Logo
image

ক্ষুধাতুৰ ভাৰত

যিসময়ত ভাৰতৰ অৰ্থনীতি বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰূপে পৰিগণিত হৈছে, তেনে সময়তে ভাৰত বিশ্বৰ ক্ষুধাতুৰ দেশৰ ভিতৰত অন্যতমৰূপে বিবেচিত হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ভাৰতৰ এমুঠিমান লোকৰ সম্পদ দ্ৰুতহাৰত বৃদ্ধি পাইছে যদিও বুজনসংখ্যক লোকৰ দুবেলা-দুমুঠি যোগাৰ কৰাই সমস্যা হৈছে৷ জলবায়ু পৰিৱৰ্তন, কৰ’না কালৰ বিপৰ্যয় আৰু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বুজনসংখ্যক লোকৰ আৰ্থিক নিৰাপত্তা নোহোৱা কৰিছে৷ অৱশ্যে, এনে জটিল সময়তো ভাৰতত চৰকাৰৰ আশিসধন্য কিছুসংখ্যক লোকৰ সম্পদৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ ফলত দেশৰ মুঠ সম্পদৰ ২২ শতাংশৰ অধিক সম্পদ দেশৰ মাত্ৰ ৰ শতাংশ লোকে কুক্ষিগত কৰিছে৷ তদুপৰি দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ১০ শতাংশ লোকে দেশৰ মুঠ সম্পদৰ ৫৭ শতাংশৰ অধিকৰ গৰাকী হৈছে৷ বিশ্ব অসমতা প্ৰতিবেদনৰ তথ্য অনুসৰি ভাৰতত ১০ শতাংশ লোকৰ বছৰি গড়ে উপাৰ্জন ১১,৬৫,৫২০ টকা হোৱাৰ বিপৰীতে দেশৰ ৫০ শতাংশ দুখীয়া লোকৰ বাৰ্ষিক আয় গড়ে মাথোঁ ৫৩,৬১০ টকা৷ অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশ লোকৰ দৈনিক উপাৰ্জন ১৫০ টকাও নহয়৷ আজিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ দিনত ১৫০ টকা আয়েৰে কোনো লোকে জীৱন-যাপন কৰিব পাৰেনে? ফলত পৰিয়ালৰ লোক পুষ্টিহীনতাত পৰাৰ উপৰি খাদ্যৰ অভাৱত অকাল মৃত্যুও হৈছে৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা প্ৰতিখন চৰকাৰে আৰ্থিক অসমতা দূৰ কৰি দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস কৰাৰ চেষ্টা কৰি আহিছে যদিও প্ৰতিখন চৰকাৰৰ এনে আঁচনিয়ে এমুঠিমান মধ্যভোগী লোককহে উপকৃত কৰি আহিছে৷ ফলত গৰীব কল্যাণ, ‘গৰিবী হটাও’ কেৱল শ্লোগানতে সীমাবদ্ধ হৈ ৰৈছে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা বিশ্ব ক্ষুধা সূচকাংক-২০২২ৰ তথ্যই ভাৰতৰ প্ৰকৃত ছবিখন বিশ্ববাসীৰ আগত উন্মোচিত কৰিছে৷ বিশ্ব ক্ষুধা সূচকাংকৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ ১২১খন দেশৰ ভিতৰত ভাৰতে ১০৭সংখ্যক স্থান দখল কৰি বিশ্বৰ ক্ষুধাতুৰ লোকৰ আৱাসভূমি বুলি প্ৰমাণ কৰিছে৷ প্ৰতি বছৰে বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান অৱনমিত হৈছে৷ ২০২০ চনত এই স্থান ৯৪সংখ্যক থকাৰ বিপৰীতে ২০২১ চনত আছিল ১০১ সংখ্যক৷ কিন্তু এইবাৰৰ প্ৰতিবেদনত এই সংখ্যা পিছলি গৈ ১০৭ সংখ্যক হোৱা কথাই প্ৰমাণ কৰিছে যে নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দৰিদ্ৰৰ আৰ্থিক উন্নয়ন অসম্ভৱ৷ ইয়াৰ বিপৰীতে পুঁজিপতিৰ উন্নয়নহে হৈছে এই চৰকাৰৰ দিনত৷ উল্লেখ্য, পাঁচ বছৰৰ তলৰ শিশুৰ পুষ্টিহীনতা, নিশকতীয়া, বয়স অনুপাতে বৃদ্ধি নোহোৱা আৰু শিশুৰ মৃত্যুৰ হাৰৰ ওপৰত ভিত্তি কৰি বিশ্ব ক্ষুধা সূচাংক নিৰ্ধাৰণ কৰা হয়৷ পুষ্টিহীনতাৰ বাবে নিশকটীয়া শিশুৰ হাৰৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে শীৰ্ষস্থানত আছে৷ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ এই হাৰ ১৯.৩ শতাংশ৷ পুষ্টিহীনতাৰ বাবে নিশকটীয়া হোৱা শিশুৰ মৃত্যুৰ আশংকা অধিক৷ নতুন প্ৰজন্মৰ সংখ্যাক লৈ গৰ্ব কৰি মোদীয়ে প্ৰায়েই কয় যে এটা সময়ত ভাৰতৰ যুৱশক্তি পৃথিৱীৰ প্ৰায়বোৰ দেশৰ কৰ্মশক্তি ৰূপে পৰিগণিত হ’ব৷ কিন্তু যিখন দেশত পুষ্টিহীন, নিশকটীয়া লোক ভৰি থাকিব, সেইখন দেশৰ লোকে নিজৰে প্ৰয়োজনীয় কামখিনি কৰিব পাৰিবনে? কণচাৰ্ণ ৱল্ডৰ্ৱাইড আৰু ৱেল্‌থ হাংগাৰ লাইফ নামৰ সংস্থাই প্ৰকাশ কৰা শেহতীয়া বিশ্ব ক্ষুধা সূচাংকৰ প্ৰতিবেদন বাস্তৱসন্মত নহয় বুলি ভাৰত চৰকাৰে প্ৰকাশ কৰিছে যদিও প্ৰকৃত ছবিখন ব্যতিক্ৰম নহয়৷ চৰকাৰে জনসাধাৰণৰ আৰ্থিক সমতাৰ প্ৰতি গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিলেহে ভাৰতৰ দুখীয়া লোকৰ উন্নয়ন সম্ভৱ হ’ব৷