদিন পূৰ্বে অসমত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ইংৰাজী ভাষাৰ বিশ্বজনীন প্ৰভাৱৰ কথা অনুধাৱন কৰি তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অসম চৰকাৰে আগন্তুক শিক্ষাবৰ্ষৰ পৰাই তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী ভাষাত পঢ়োৱাৰ বাবে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ সৰ্বত্ৰ প্ৰতিবাদ হোৱাৰ পাছতো নিজৰ স্থিতিত অটুট থকা চৰকাৰখনে কেন্দ্ৰীয় সংসদীয় কমিটীয়ে আগবঢ়োৱা পৰামৰ্শৱলী কাৰ্যকৰী হ’লে কি ব্যৱস্থা গ্ৰহণ কৰিব? কেন্দ্ৰীয় নেতৃত্বৰ কথা বিনা প্ৰতিবাদে গ্ৰহণ কৰা ‘হয় হুজুৰ’ অসম চৰকাৰে নি(য় কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ আখৰে আখৰে পালন কৰিব৷ তেতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী ভাষাতে পঢ়ুওৱাৰ ব্যৱস্থা কৰিব নে আঞ্চলিক ভাষাত পঢ়ুৱাব? নে অসমত শিক্ষাৰ মাধ্যম কেন্দ্ৰীয় নেতৃত্বক সন্তুষ্ট কৰিবলৈ হিন্দীহে কৰিব? যিহেতু মন্ত্ৰী-বিধায়কৰ সন্তানে চৰকাৰী শিক্ষানুষ্ঠানত নপঢ়ে, সেয়ে তেওঁলোকৰ বাবে কোনে কি পৰীক্ষা-নিৰীক্ষা কৰে, তাৰ প্ৰতি গুৰুত্ব নাই; সেইসকলক লাগে মাথোঁ ক্ষমতা৷
চৰকাৰে হিন্দীৰ লগতে সংবিধান স্বীকৃত প্ৰতিটো ভাষাৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিলেহে দেশত অনৈক্যৰ মাজতো ঐক্য বিৰাজমান হ’ব৷






